সেৱন্তি ৰয়ৰ যে কান্ধ দুখন সমান নহয়, এই কথা প্ৰথম লক্ষ্য কৰিছিল তেওঁৰ নৃত্যৰ শিক্ষয়িত্ৰী গৰাকীয়ে। উচ্চাকাংক্ষী নৃত্যশিল্পীগৰাকীয়ে চলাচলত অসুবিধা পাইছিল। তাৰে কিছুদিনৰ পিছতে তেতিয়াৰ ১৩ বছৰীয়া শিশুটিৰ স্কলিঅ’ছিছ ৰোগ ধৰা পৰে। “প্ৰথম অৱস্থাত মই এই ৰোগ ধৰা পৰাক লৈ বৰ অদ্ভুতভাৱে উৎসাহী আছিলো, কিয়নো মোৰ শৈশৱৰ আইডল বুলি মনা ঋত্বিক ৰোশন [নৃত্যশিল্পত দক্ষতাৰ বাবে পৰিচিত এজন বিখ্যাত চলচ্চিত্ৰ তাৰকা]ৰ অৱস্থাও একেই আছিল,” সেৱন্তিয়ে হাঁহি হাঁহি মনত পেলায়।
২১ বছৰ বয়সত ৰোশনৰ স্কলিঅ’ছিছ ধৰা পৰিছিল আৰু তেওঁক কোৱা হৈছিল যে তেওঁ আৰু কেতিয়াও নাচিব নোৱাৰিব। স্কলিঅ’ছিছৰ ফলত মেৰুদণ্ড কোনো এটা দাঁতিৰ ফালে ভাজ লয়। সকলোৰে মেৰুদণ্ডত স্বাভাৱিক বক্ৰতা থাকে, কিন্তু স্কলিঅ’ছিছ থকা ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মেৰুদণ্ড বা ইয়াৰ কিছু অংশ অস্বাভাৱিকভাৱে ইংৰাজীৰ ‘S’ বা ‘C’ আকৃতিত বেঁকা হৈ পৰে।
কিশোৰী সেৱন্তিয়ে দক্ষিণ ২৪ পৰগনাত থকা ঘৰৰ পৰা কলকাতালৈ গৈ কিশোৰ-কিশোৰীৰ ইডিয়পেথিক স্কলিঅ’ছিছ (এআইএছ)ৰ অস্ত্ৰোপচাৰ কৰাইছিল। এই পদ্ধতিত তেওঁৰ পিঠিত দুডাল ৰড আৰু ১৪ টা স্ক্ৰু সুমুৱাই মেৰুদণ্ড পোন কৰা হৈছিল।
১২ বছৰৰ পাছত তাই কয়, “এতিয়া মই একো অসুবিধা অনুভৱ নকৰো। “জীৱনটো স্বাভাৱিক হৈ পৰিছে। মই স্কলিঅ’ছিছৰ সৈতে জীয়াই থাকিবলৈ শিকিলোঁ আৰু স্বাভাৱিক জীৱনলৈ ঘূৰি আহিলোঁ,” তাই কথাখিনি কওঁতে লগত হাঁহি এটা লাগি থাকিল। আমি পশ্চিমবংগৰ ডাইমণ্ড হাৰ্বাৰত থকা তেওঁৰ ককাকৰ ঘৰৰ চাদত বহি আছো। এইখন চহৰখনৰ মাজেৰে পাৰ হৈ গৈ হুগলি নদীখন বংগোপসাগৰত মিলিছে।
সেৱন্তিৰ বাবে স্কলিঅ’ছিছ অস্বস্তিকৰ হৈ পৰিছিল যদিও আন লাখ লাখ ৰোগীৰ বাবে এই ৰোগ অতিশয় বেদনাময় আৰু ই ৰোগীক দুৰ্বল কৰি তোলে – হৃদৰোগৰ সৃষ্টি কৰে আৰু উশাহ-নিশাহ লোৱাতো কষ্ট আহি পৰে। বিশেষকৈ, গ্ৰামাঞ্চলৰ ৰোগীসকলৰ বাবে সঠিক নিদান লাভৰ প্ৰথম পদক্ষেপটোও এক প্ৰত্যাহ্বান।


















