(...মনপা ভূমি দীৰ্ঘজীৱী হওঁক
মনয়ুল দীৰ্ঘজীৱী হওঁক)
স্কুলৰ শেষৰটো প্ৰাৰ্থনা গীতে মোৰ মনলৈ এটা প্ৰশ্ন আনিলে। গানটো মোৰ বাবে অচিনাকি যেন লগা বাবে বা মই নজনা ভাষাত থকা কাৰণে নহয় – হিমালয় উপত্যকাত স্থানীয় লোকে কোৱা ভাষাতকৈ সেয়া ভিন্ন হোৱাৰ বাবে মোৰ মনত উৎসুকতা জন্মিল। মই পশ্চিম কামেং জিলাৰ চুগ গাঁৱত মনপাসকলৰ জীৱন যাপন কিছুদিন ধৰি গৱেষণা কৰি থকা কিছুদিন হৈছে।
জুলাইৰ শেষৰ বৃহস্পতিবাৰৰ পুৱাৰ ভাগৰ কথা। মই বুলিয়ে নহয়, দেখাজনে অৰুণাচলৰ প্ৰদেশৰ মনোমোহা গাওঁ বুলি এই গাওঁখনক সকলোৱেই ক’ব। স্কুল শিক্ষক নৱাং শ্ৰিঙৰ মটৰ চাইকেলৰ পিছফালে উঠি মই চুগ গাঁৱৰ পৰা প্ৰায় ৬ কিলোমিটাৰ দূৰৰ ৰামা কেম্পৰ পিএম শ্ৰী গৰ্ভমেণ্ট ছেকেণ্ডাৰি স্কুল আহি পাইছো। কাষৰ গাঁৱৰ বহু শিশু স্কুলখনলৈ খোজকাঢ়ি আহে।
পুৱা ৯ বাজিছে। প্ৰাৰ্থনাৰ সময়। মই যিমান পাৰো বেৰৰ ফালে থাকিছো, কেইগৰাকীমান শিক্ষাৰ্থীৰ পিছফালে থিয় হৈ আছো। মোৰ আগত আছে শাৰী শাৰী সেউজ পৰ্বত, এখন নীলা আকাশ। ৰংটো শিক্ষাৰ্থীসকলৰ ইউনিফৰ্মৰ সৈতে মিলি গৈছে। বৰ পৰিপাটিকৈ ২৬০ গৰাকী শিক্ষাৰ্থীয়ে শাৰী পাতিছে।





