কাটিলে কাড়াত প্ৰথমজন গ্ৰাহক আহি উপস্থিত হোৱাৰ বহু আগেয়েই হাবিত দিনটো আৰম্ভ হৈ গৈছে।
পূবে ধলফাট দিয়েমানে শশীকুমাৰী কানি আৰু আন মহিলাসকলে থিৰুৱনন্তপুৰম জিলাৰ ভিথুৰা-পেপ্পাৰা বান্ধৰ কাষেৰে হাবিলৈ খোজ দিছে। পশ্চিমঘাট পৰ্বতমালাৰ এই পাদদেশৰ এই অঞ্চলটো পেপ্পাৰা জলাশয়ৰ কাষতে অৱস্থিত। লুংলুঙীয়া বাট, সৰু সৰু আদিবাসী চুবুৰী। ইয়াত ৰন্ধা-বঢ়াৰ বাবে ইন্ধন নাহে, নিজে হাবিৰ পৰা সংগ্ৰহ কৰিব লাগে।
তেওঁলোকে মূৰত খৰিৰ বোজা লৈ ওলাই আহে। তাৰপিছতহে পাকঘৰৰ কাম আৰম্ভ হয়। কাটিলে কাড়াৰ আক্ষৰিক অৰ্থও আকৌ অৰণ্যৰ মাজৰ দোকান।
ৰাস্তাৰ কাষৰ সৰু ভাতৰ দোকানখনৰ পৰা ধোঁৱা ওলাইছে। পাত্ৰবোৰে আগৰ ৰং হেৰুৱালে, এতিয়া জুইৰ স্পৰ্শত প্ৰায়বোৰ পাত্ৰৰ ৰং ক’লা। অব্যৱহৃত এলপিজি চিলিণ্ডাৰ এটা চুকত পৰি আছে। চিলিণ্ডাৰ কিনাটো এতিয়া নিয়মীয়া নহয়। দাম বাঢ়িছে। পাম-নাপাম সিটোও নিশ্চিত নহয়।
“গেছৰ ওপৰত এতিয়া আৰু ভৰসা কৰি চলিব নোৱাৰি,” শশীকুমাৰীয়ে (৫৯) কয়। “সেয়ে আকৌ খৰিতে ধৰিছো।”
কেৱল তাতেই নহয়, গোটেই কেৰালাখনতেই এতিয়া সৰু-সুৰা চাহ-ভাতৰ দোকান আদিত সম্প্ৰতি ইৰানৰ ওপৰত আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ ফলত লিকুইফাইড পেট্ৰলিয়াম গেছ চমুকৈ এলপিজিৰ যোগান ব্যাহত হৈছে। চিলিণ্ডাৰ পোৱাত পলম হোৱা আৰু দাম বাঢ়ি যোৱাৰ ফলত বহুতেই আকৌ চৌকাতে ৰান্ধিবলৈ লৈছে।
কাটিলে কাড়াত সেই পৰিৱৰ্তনে গোটেই দিনটোৱে সলনি কৰি পেলাইছে।
শশীকুমাৰীয়ে সেই চাহৰ দোকানখন চাৰি বছৰ আগতে যেতিয়া তেওঁৰ গিৰীয়েক (৫৮) বেমাৰত পৰে আৰু কায়িক শ্ৰম কৰিব নোৱাৰা হৈ যায়, তেতিয়া আৰম্ভ কৰিছিল। অৰণ্যৰ সৈতে নিবিড় সম্পৰ্ক থকা কানিচ নামে ক্ষুদ্ৰ আদিবাসী গোষ্ঠী এটাৰ শশীকুমাৰীয়ে সেই মাটিয়ে দিয়া খাদ্য-সম্ভাৰক লৈ দোকানখন আৰম্ভ কৰিছিল।
সংহত জনজাতীয় উন্নয়ন কাৰ্য্যসূচীৰ সহায়ত আৰু কুডুম্বশ্ৰী আঁচনিৰ যোগেদি পোৱা ঋণেৰে মহিলাসকলে ৰাস্তাৰ কাষত এখন দোকান বহুৱালে। আয়ৰ এক উৎস উলিয়ালে। কুড়ুম্বশ্ৰী হোটেলে বহুতকে ক’ভিড-১৯ৰ লকডাউনৰ সময়ত বহুতকে ভোকৰ ভাতসাজ দিছিল।






