সেই পুৰণি হস্পিতাল বেডখনৰ কাষতে থকা হুইলচেয়াৰখন তেওঁ নিজৰ ফালে টানি ল’লে। সেইখন বেড যিখন আজিকালি তেওঁৰ একমাত্ৰ সংগী হৈ পৰিছে। চালিখনৰ কাঠৰ চ'তিৰ পৰা ওলমি থকা পুৰণি কাপোৰেৰে বনোৱা ৰছীৰ গাঁঠিটোত বাওঁহাতখনেৰে ধৰি তেওঁ উঠিবলৈ যত্ন কৰিছে। গাটো তেওঁ চোঁচৰাই বিচনাৰ পৰা হুইল চেয়াৰখনলৈ নিছে। প্ৰথমে তেওঁ গাটো নিছে, তাৰপিচত এখন এখনকৈ ভৰি চেয়াৰখনত নিছে। যি নৈপুণ্যৰে তেওঁ কামটো কৰিছে, দেখি বুজিব পাৰি যে তেওঁ এতিয়ালৈ হাজাৰবাৰ এই কাম কৰিছে। একেই নৈপুণ্যতাৰে তেওঁ বিলগিৰি ৰংগন পৰ্বতমালাৰ হাবিৰ ওখ ওখ গছ বগাইছিল, কিন্তু...


Chamarajanagar, Karnataka
|THU, MAR 19, 2026
বিলগিৰি ৰংগনৰ হাবিত ডেউকা ভগা পখীৰ গীত
চলিগা আদিবাসী সম্প্ৰদায়ৰ ডেকাল’ৰা এজনে কৰ্ণাটকৰ হাবিৰ আকাশ চুব খোজা সুউচ্চ গছৰ পৰা মৌচাক পাৰিছিল, কিন্তু এটা ভয়াৱহ দিনে তেওঁৰ জীৱন সলনি কৰি দিলে, তেওঁ এতিয়া বিচাৰি ফুৰিছে জীয়াই থকাৰ সেই স্বাভাৱিক ছন্দ
Author
Editor
Photo Editor
Translator

M. Palani Kumar
“সন্ধিয়া ছয়মান বাজিছিল। বৰষুণ দি আছিল। গছবোৰ পিছল হৈ আছিল। তাৰা মাৰা (অসমীয়াত ভোমোৰা গছ) [Terminalia bellirica] গছৰ ওপৰত ডাঙৰ এখন মৌচাক আছিল। বাহখন পাৰিবলৈ মই তাৰ কাষতে থকা হোন্নে মাৰা [Pterocarpus marsupium] গছডাল বগাও। এইবোৰ ডাঙৰ গছ। আৰু বৰ ওখ।” অৰ্জুনে যিকেইডাল গছৰ কথা কৈ আছে, সেইবোৰ ১৩০ ফুট পৰ্য্যন্ত ওখ হ’ব পাৰে।
“মই হাতত সেই ধোঁৱাই থকা জোঁৰডাল ল’লো, কিন্তু মৌমাখিয়ে মোক কামুৰিছিল। সেয়ে মই সোনকালে তললৈ নামি আহিব বিচাৰিছিলো। হঠাতে মোৰ ভৰি পিচলিল আৰু ২৫ ফুট ওপৰৰ পৰা মই পিঠি পাৰি পৰি গ’লো।” তেওঁ ২০২৪ৰ সেই ভয়াৱহ আবেলিটোৰ কথা মনত পেলাইছে, যিদিনা শেষবাৰৰ বাবে তেওঁ নিজৰ ভৰিত থিয় দিব পাৰিছিল।
অৰুণে তেওঁৰ সেই ঠেক ৮ ফুট বহল ১০ ফুট দীঘল টিনৰ চালি দিয়া কোঠাটোৰ ভিতৰত পুৰণি চেয়াৰখনেৰে আগুৱাই আহি দৰ্জাখন খোলে। আন্ধাৰ যদিও সামান্য পোহৰ সেই দৰ্জাখনেৰে সোমাইছে। ইটা আৰু মাটিৰে বনোৱা ঘৰটোৰ এটা চুকত কোঠাটো প্ৰায় লুকাই থকাৰ দৰেই আছে। আনফালে এঠাইত আছে পাৰৰ বাহ, সেয়া তেওঁৰ দেউতাকে চায়।

Pratishtha Pandya

M. Palani Kumar
চেয়াৰখন নিজৰ কোঠাৰ পিছফালে অলপ মুকলি ঠাইৰ ফালে ঘূৰাই ২৪ বছৰীয়া যুৱকজনে কয়, “সহায় কৰিবলৈ কোনো নাথাকে। পুৱা মই নিজেই কোনোমতে কোঠাৰ পৰা ওলাই ৰ’দৰ উম লও।” ঠাইখিনি অ’ক গছে আগুৰি আছে, তাৰ মাজেৰে পোহৰ সৰকি আহিছে।
সাধাৰণতে বছৰৰ এই সময়লৈকে অৰুণে পৰিয়ালটোক এই গছৰ ওপৰৰ ডালবোৰ কাটিবলৈ সহায় কৰিলেহেঁতেন যাতে কফি গছবোৰত সঠিক পৰিমাণৰ ৰ’দ পৰে। এই বছৰ তেওঁলোক হাজিৰা লগাব লাগিলহেঁতেন। কিন্তু পইচা বহুত খৰচ হয়। সেয়ে গছৰ ঠানিবোৰ নকটাকৈয়ে থাকি গ’ল।
অৰুণে শীতৰ সুৰুযটোৰ পোহৰ গাত ভালকৈ পৰিবলৈ দি আগুৱাই আহিছে।
“মই আগতে এইটো ঋতুত কিবা এটা উপাৰ্জন হওক বুলি মৌ সংগ্ৰহৰ কাম কৰিছিলো। এপ্ৰিলৰ পৰা জুনৰ ভিতৰত মাত্ৰ পাঁচৰ পৰা ছয় সপ্তাহহে এই কাম কৰিব পাৰি। গৰমৰ দিনত বাহিৰত কামো পোৱা নাযায়। ঘৰতো পইচাৰ সমস্যা আছিল। সেয়ে আমি চাৰি-পাঁচজন বন্ধুৱে এটা দল বান্ধি অলপ উপাৰ্জনৰ বাবে এই কামটো কৰিবলৈ ল’লো।” সেইখিনি টকাৰে ঘৰখন চলাত সামান্য হ’লেও সহায় হৈছিল।

Courtesy: Arun
“মই লগৰ লগত আড্ডা মাৰি ভাল পাইছিলোঁ যদিও শ্ৰেণীকোঠাত চলি থকা কথাবোৰ বেছি অনুসৰণ কৰা নাছিলোঁ। ৭ম মানতে পঢ়া এৰি আন ল'ৰাবোৰক চাই গছ বগাই মৌচাক পাৰিবলৈ শিকিলোঁ। আৰম্ভণিতে ভয় লাগিছিল যদিও পিছলৈ মই অভ্যস্ত হৈ পৰিলো। মানুহে সাধাৰণতে জেনু কুয়ো হাডু (মৌ সংগ্ৰহৰ গীত) গাই গছৰ ওচৰলৈ যায়। মই কিন্তু সেই গীত কেতিয়াও গাব নিশিকিলো।” চলিগাসকল মৌ সংগ্ৰহৰ কামত পৰম্পৰাগতভাৱেই পাকৈত। কিন্তু অৰুণৰ পিতৃ এম. চান্নাৰাংগে গৌড়া (৫৩) বেছিদিনৰ বাবে এই কাম কৰা নাছিল।
গৌড়া চামৰাজনগৰ জিলাৰ এগৰাকী খেতিয়ক আৰু সামূহিক কৰ্মী। ১৯৭০ চনত চৰকাৰে চলিগা আদিবাসীসকলক বনাঞ্চলৰ ভিতৰত পডুচ (সৰু সৰু বসতিস্থল)ত বসবাস কৰি ঝুম খেতি এৰিবলৈ কয়। তেওঁৰ পৰিয়ালে ১৯৭৪ চনৰ পৰা য়েলাণ্ডুৰ তালুকৰ মুট্টুগাড়গাড্ডু পডুত তেওঁলোকক চৰকাৰে দিয়া দুবিঘা মাটিত খেতি কৰি আহিছে।

Courtesy: Arun
“আমি আগতে আভাৰেকাই (হাইচিন্থ বিন), জোলা (গ্ৰেট মিলেট), টোগাৰি (বুটমাহ), ৰাগি খেতি কৰিছিলো। কিন্তু হাতী আৰু গাহৰিয়ে খেতি প্ৰায়ে নষ্ট কৰিছিল। সেয়ে নব্বৈৰ দশকত আমি সেইবোৰ এৰি কফি খেতিলৈ কৰিবলৈ লও,” গৌড়াই কয়।
স্কুল এৰাৰ পাছত অৰুণে দেউতাকক পথাৰৰ কামত সহায় কৰিছিল। কঠিয়া পেলোৱা, কঠিয়াৰ আগ কটা, আলিকাষবোৰ চাফা কৰা, বন নিৰোৱা, জামু ছিঙা। আন সৰু-সুৰা কাম কৰিও উপাৰ্জনৰ চেষ্টা কৰিছিল। “যি কাম সন্মুখত পৰিছিল, তাকেই কৰিছিলো। গছ কটা, কাঠ ফলা, মৌ সংগ্ৰহ কৰা, পাচি (লাইকেন) সংগ্ৰহ কৰা আদি সকলো কাম কৰিছিলো। কেতিয়াবা এদিনত এহেজাৰ টকা পৰ্য্যন্ত পাইছিলো। কিন্তু নিয়মীয়া উপাৰ্জন নাছিল।”
“চলিগা যুৱকে বাহিৰত কাম নিবিচাৰে। তেওঁলোকৰ জীৱিকাৰ আন একো কৌশল নাই। শিক্ষাও নাই যে কাম পাব,” জনগোষ্ঠীটোৰ প্ৰথমগৰাকী পিএইচডি ডিগ্ৰীধাৰী গৱেষক তথা সমাজকৰ্মী ড. চি. মাদেগৌড়াই কয়।
১৮ বছৰ বয়সৰ পৰাই অৰুণে কামৰ বাবে প্ৰব্ৰজন কৰিবলৈ ধৰে। প্ৰথমে নিৰ্মাণ শ্ৰমিক হিচাপে বেংগালুৰুলৈ আৰু পিছলৈ কৰ্ণাটক আৰু কেৰালাৰ কফি আৰু জলকীয়া বাগানত গৈ কাম কৰিবলৈ লয়। সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহত শস্য চপোৱাৰ পিছত তেওঁ ঘৰলৈ উভতি আহিছিল।
সেইখিনি সময়তে আকৌ তেওঁলোকৰ গাঁৱত মৌ সংগ্ৰহৰ সময় আৰম্ভ হয়।

M. Palani Kumar

M. Palani Kumar
অৰুণে কয়, “প্ৰতিটো ভ্ৰমণতে মৌচাক পোৱা নাযায়। ঋতুৰ প্ৰতিটো দিনেই হাবিলৈ যোৱা নহয়। মাহত মাত্ৰ চাৰি-পাঁচবাৰহে যোৱা হয়। আমি পুৱা ১৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জেনু গুডু (মৌচাক) পাও নেকি চাবলৈ যাও আৰু সন্ধিয়া উভতি আহি মৌ সংগ্ৰহ কৰিছিলো। কিন্তু প্ৰায়ে আমি হাবিৰ বহু ভিতৰলৈ গৈছিলো। লগত দুই-তিনিদিনৰ বাবে খাদ্য লৈ গৈছিলো।”
তেওঁলোকৰ উপাৰ্জন নিৰ্ভৰ কৰিছিল তেওঁলোকে পোৱা মৌচাকৰ সংখ্যা আৰু আকাৰৰ ওপৰত। এটা ভ্ৰমণতে ৬০-৭০ কিলোগ্ৰাম পৰ্যন্ত মৌ সংগ্ৰহ কৰিব পাৰিছিল। ঘৰলৈ আহি তেওঁলোকে পৰিষ্কাৰ কাপোৰৰ মাজেৰে ছেকি সেই মৌ কেনত থৈছিল। সেই মৌ তেওঁলোকে কিলোত ২০০ৰ পৰা ৩০০ টকা দৰত বেপাৰীক দিছিল আৰু টকাখিনি সমানে ভাগ কৰি লৈছিল।
“মোৰ তিনি বন্ধু মোৰ লগত আছিল,” অৰুণে সেই দিনটোৰ কথা মনত পেলায়। “পৰি যোৱাৰ পিছত মই উঠিবলৈ চেষ্টা কৰিছিলো, কিন্তু মই পিঠি পাৰি পৰিছিলো আৰু প্ৰচণ্ড বিষ উঠিছিল। হাড়বোৰ ভাঙি গৈছিল আৰু মই লৰচৰ কৰিব পৰা নাছিলো। ইতিমধ্যে ৰাতি হৈছিল, সেয়ে সিহঁতে ৰাতিটো কটাইছিল। জুই একুৰা জ্বলাই বনৰীয়া জীৱ-জন্তুবোৰক আঁতৰাই ৰাখিছিল। পুৱা গাঁৱৰ মানুহ উপস্থিত হৈছিল। তাৰ পিছত এখন এম্বুলেন্সেৰে মোক চিকিৎসালয়লৈ লৈ গৈছিল।” ওচৰৰ বিবেকানন্দ জনজাতীয় স্বাস্থ্য কেন্দ্ৰ (ভিটিএইচচি)ৰ কথা উল্লেখ কৰি তেওঁ কয়।

M. Palani Kumar
“তেতিয়াৰে পৰা হস্পিতাললৈ গৈ থকাৰ বহুবছৰ হ’ল,” তেওঁৰ দেউতাকে কয়। ভিটিএইচচি-ৰ ডাক্তৰে দেখিলে যে অৰুণৰ কঁকালৰ পৰা তলৰ অংশৰ বল নোহোৱা হৈ গৈছে। তেওঁৰ মেৰুৰজ্জু গুৰুতৰভাবে ক্ষতিগ্ৰস্ত হৈছে। “তেওঁলোকে আমাক চামাৰাজনগৰ ইনষ্টিউট অৱ মেডিকেল চায়েন্স চমুকৈ চিআইমএছ-লৈ লৈ গ’ল। তাত ডাক্তৰে ক’লে যে তেওঁৰ হাড়বোৰ হেঁচা খাই আছে আৰু অস্ত্ৰোপচাৰ কৰিব লাগিব। আৰু স্নায়ু এডাল ছিগি গৈছে। হস্পিতালে ৰিপ’ৰ্টবোৰ ৰাখিলে। আমাক দৰৱ আৰু বেজী দিলে,” এম. চান্নাৰাংগে গৌড়াই কয়।
চিআইএমএছ-ত ভগা স্পাইনেল কেনেল ঠিক কৰি ভবিষ্যতে যাতে স্নায়ুৰ ক্ষতি নহয়, তাৰবাবে অস্ত্ৰোপচাৰ কৰাৰ পিছত অৰুণ বিটিএইচচি-লৈ ঘূৰি আহে। তাত কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে তেওঁৰ পত্নীকে ধৰি পৰিয়ালৰ মূল যত্ন লওতাসকলক প্ৰশিক্ষণ দিয়ে।

M. Palani Kumar

M. Palani Kumar
সিহঁত দুটা বিয়া হোৱাৰ মাত্ৰ ছমাহহে হৈছিল, সেই ভয়াৱহ ঘটনাটো ঘটিল। “তেওঁৰ পত্নীয়ে তেওঁৰ সম্পূৰ্ণ চোৱাচিতা কৰিবলৈ লৈছিল, কিন্তু...” অৰুণৰ মাক মাচানাম্মাই (৪৫) কথাখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলে। “আমি গোটেই দিনটো হাবিতে থাকো। সি ঘৰত থাকে, ম’বাইল চায়। আগৰ দৰে কোনো বন্ধুৱে তাক দেখা কৰিবলৈ নাহে। তেওঁ অকলে তেনেকৈ বৰ আমনি পায় আৰু অসহায় বোধ কৰে। আমি একো কৰিব নোৱাৰো। চিন্তিত হওঁ। কথা সিমানেই,” তেওঁ কয়।
“ডাক্তৰে মা-দেউতাক কি ক’লে নাজানো। তেওঁলোকে মোক ক’লে যে মই আকৌ খোজকাঢ়িব পাৰিম। তেওঁলোকে মোক খোজকঢ়াৰ চেষ্টা কৰিবলৈ ক’লে। কিন্তু কাৰো পৰা সহায় নাপালো। সেয়ে চেষ্টাও নকৰিলো,” অৰুণে কয়। তেওঁৰ আঙুলিকেইটা তেওঁৰ হুইলচেয়াৰখনৰ বাঁও বাহুটোত ওলমি থকা কেথেটাৰ বেগ (মূত্ৰ নিষ্কাশনৰ বাবে ব্যৱহৃত সৰু নলা)ৰ প্লাষ্টিক টিউবডালৰ সৈতে খেলিছে।
অস্ত্ৰোপচাৰ হোৱাৰ পিছত অৰুণৰ মূত্ৰ ধাৰণ কৰাৰ সমস্যাই দেখা দিলে। ভিটিএইচচি ডাক্তৰে সেই সমস্যা সমাধানৰ চেষ্টা কৰিলে যদিও নোৱাৰিলে। অৰুণৰ তলপেটটো বিষাইছিল আৰু উখহিছিল। ২০২৪ৰ জুনত আকৌ এবাৰ হস্পিতাল অহা-যোৱা চলিল। প্ৰথম চিআইএমএছ-লৈ, তাৰপিছত কে.আৰ. হস্পিতাল, মহীশূৰৰ এজন ইউৰ’লজিষ্টৰ ওচৰলৈ যোৱা হ’ল। তাত তেওঁৰ ওপৰত অধিক অনুসন্ধানৰ বাবে ভৰ্তি কৰা হয় আৰু পাঁচ দিন পিছত ডিচচাৰ্জ দিয়া হয়।

M. Palani Kumar

Pratishtha Pandya
সমস্যা জুলাইৰ পৰা আগষ্টলৈ চলিয়ে থাকিল। প্ৰতিবাৰে অৰুণক কেইদিনমানৰ বাবে মহীশূৰৰ ইউৰ’লজিষ্ট এজনক দেখুওৱা হ’ল। প্ৰায়ে তেওঁৰ সংক্ৰমণ ঘটিল আৰু এণ্টিবায়’টিকেৰে চিকিৎসা চলিল। কেতিয়াবা তেওঁৰ ৰক্তচাপ বাঢ়ি গ’ল, কেতিয়াবা এনজাইটি নিয়ন্ত্ৰণৰ দৰৱ খাবলগীয়া হ’ল। তেওঁৰ যত্ন লোৱাটো পৰিয়ালৰ বাবে আৰু কঠিন হৈ পৰিল।
“এবাৰ ইউৰিনৰ সমস্যাই দেখা দিয়াৰ পিছত আমি কেবাবাৰো মহীশূৰৰ হস্পিতাললৈ গৈছো,” অৰুণৰ দেউতাকে কয়। “চৰকাৰী হস্পিতালত চিকিৎসা বিনামূলীয়া, কিন্তু চামৰাজানগৰলৈ যাবলৈ ৩,০০০ টকা লয়, মহীশূৰলৈ ৫,০০০ টকা। তাৰ লগত আকৌ খোৱা-বোৱা আছেই...প্ৰতিবাৰ আমাৰ অতিকমেও ১০ হাজাৰ টকা খৰচ হয়।”
অৰুণৰ দৰে মানুহৰ কাৰণে চৰকাৰে বিশেষ একো নকৰে, ড. মাদেগৌড়াই কয়। “বাঘে মৰা, হাতীৰ আক্ৰমণৰ ক্ষেত্ৰত ২০ লাখ পৰ্য্যন্ত ক্ষতিপূৰণ পোৱা যায়। আনকি লাৰ্জ এৰিয়া মাল্টিপাৰপ’জ চ’চাইটিয়ে এনে গুৰুতৰ দুৰ্ঘটনা আৰু স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত বীমা আগবঢ়ায়। কিন্তু আপুনি মৌ সংগ্ৰহৰ সময়ত যদি গছৰ পৰা পৰি গ’ল, তেন্তে কোনো বীমা আপুনি নাপায়। ক্ষতিপূৰণো নাপায়।” বিলগিৰি ৰংগন পৰ্বতমালাকে ধৰি সমগ্ৰ ভাৰততে আদিবাসী বনজ সামগ্ৰী সংগ্ৰহকাৰীয়ে এই একেই সমস্যাৰ সন্মুখীন হৈ আহিছে। “অৰুণৰ আগতে কেৰেদিম্বা পডুত আন এজন ল’ৰাই গছৰ পৰা পৰি ভৰি এখন ভাগিছিল।” কোপাৰেটিভ ছ’চাইটিয়ে তেওঁক কিবা ২ কি ৩ হাজাৰ টকা দিছিল। কিন্তু চলিবলৈ সিমানখিনি পৰ্য্যাপ্ত নাছিল।

Pratishtha Pandya
ডাক্তৰে অৰুণৰ সমস্যাৰ “আংশিক সমাধান”হে কৰিব পাৰিলে, তেওঁৰ পিতৃয়ে কয়। “কে.আৰ. হস্পিতালে ক’লে যে তেওঁৰ চিকিৎসাৰ বাবে ভাল সা-সুবিধাৰ ব্যৱস্থা কৰিব লাগিব। আমি পইচা নথকা মানুহ। এতিয়া এজন ডাক্তৰে (ভিটিএইচচি-ৰ) আহি তেওঁৰ কেথেটাৰ প্ৰতি তিনি মাহৰ মূৰে মূৰে সলনি কৰে। পইচা নলয়। পেচাব একেবাৰে বন্ধ হৈ গ’লে আমি চামৰাজনগৰলৈ যাব লাগে।”
সেই দিনটোৰ পিছত তেওঁৰ জীৱন সম্পূৰ্ণ ওলট-পালট হৈ গৈছে।
“আগতে মই মূল ঘৰত সকলোৰে লগত থাকি এটা স্বাভাৱিক জীৱন কটাইছিলো। এতিয়া অকলেই চালিখনৰ তলতে সৰু কোঠাটোত ইফাল-সিফাল কৰি থাকো। পুৱাৰ পৰা তাতে বহি থাকো। কেতিয়াবা জপনামুখৰ ফালে যাও। ৰ’দত বহো। তাৰ পিছত পুনৰ নিজৰ কোঠালৈ উভতি আহো। ম’বাইলটোতে কিবা-কিবি চাই কটাই দিও। এই চালিখন আগতেই বনোৱা হৈছিল। ইয়াত থাকিলে সহজে ইফাল-সিফাল কৰিব পাৰিম বুলি ভাবি ইয়ালৈ আহিলো। সহায় কৰিবলৈ এনেও কোনো নাই। মই এনেকৈ থকাটো মই নিজেও ভাল নাপাও।
“আনকি মোৰ পত্নীয়েও মোক এৰি গ’ল,” অৰুণে কয়। “তাই মোৰ যত্ন লৈছিল। কিন্তু পৰিস্থিতিৰ যেতিয়া একো উন্নতি নহ’ল, তাই এৰি গ’ল। এবাৰ তাই ফোন কৰি মোক কৈছিল, ‘তুমি ভাল হ’লে মই উভতি আহিম।’ তাই এৰি যোৱা তিনিমাহ হ’ল।” কথাখিনি কওতে অৰুণৰ মাততো তেওঁৰ দেহাটোৰ দৰেই দুৰ্বল আৰু ঠুনুকা যেন লাগিল।

M. Palani Kumar

M. Palani Kumar
“মই তাক খোৱাখিনি যোগাৰ ধৰো,” অৰুণৰ মাকে কয়। “গা ধুৱাই দিও। শৌচালয় যাবলৈ হ’লে দেউতাকে সহায় কৰি দিয়ে।” তেওঁৰ কোঠাত প্ৰাপ্তবয়স্কৰ ডাইপাৰৰ বেগ এটা দেখিছো। “সেইবোৰ কিনোতে মাহত আমাৰ ১,৫০০ টকা খৰচ হয়,” দেউতাকে কয়।
“তেওঁৰ ভনীয়েককেইজনীয়ে তেওঁৰ সৈতে দিনত ৫-১০ মিনিট কথা পাতে। সিহঁতৰ কলেজৰ কাম থাকে।” মাকে সামান্য তভক মাৰি ৰৈ কয়, “সি অলপ খোজকাঢ়ি চলি ফুৰিবপৰা হওক, সেয়াই বিচাৰো।”
“তাৰ কাৰণে ডাঙৰ হস্পিতাললৈ যাব লাগিব,” দেউতাকে কয়।
“আকৌ কোনো হস্পিতালত তাক ভৰ্তি নকৰাও,” মাকে খং কৰাৰ দৰে কয়। “শেষবাৰ যেতিয়া নিছিলো, একো সলনি নহ’ল। আকৌ এবাৰ তেনে কৰিবলৈ আমি প্ৰস্তুত নহয়।”
“তাই হস্পিতাল ভাল নাপায়, সেয়ে...” গৌড়াই ব্যাখ্যা কৰে।

M. Palani Kumar

M. Palani Kumar
“তাত কোনে তেওঁৰ যত্ন ল’ব?” তেওঁ কৈ শেষ কৰে মানে মাচানাম্মাই কয়। “কোনেও নলয়। আমি গ’লে ইয়াত ঘৰখন চোৱা মানুহ নোলাব। আমি নোৱাৰো। আমাৰ বাবে টান কাম।” এনেকৈ কৈ তেওঁ হঠাতে কফি বাগানৰ ফালে কাম কৰিবলৈ উঠি গুছি গ’ল। মনৰ শোক পাতলাবৰ বাবে তাতেই চাগে অলপ অৱকাশ পাব।
অৰুণে কামলৈ যাব নোৱাৰে। তেওঁ অপেক্ষা কৰিব লাগিব। কোনোবাই তেওঁৰ চাই থাকিব লাগিব। সময় বাগৰিব লাগিব।

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar
মাৰ্চত জামুবোৰ আকৌ লাগিব। তাৰ ফুলৰ সুবাসত মৌমাখিবোৰ আকৌ পাহাৰলৈ আহিব। বি.আৰ. পৰ্বতত আকৌ এবাৰ মৌ সংগ্ৰহৰ ঋতু আহিব। অৰুণৰ লগৰবোৰে ওখ ওখ গছ বগাব। অৰুণৰ বাবে দুঃস্বপ্নৰ দৰে মৌ পৰা গীত আকৌ এবাৰ হাবিত শুনা যাব:
মাতা অ’ মাতা...
পাতেভৰা অৰণ্যৰ মানুহজনক মাতা...
মৌৱে ভৰ কৰা মৌচাকবোৰ ওলমি আছে...
মৌৱে ভৰ কৰা মৌচাকবোৰ ওলমি আছে...
ওলমি থকা মৌচাক, ডাঠ মৌ...
ওলমি থকা মৌচাক, ডাঠ মৌ...
মাতা অ’ মাতা...
পাতেভৰা অৰণ্যৰ মানুহজনক মাতা...
অৰুণে গীতটো তেতিয়া নাজানিছিল, এতিয়া আৰু তেওঁ নিশিকে, নাগায়...

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar
এই প্ৰতিবেদন প্ৰস্তুত কৰাত অমূল্য সহায় আগবঢ়োৱাৰ বাবে প্ৰতিবেদকে অৰুণ আৰু তেওঁৰ পৰিয়াল, ডা. তন্যা শেষাদ্ৰী, ডা. সংগীতা পঞ্চম, চলিগা সম্প্ৰদায়ৰ কৰ্মী কৰণ কেথেগৌড়া আৰু বিবেকানন্দ গিৰিজনা কল্যাণ কেন্দ্ৰ বি আৰ হিলছৰ মহাদেৱম্মা কুম্বেগৌড়া আৰু ইনষ্টিটিউট অৱ পাব্লিক হেল্থ, বেংগালুৰুৰ ডা. প্ৰথমেশৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছে। লগতে প্ৰতিবেদন লিখাৰ বিভিন্ন পৰ্যায়ত অনুবাদৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা ড. শোভানা কিৰণ, শংকৰ কেঞ্চনুৰ আৰু দীপাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/the-broken-winged-bird-of-br-hills-as

