সাতজনী ছোৱালী, ছখন গাওঁ, পাঁচটা মাতৃভাষা, দুবিধ খেল আৰু এটা খেল-ধেমালীৰ এটা ভাষা!
ৰঞ্জন ৰাথৱা (১২), জ্যোতি ভিল (১১), শৰ্মিলা ধায়েকি (৯), কিঞ্জল নায়কা (১০) আৰু নিৰল ৰাথৱা (১০) – এই আটাইগৰাকী শিশু গুজৰাটৰ চোতাউদেপুৰ জিলাৰ তেজগঢ় আদিবাসী গাঁৱৰ ক’ৰাজ হিলৰ পাদদেশত অৱস্থিত আবাসিক প্ৰাথমিক বিদ্যালয় বসন্তশালাৰ খেলপথাৰত খেল-ধেমালীত ব্যস্ত হৈ পৰিছে।
আৰক’ ডাৰুক’ দহি ডাৰুক’
শ্ৰাৱন গাজে, পিল্লু পাকে...
এইটো গুজৰাটী ভাষাৰ উদ্ভট ছন্দযুক্ত গীত যাক গুজৰাটী ভাষাত বড়-বড় গীত’ বুলি কোৱা হয়, সেই বিশাল সম্ভাৰৰ এটি গীত। মন কৰিবলগীয়া কথা যে খেলোতে গোৱা এই গীতৰ যি ভাষা, সেয়া সেই শিশুকেইটাৰ কোনো এজনৰে মাতৃভাষা নহয়। পাঁচোগৰাকী শিশুৰ ঘৰ তাৰ পৰা ৩০ৰ পৰা ৫০ কিলোমিটাৰ দূৰত। তাত, ঘৰত যি তেওঁলোকে ভাষা কয়, সেয়া ৰাথৱি, ধানকি, দুংগৰা ভিলি, নায়কি আদি আদিবাসী ভাষা। কিন্তু স্কুল আৰু হোষ্টেল থকা আদিবাসী একাডেমি চৌহদৰ এইখন আদিবাসী স্কুলত তেওঁলোকৰ সংযোগী ভাষা হৈ পৰিছে গুজৰাটী।





