“মানুহে ভাবে যে আমি কেৱল এটা পৰীক্ষা বা এটা চাকৰিৰ বাবে (প্ৰতিবাদথলীলৈ) আহিছো। কিন্তু আমি আহিছো এইকাৰণেই যে প্ৰতিবছৰে লাহে লাহে আমাৰ বিশ্বাস কমি আহিছে যে তেওঁলোকে আমাৰ বিষয়ে ভাবে, তেওঁলোকৰ দৃষ্টিত আমাৰ ভৱিষ্যতৰ যে কিবা মূল্য আছে, সেই সন্দেহ গাঢ় হৈ আহিছে,” ছটু যাদৱে কয়।
২৭ বছৰীয়া যুৱকজনে বিহাৰৰ চিৱানৰ পৰা দিল্লীলৈ ৰেলৰ জেনেৰেল দবাত দুদিনৰ যাত্ৰা কৰি উপস্থিত হৈছেহি। “আমাৰ গাঁওবোৰত ডেকাচামে উপায়ন্তৰ হৈ পেটৰ ভাতমুঠিৰ বাবে প্ৰব্ৰজন কৰিবলৈ বাধ্য হয় আৰু যিসকল থাকি যায়, তেওঁলোকে কৰ্মসংস্থানৰ কেতিয়াও নহা সুযোগ-সুবিধাৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হয়,” ছটুৱে কয়।
ভাৰতৰ যুৱচামৰ যি চিন্তা, তাক পোনে পোনে সংসদলৈ লৈ যোৱাৰ বাবে ককৰোচ্চ জনতা পাৰ্টি চমুকৈ চিজেপিৰ আহ্বানমৰ্মে চলো সংসদ কাৰ্য্যসূচীৰ সূত্ৰপাত ঘটিছিল। উল্লেখ্য যে ২০২৬ চনৰ ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে।
এই প্ৰতিবাদ এতিয়া কেৱল চিজেপিৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, দেশখনৰ চুকে-কোণে, চহৰে-নগৰে বিস্তাৰিত হৈ ই এক বিশাল আন্দোলনৰ ৰূপ লৈছে।
প্ৰশ্নকাকত বাৰে বাৰে ফাদিল হোৱাৰ ফলত ইতিমধ্যে নিবনুৱা সমস্যাত ভূগি থকা যুৱচামৰ মাজত এক তীব্ৰ ক্ষোভ পুঞ্জীভূত হৈ আছিল, তাৰেই বহিঃপ্ৰকাশত প্ৰতিবাদৰ সূত্ৰপাত ঘটে। তাৰ লগতে নিবনুৱা সমস্যা, চৰকাৰী নিযুক্তিৰ লেহেমীয়া প্ৰক্ৰিয়া আৰু প্ৰতিবাদকাৰীসকলে কোৱা অনুসৰি ৰাজহুৱা প্ৰতিষ্ঠান, বৃহত্তৰ যি ব্যৱস্থা আৰু শাসন প্ৰণালী - তাৰ প্ৰতি আস্থাহীনতা গভীৰতৰ হৈ পৰাৰ ফলত এই প্ৰতিবাদী কাৰ্য্যসূচীয়ে ব্যাপক ৰূপ লৈছে। নিয়োগৰ সুযোগ-সুবিধা সৃষ্টি নোহোৱা অৱস্থা, চহৰমুখী বৰ্দ্ধিত প্ৰব্ৰজন আৰু বিশেষকৈ গ্ৰাম্য ভাৰতৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ ভৱিষ্যত গঢ় দিয়া বাবে যি উপায় আছিল, সেই বাট কিম্বা বিকল্প নাইকিয়া হৈ গৈ থকা বুলি যুৱচামৰ মাজত গভীৰ হৈ পৰা উপলব্ধিয়ে তেওঁলোকক ক্ষোভক দুগুণ কৰিছে আৰু তাকেই উজাৰিবলৈ যুৱক-যুৱতীসকল গ্ৰামাঞ্চলৰ পৰা আহি দিল্লীত উপস্থিত হৈছে। এনেদৰেই আন্দোলনটো আৰু বেছি মজবুত হৈ পৰিছে।
“মই দিল্লীলৈ আহিছো এইকাৰণেই, কিয়নো মই নিবিচাৰো যে মোৰ গাঁৱৰ দৰে আন গাঁওবোৰতো নতুনচামে নিজৰ ভৱিষ্যতৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাওক,” পালিৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ২৫ বৰ্ষীয় চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ধীৰামে কয়। তেওঁৰ লগত আহিছে কলা শাখাত অধ্যয়নৰত ২৪ বছৰীয়া তেওঁৰ বন্ধু আশু ৰাম। ১৫ ঘণ্টাৰ নৈশ যাত্ৰাৰ পিছত ১৯ জুলাইৰ দুপৰীয়া দুয়োগৰাকী দিল্লীত উপস্থিত হয়।


























