নতুন চহৰৰ আমি মহানগৰীৰ যুৱতী, বোলো ৰাজ হে’,
সদম্ভ খোজেৰে যোৱানো ক’লৈ?
আমি সাতোজন ভাই আবিয়ৈ হায়ৈ
বোলো হে’ৰা, সদম্ভ খোজেৰে যোৱানো ক’লৈ?
কেনেকুৱা গাভৰুলে হাবিয়াস কৰা হে’ ৰাজ,
বোলো হে’ৰা, সদম্ভ খোজেৰে যোৱানো ক’লৈ?
আমাৰ পিচে হাবিয়াস কৃষ্ণক’লী গাভৰুলৈ, হে’ ৰাজ,
বোলো হে’ৰা, সদম্ভ খোজেৰে যোৱানো ক’লৈ?
১৯৭০ৰ দশকৰ গুজৰাটী কথাছবি ছ’ন কানছাৰীৰ জৰিয়তে এই গুজৰাটী লোকগীতটি জনপ্ৰিয় হৈ পৰিছিল, যি আছিল সকলোৰে ভাল লগা ছ’ন কানছাৰী আৰু ৰাখায়াত বাবৰিয়াৰ এক শোকাবহ প্ৰেম কাহিনী। মহিলা আৰু পুৰুষ নৃত্যশিল্পীৰ দুটা দলৰ মাজত এটা দ্ৰুত সাংগীতিক বিনিময় হিচাপে প্ৰস্তুত কৰা গীতটোৱে সৌন্দৰ্য, ইচ্ছাশক্তি আৰু বিবাহৰ গভীৰ ধাৰণাৰ কথা কয়। এই ধাৰাৰ প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি ইয়াত লোকগীতটোৱে নিৰ্ধাৰিত লিংগ ভূমিকা বিপৰীত কৰি তুলি ধৰিছে যিদৰে, সচেতন গাঁৱলীয়া মহিলাই নিজৰ অধিকাৰ দাবী কৰি নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰে। মৰ্যাদা আৰু সন্মানৰে জীয়াই থাকিবলৈ, সম্পত্তি আৰু ভূমিৰ মালিকীস্বত্ব পাবলৈ। সাংস্কৃতিক ভাণ্ডাৰৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকৰ বস্তুগত উত্তৰাধিকাৰ দাবী কৰিবলৈ।
আমি সমগ্ৰ বিশ্বৰ ইতিহাসত প্ৰতিৰোধৰ সৈতে জড়িত গানে কেনেদৰে প্ৰায়ে নিপীড়িতসকলৰ স্বাধীনতাৰ অন্বেষণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দেখি আহিছো। নখত্ৰানা জিলাৰ নন্দুবা জাদেজাই আন মহিলাসকলৰ সৈতে শক্তিশালীভাৱে প্ৰদৰ্শন কৰা এইগীতটিয়ে ২০১৭ চনৰ আশে-পাশে কচ্ছ মহিলা বিকাশ সংগঠনে কাম কৰি থকা মহিলাসকলৰ মাজত এক নতুন সজাগতাৰ পথ প্ৰশস্ত কৰিছিল।


