চম্বল চহৰৰ চৰাই তৰিন ঠাইখন হাড় আৰু শিঙৰ সামগ্ৰী যেনে বুটাম, বিয়েৰ গিলাচ, ঘৰুৱা সাজ-সজ্জাৰ আৰু পাকঘৰৰ সামগ্ৰীৰ বাবে বিখ্যাত। মহম্মদ ইছলামৰ তেনেই সৰু ভাৰাত লোৱা দোকানখনলৈ গ্ৰাহকৰ নিয়মীয়া আহ-যাহ আছে। সৰুৱে চকলেট বিচাৰি আৰু ডাঙৰে চাউল-দাইল কিনিবলৈ আহোতে বৰ মিহি ম’হৰ শিঙৰ ফণি এখনো পাকতে কিনি লৈ যায়।
ষাঠি বছৰীয়া ইছলাম চৰাই তৰিনৰ শেষৰকেইজন শিল্পীৰ মাজৰ এগৰাকী যিয়ে এতিয়াও ম’হৰ শিঙৰ পৰা ফণি বনায়। তেওঁৰ বহুদিনীয়া সংগী ৭০ বৰ্ষীয় মকছুদ খান এতিয়াও ম’হৰ শিং যোগানৰ কাম কৰি থকা মুষ্টিমেয় কেইগৰাকীমান ব্যৱসায়ীৰ মাজৰ এগৰাকী।
“যিসকল শিল্পী এতিয়া নাই, তেওঁলোকে লগত এই শিল্প লৈ গৈছে। তাক আৰু পুনৰুজ্জীৱিত কৰিব পৰা নগ’ল,” হোকাটোৰ পৰা এহোপ টানি তেওঁ কয়। “আপুনি গোটেই চৰাই তৰিন ঘুৰিব পাৰে, কিন্তু ম’হৰ শিঙৰ ফণিৰ কথা ক’লে সকলোৱে আপোনাক মোৰ ওচৰলৈ পঠিয়াই দিব।”
২০২২ত এই শিল্পকলাই ভৌগোলিক সূচক চিহ্ন (জি.আই.) লাভ কৰিছিল। এয়া কোনো এবিধ সামগ্ৰী মূলতঃ বিশেষ এটা ভৌগোলিক অঞ্চলৰ বুলি দিয়া স্বীকৃতি, যিয়ে সামগ্ৰীবিধক অঞ্চলটোৰ বৌদ্ধিক সমল হিচাপে সুৰক্ষা প্ৰদান কৰে। উত্তৰ প্ৰদেশৰ এক জিলা, এক পণ্য আঁচনিৰ অধীনত শিং আৰু হাড়ৰ পৰা হস্তনিৰ্মিত সামগ্ৰীক চম্বলৰ অনন্য সামগ্ৰী বুলি পৃষ্ঠপোষকতা প্ৰদান কৰা হৈছে।
“জিসকে সৰ পৰ বাল, উছকি কংগী (যাৰ মূৰত চুলি, তাকেই লাগে ফণি),” ইছলামে কথাৰ মাজতে জনপ্ৰিয় প্ৰবাদ এটা আনে। “এটা সময় আছিল যেতিয়া ৰাস্তাই-ঘাটে, চুকে-কোণে সকলোতে ফণিৰ নিজা বজাৰ আছিল।”
তেওঁ দোকানখন মাহে ২,০০০ টকাত ভাৰাত লৈছে। ঠেক হ’লেও সেইখন কৰ্মশালাতে তেওঁ দোকানী আৰু শিল্পী দুয়োটাৰে কাম কৰে। তেওঁৰ সন্মুখত আছে ম’হৰ শিঙৰ ফণি বনোৱাৰ বাবে ব্যৱহৃত সঁজুলিসমূহ – বিভিন্ন ধৰণৰ কৰত, বটালি, চোঁচনী, চিৰিচ-কাগজ আৰু ফণিবোৰ ৰাখি কাম কৰিবলৈ ব্যৱহাৰ কৰা কাঠৰ এখন ব’ৰ্ড।




























