আমি পট্টনমঠিট্টা নামৰ ঠাইডোখৰলৈ যাওঁতে ডাঠান চি.এছ. বুলি মানুহ এজনক লগ পাইছিলো। তেওঁ মোৰ হাতত শল্য চিকিৎসকে ব্যৱহাৰ কৰা মাস্ক এখন গুজি দি ক’লে, “অনুগ্ৰহ কৰি এইখন পিন্ধি লওঁক। নহ’লে নলাত জমা হৈ থকা শুকান গেদজাতীয় বোকা আৰু পথাৰৰ লেতেৰা জাবৰ-জোঁথৰৰ পৰা ওলোৱা ধূলি-বালিয়ে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।” তেওঁৰ কথাষাৰ শুনাৰ লগে লগে ডাঠানৰ ওচৰতে থকা এগৰাকী মহিলাই বিদ্ৰূপাত্মক হাঁহি এটা মাৰি ক’লে, “যিজন ব্যক্তিয়ে মুম্বাইৰ নিচিনা এখন প্ৰদুষিত চহৰত বাস কৰে, তেখেতক ইয়াৰে প্ৰদুষণৰ পৰা সুৰক্ষা দিয়াৰ কি প্ৰয়োজনীয়তা আছে নো?” কেৰেলাৰ বিধ্বংসী বানপানীয়ে এইগৰাকী মহিলাৰ খেতিও সম্পূৰ্ণৰূপে বিনষ্ট কৰি পেলাইছিল।
বানপানীত সকলো উটি-ভাহি যোৱাৰ আগতে এই পথাৰবোৰ কৃষকসকলৰ বাবে লাভদায়ক উৎসৰ স্থলীয়েই আছিল। কাৰণ তেওঁলোকে তাতে ভাল ভাল জাতৰ ধান আৰু চাগুদানাৰ খেতি কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু বানপানীৰ পিছত এতিয়া আৰু পূৰ্বৰ সোণোৱালী শস্যৰ পথাৰখনৰ কোনো অস্তিত্বই নাই। যিহেতু বানৰ সোঁতত নদীৰ তলিৰ পৰা উটি অহা গেদ বা বাঢ়নী পানীয়ে কঢ়িয়াই অনা আবৰ্জনাবোৰে শস্যসমৃদ্ধ, সুফলা পথাৰবোৰ বহুত দ’লৈকে পুতি পেলাইছে। কেবা একৰো কৃষিভূমি পুতি পেলোৱা বোকা আৰু আবৰ্জনাৰ মিশ্ৰণটো এইবাৰৰ টান ৰ’দত শুকাই কৰ্কৰীয়া হৈ পৰিছে। আৰু পথাৰত সেইবোৰ দেখি এনে লাগিছে যেন কেঁচা চিমেণ্টৰ চাদৰৰ দৰে এখন তৰপহে পৰি ৰৈছে।
গোলকীয় উষ্ণতা বৃদ্ধি হৈ অহাৰ লগে লগে জলস্তৰসমূহ নামি গৈছে, মানুহে ভূগৰ্ভৰ পানীৰ পুনঃব্যৱহাৰ কৰিবলৈ এৰি দিছে আৰু কূপসমূহো লাহে লাহে শুকাই গৈছে। ফলস্বৰূপে ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ জলস্তৰৰ মাজৰ সকলো সমীকৰণেই সলনি হৈ পৰিছে। বানপানীয়ে নদীৰ পৃষ্ঠভাগৰ পৰা বালি আৰু গেদৰ তৰপসমূহ উটুৱাই নিয়াত নদীৰ লেখীয়া অন্যান্য জলধাৰাসমূহে পানীৰ চাপ ধৰি ৰাখিব নোৱাৰা হৈছে। অৰ্থাৎ নদীৰ পৰিৱেশতন্ত্ৰৰ এক নাটকীয় পৰিৱৰ্তন হৈ পৰিছে। পিছে সমস্যাৰ ইয়াতে অন্ত নপৰিব কাৰণ এই সকলোবোৰ দিশ সূক্ষ্মভাবে নিৰীক্ষণ কৰিলে ধৰি ল’ব পাৰি যে ইয়াৰ পিছত কেৰেলা খৰাঙৰ কবলত পৰিব পাৰে। গতিকে এনে বিষম পৰিস্থিতিয়ে আটাইতকৈ আত্মবিশ্বাসী কৃষকজনকো হতাশ কৰিব পাৰে।
কিন্তু কুডুম্বশ্ৰীৰ মহিলা কৃষকসকলক ইমান সহজতে নোৱাৰে।
সেই অঞ্চলত বানপানীত সৰ্বস্বান্ত হোৱা মহিলা কৃষকৰ সংখ্যা আঢ়ৈ লাখতকৈও বেছি হ’ব লাগে। মহিলা কৃষক গোটৰ এই বিশালকায় নেটৱৰ্কটো গোটেই কেৰেলাতে বিয়পি আছে আৰু তাৰে ভিতৰত হয়তো ৪৫ লাখমান তেনে কৃষক কেৱল কুডুম্বশ্ৰীতে আছে। কুডুম্বশ্ৰী শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে ‘পৰিয়ালৰ সমৃদ্ধি’।মহিলা কৃষক সংঘৰ সদস্যপদৰ বাবে প্ৰাপ্তবয়স্ক যিকোনো মহিলাই যোগ্য যদিও এখন ঘৰৰ পৰা মাত্ৰ এগৰাকী মহিলাইহে যোগদান কৰিব পাৰে। তাৰমানে কেৰেলাৰ ৭৭ লাখ ঘৰ মানুহৰ ভিতৰত ৬০ শতাংশ পৰিয়ালৰ এগৰাকী মহিলা এনে সংঘৰ অংশ। কুডুম্বশ্ৰীৰ প্ৰায় ৩.২ লাখ মহিলা কৃষকে ‘সংঘ কৃষিছ’ নামৰ তেনে এটা সংঘত যোগদান কৰিছে। এই সংঘটোৱে দলগতভাবে বা সমূহীয়াকৈ কৃষিকৰ্ম কৰে।







