“বাবৰে ভাৰতলৈ দুবিধ সামগ্ৰী আনিছিল, বাৰুদ আৰু বাকাৰ-খানি,” ইজাজ হাছানে কয়। তৃতীয় প্ৰজন্মৰ নান-বাই বা পাওৰুটী নিৰ্মাতা ইজাজে পাটনা চহৰৰ আটাইতকৈ পুৰণি বসতিস্থলৰ মাজৰ এখন লোডি কাতৰাৰ নিজৰ ঘৰৰ কাষতে থকা দোকানৰ তন্দুৰ (পাৰম্পৰিক মাটিৰ চৌকা)ৰ কাষত বহি আছে। তেওঁ ঘূৰণীয়া আকৃতিৰ চৌকাটো চাফা কৰিছে আৰু তাত মাটি-পানীৰ মিশ্ৰণ এটা যোগ দিছে যিটোৱে চৌকাটো শীতল কৰি ৰখাত সহায় কৰিব।
মোগলাই ৰন্ধনশালৰ পাতল, কেবা-তৰপীয়া আৰু মৰমৰীয়া চেপেটা মিঠা বাকাৰ-খানিক লৈ যিমান লোক-কাহিনী আছে, তাৰে ইজাজ হাচানে তেওঁৰ ককা হাফিজ আমীৰ হাচান, এগৰাকী ওস্তাদ নান-বাইৰ পৰা শুনা কাহিনীবোৰ বৰ আলফুলে স্মৃতিৰ পটত সাঁচি ৰাখিছে। “পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ পূব ভাগৰ বিভিন্ন ধৰণৰ বাকাৰ-খানি আপুনি পাব, কিন্তু পাটনাৰ কথাই সুকীয়া। সেয়ে ইয়াক শ্বাহী (ৰজাঘৰীয়া) বা মোগলাই বাকাৰ-খানি বুলি কোৱা হয়,” তেওঁক সহা কৰা ইমতেয়াজ আলীয়ে পুৱাৰ ভাগৰ চাহকাপ গৰমাই দিয়ালৈ ধৈৰ্য্যৰে অপেক্ষা কৰা ইজাজে কয়।
কিন্তু যোৱা চাৰি পৰা পাঁচটা দশকত সৰু আকৃতিৰ লোফক চেনা-পানীত ডুবাই আচল বাকাৰ-খানিৰ দৰে লেমিনেটেড ৰূপ দি বিক্ৰী কৰাটো বাঢ়িছে, আচল বাকাৰ-খানিৰ তুলনাত তাৰ দামো তেনেই কম। এই কাৰবাৰটোক লৈ ইজাজ অসন্তুষ্ট। “অব তৌ হৰ দুছৰি ৰৌটি বাকাৰ-খানি হ্যে, ঔৰ হৰ দুছৰা আদমী নান-বাই। পাটনা ম্যে আপকৌ ২৫-৩০ ৰুপই কি ভি বকৰ-খআনি মিল জায়েগী, মগৰ না আপ কা দিল ভৰেগা না চালৌ চাল কাম সীখনে ৱালৌ কা পেট (এতিয়া ইজন এৰি সিজন লোক নান-বাই আৰু ইখন এৰি সিখন ৰুটী বাকাৰ-খানি। পাটনাত আপুনি ২৫-৩০ টকাত বাকাৰ-খানি পাই যাব। কিন্তু বছৰৰ পিছত বছৰ ধৰি কাম কৰি অহা সকলৰ না পেট ভৰে, না আপোনাৰ মন)।”
এনেকৈ সস্তীয়া নকলৰ ফলত আচল নান-বাই সকলৰ মুখৰ পৰা ৰুটী কাঢ়ি নিয়াৰ দৰে হৈছে, ইজাজে কয়। চাৰিজন মানুহে বেলি উদয় হোৱাৰ পৰা বেলি মাৰ যোৱালৈ লাগি থাকিলেও এটা দিনত খুব বেছি ৫০ খন বাকাৰ-খানি বনাব পাৰে, তেওঁ কয়।




























