“মোৰ জন্ম ইয়াতে। এই অৰণ্য আৰু ডংগাৰ (পৰ্বত) দেখি দেখিয়ে ডাঙৰ হৈছো,” এই প্ৰতিবেদকক নিজৰ চুবুৰীটোৰ পৰিচয় দিয়াৰ সময়ত য়েমা সোনগালৰ মুখৰ পৰা হাঁহিটো আঁতৰি যোৱা নাই। ৰঙা ৰঙা পোৰামাটিৰ খাপৰি লগোৱা ঘৰবোৰ আৰু সিবোৰক আৱৰি থকা অৰণ্যখনে প্ৰকৃতিৰ মাজত মানুহে সুন্দৰকৈ খাপ খাই যোৱাৰ এক ছবি ফুটাই তুলিছে। তেওঁ এই বিষয়ে নাজানে, কিন্তু তাৰেই এটা অংশ জৈৱবৈচিত্ৰৰ দিশৰ পৰা বিশ্বৰ আঠোটা আটাইতকৈ “উষ্ম হটস্পট”ৰ মাজৰ এটা।
দুৰ্ভাগ্যৱশতঃ এতিয়া হয়তো তাৰে ২৮০ হেক্টৰ ভূমি সোনকালেই পানীৰ তললৈ যাব।
“সেই ডংগাৰৰ পিছফালেই আমাৰ খেতিমাটিখিনি,” য়েমাই মহাৰাষ্ট্ৰৰ লাডেৱাডি চুবুৰীৰ (কালভোন্দে গাওঁ পঞ্চায়ত) নিজৰ ঘৰৰ চোতালত থিয় দি দূৰৈৰ টিলাটোলৈ দেখুৱাই দি কয়। ৭০ৰ দুৱাৰডলিত ভৰি দিয়া এই আদিবাসী দম্পতিহালে তেওঁলোকৰ সেই ক্ষুদ্ৰ খেতিমাটিত বৰই (barnyard millet)ৰ খেতিৰ কামত যোৱা মানে এঘণ্টা পাহাৰ বগোৱা। “এয়া বাৰিষাকালৰ খেতি। আমি ৫-৬ বস্তা (কুইণ্টল) পাওঁ।” এয়া তেওঁলোকৰ এক একৰৰো কম খেতিমাটিৰ পৰা পোৱা মুঠ উৎপাদিত শস্য। সেইখিনিৰেই তেওঁলোকৰ ১৫ জনীয়া পৰিয়ালটো – য়েমা, চুলি, তেওঁলোকৰ চাৰিপুত্ৰ, তিনিজনী বোৱাৰী আৰু ছটা নাতি-নাতিনী আগন্তুক বছৰটোৰ খেতি নচপোৱালৈকে চলিব লাগে। পৰিয়ালটোৱে খেতিৰ লগতে অৰণ্যৰ ওপৰতো সমানেই নিৰ্ভৰশীল।
“হাবিখনেও আমাক বহুত কিবাকিবি দিয়ে,” তেওঁ লগতে কয়। “ফল, ৰানকাণ্ড (বনৰীয়া মূল), শাক-পাচলি, জ্বৰ, আঠুৰ বিষ আদিৰ বাবে ঔষধি গছ-লতা।” থানে জিলাৰ চাহাপুৰ তালুকৰ মা ঠাকুৰ অনুসূচিত জনজাতিৰ য়েমা আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ ৯৭ টা পৰিয়ালৰ বাবে অৰণ্যখন তেওঁলোকৰ জীয়াই থকাৰ ভৰসা। “আমি গছ নাকাটো। আমি সৰি পৰা ঠাল-ঠেঙুলিবোৰ খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ লৈ আহো। আমি মাটি, ইটা আৰু হাবিৰ গছেৰে পকীঘৰ সাজো। তেনে ঘৰ যুগ-যুগ যায়।”




















