হাবিব-উন-নিচাই নিজ চকুৰে এই হিংসা দেখি গভীৰ মানসিক আঘাত পাইছিল। কিন্তু প্ৰতিবাদকাৰীসকলৰ সাহসে তেওঁক অনুপ্ৰাণিতও কৰিছিল। প্ৰয়াত চানা শ্বেইখৰ মাতৃয়ে পাৰি কয়, “মই এগৰাকী তেনেই সাধাৰণ মাতৃ আৰু মোৰ পৃথিৱী বুলিবলৈ এই সন্তানকেইটাই। গৃহিণী হিচাপেই জীৱনটো কটাই আছিলো, কিন্তু ক্ষমতাত থকা মানুহখিনিয়ে মোৰ পৃথিৱীখন ধ্বংস কৰি পেলালে। তেওঁলোকৰ কৰ্মকাণ্ডৰ বাবেই মোৰ ছোৱালীজনীয়ে জীৱন হেৰুৱালে। আপোনালোকৰ কাম হৈছে আমাক ৰক্ষা কৰা, আমাৰ জীৱনবোৰ এনেকৈ ধ্বংস কৰা নহয়।”
তিনি মে’, ২০২৬ত চানাৰ পৰীক্ষা ভালেই হৈছিল। কিন্তু ইয়াৰ পিছতেই কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিলে যে নীটৰ প্ৰশ্নকাকত ফাদিল হৈছে আৰু সকলো ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পৰীক্ষাত বহিব লাগিব। এই খবৰটো চানাৰ বাবে অসহনীয় আছিল। কঠোৰ অধ্যৱসায় আৰু মাহৰ পিছত মাহ ধৰি কৰা প্ৰস্তুতিয়ে তেওঁক পূৰ্বেই শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত কৰি পেলাইছিল। নীট দেশৰ অন্যতম কঠিন প্ৰতিযোগিতামূলক পৰীক্ষা, য’ত ২০ লক্ষাধিক প্ৰাৰ্থীয়ে মেডিকেল কলেজৰ ১.৩০ লাখতকৈও কম আসনৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। বছৰ বছৰ ধৰি কৰা পৰিশ্ৰমৰ পিছত চানাই ভাবিছিল যে এতিয়া এই সংগ্ৰামৰ অন্ত পৰিল, কিন্তু এতিয়া আকৌ এবাৰ অনিশ্চয়তাৰ মাজত একেই কঠিন প্ৰস্তুতিৰ বাবে তেওঁ নিজকে শাৰীৰিক আৰু মানসিকভাৱে সাজু হ’বলগীয়া হৈছিল।
কিন্তু দুৰ্ভাগ্যজনক যে পুনৰ পৰীক্ষা দিয়াৰ বোজাতকৈ তেওঁ নিজৰ জীৱনটোকে শেষ কৰি দিয়াটো উচিত হ’ব বুলি ভাবিলে। পুনৰ পৰীক্ষাৰ এদিন আগত, ২১ জুনত তেওঁ এটুকুৰা কাগজত কেৱল এষাৰি কথা লিখি থৈ গ’ল - “মোক ক্ষমা কৰি দিবা।” এইষাৰেই আছিল তেওঁৰ শেষ কথা। তাৰ পিছতে তেওঁ নিজৰ কোঠাতে ফাঁচি লগাই আত্মহত্যা কৰে।
চানা আছিল সেই ২০ জনতকৈও অধিক শিক্ষাৰ্থীৰ মাজৰ এগৰাকী, যিয়ে এই একেটা কাৰণতে আত্মহত্যা কৰিছিল।
চানাৰ দেউতাক জাফৰে কয়, “সেইদিনি পুৱা তাই মোৰ ফোন ধৰা নাছিল। তাইৰ সৈতে কথা পাতিব পৰাহেঁতেন, হয়তো আজি তাই আমাৰ মাজত থাকিলেহেঁতেন।” যন্তৰ মন্তৰত থিয় হৈ নিজৰ যন্ত্ৰণা ব্যক্ত কৰোঁতে তেওঁৰ মাতটো থোকাথুকি হৈ পৰে।
“কি এক যন্ত্ৰণাৰ মাজেৰে জীৱন নিয়াইছো, তাকেই জাহিৰ কৰিম বুলি ইয়ালৈ আহিছো,” শোকত নিমজ্জিত মাতৃ হাবিব-উন-নিচাই কয়। তেওঁ এতিয়াও মানি ল’ব পৰা নাই যে তেওঁৰ ডাঙৰ জীয়েকজনী আৰু এই পৃথিৱীত নাই। “আমি পাঁচ বছৰৰ পিছত মৰোঁ বা বুঢ়া হোৱালৈ জীয়াই থাকোঁ, এই শোক আজীৱন আমাৰ সৈতে থাকিব। ৰাতি ভালদৰে টোপনি নাহে। মাজৰাতি মোৰ হাত-ভৰি কঁপিবলৈ ধৰে।”
তেওঁ নিজৰ ১৫ আৰু ১১ বছৰীয়া আন দুগৰাকী কন্যাক ঘৰতে থৈ দিল্লীলৈ আহিছে। “প্ৰতিটো মুহূৰ্ততে সিহঁতৰ বাবে চিন্তা হয়। মই ইয়ালৈ আহিছো যাতে ক্ষমতাত থকা লোকসকলক ক’ব পাৰো - আপোনালোক ভুল। ক্ষমতাই আপোনালোকক অন্ধ কৰি পেলাইছে নেকি? এই ছাত্ৰ-ছাত্ৰীসকলে মোৰ দৰে মাতৃসকলৰ বাবে যুঁজি আছে। সিহঁত অত্যন্ত সংবেদনশীল। যিবোৰ ল’ৰা-ছোৱালীয়ে মোৰ দুখ ভগাই লৈছিল, সিহঁতক আৰক্ষীয়ে প্ৰহাৰ কৰা দেখি বহুত কষ্ট পাইছো। যদি আপোনালোকে আমাৰ দুখ বুজিব নোৱাৰে, তেন্তে আপোনালোকৰ হাতত আমি শাসনভাৰ দিয়াৰ কি অৰ্থ থাকিল? অনুগ্ৰহ কৰি সন্তানসকলৰ প্ৰতি ইমান বৰ্বৰ নহ’ব। সন্তানৰ ওপৰত ইমান অত্যাচাৰ নকৰিব।”