“পইঁতা ভাতৰ বাদে আমাৰ আৰু খাবলৈ আছেনো কি?” বাটো মাল্লিকে ভাতত নিমখ দি শুকান জলকীয়া সানি কয়।
আবেলি নামিছে। বাটো আৰু তেওঁৰ গিৰীয়েক যোগেন মাল্লিক কাষৰে হাবিৰ পৰা উভতি আহিছে। আন জনজাতীয় পৰিয়ালৰ দৰে দম্পতিহালে দিনটো হাবিখন চলাথ কৰি শাল গছৰ পাত (Shorea robusta) সংগ্ৰহ কৰি আনি সাপ্তাহিক বজাৰত বিক্ৰী কৰে।
তেওঁলোকৰ ঘৰ পশ্চিমবংগৰ ঝাৰগ্ৰাম জিলাৰ বেনাচুলি গাঁৱত। জনজাতীয় সম্প্ৰদায়টো সবৰ আদিবাসী (পশ্চিমবংগত সৱৰ হিচাপে তালিকাভুক্ত)। এই জনজাতীয় সম্প্ৰদায়টো দেশৰ ভিতৰতে আটাইতকৈ দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীৰ অন্যতম। চৰম ক্ষুধা আৰু পুষ্টিহীনতাৰ মাজত তেওঁলোক কোনোমতে জীয়াই আছে।
সবৰ লোকসকলৰ জীৱন নথিবদ্ধ কৰিবলৈ এই প্ৰতিবেদক বহুদিন ধৰি অঞ্চলটো সাক্ষাৎ কৰি আহিছো। ব্ৰিটিছৰ দিনত ‘অপৰাধী জনজাতি’ হিচাপে চিহ্নিত এই জনজাতিক ১৯৫২ চনত ডিনটিফাই কৰা হয়। তেওঁলোকৰ অতি কম সংখ্যকৰহে নিজা ঘৰ-মাটি আছে আৰু জীৱন ধাৰণৰ বাবে তেওঁলোকে সম্পূৰ্ণৰূপে হাবিৰ ওপৰতে নিৰ্ভৰ কৰে। পঢ়ি চাব পাৰে: ভোকৰ জ্বালাত জীৱন কটোৱা সবৰ আদিবাসী
প্ৰতিবাৰেই মই যেতিয়া উভতি তেওঁলোকৰ ওচৰলৈ আহিছো, দেখিছো যে ইটোৰ পিছত সিটো বছৰ বাগৰিছে, দশক পাৰ হৈ গৈছে। কিন্তু তেওঁলোকৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই। ক্ষুধা নিবাৰণৰ বাবে বিকল্প হিচাপে তেওঁলোকে মহুৱাৰ পৰা বনোৱা স্থানীয় সুৰা পান কৰে। সেয়া খাই পেটটো ভৰি থকা যেন লাগে। আচলতে ঘৰে ঘৰে অবাধ হাৰত মদ খোৱা আৰু সুৰাসক্ত হৈ পৰাৰ ফলত (যিহেতু প্ৰায় সকলো ঠাইতে থলুৱা মদ প্ৰস্তুত কৰা হয়) পুষ্টিহীনতা আৰু ৰক্তহীনতা তেওঁলোকৰ চিৰলগৰী হৈ পৰিছে।























