‘‘এই আটাইবোৰ এডাল সূতাত আৰম্ভ হৈ এডাল সূতাত শেষ হয়’’, এটা শেতা হাঁহিৰে ৰেখা বেনে এইদৰে কয়৷ তেওঁ গুজৰাটৰ মোটা টিম্বলা গাঁৱৰ ঘৰটোত তাঁতশালত একক ইকাতেৰে পটোলা বৈ আছে৷ ‘‘প্ৰথমে আমি ববিনত এডাল সূতা ভৰাও আৰু শেষত ৰঙীণ সূতা সেই ববিনটোত ভৰাও’’, পটোলা প্ৰস্তুতিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে ৰেখা বেনে এইদৰে বৰ্ণনা কৰে৷
ৰেখা বেন বাস কৰা সুৰেন্দ্ৰনগৰ জিলাৰ বনকৰবাসৰ বহু লোক এই প্ৰসিদ্ধ পটোলাখ্যাত ৰেচম শাড়ী প্ৰস্ততিৰ বিভিন্ন পৰ্যায়ৰ সৈতে জড়িত৷ কিন্তু ৪০ৰ দেওনা পাৰ কৰা ৰেখা বেন লিম্বড়ি তালুকাৰ একমাত্ৰ দলিত পটোলা শিপিনী যিয়ে একক আৰু দ্বৈত ইকাত পটোলা বব পাৰে৷ (পঢ়কঃ জাকি উঠে, জাকি নামে, ৰেখাবেনৰ জীৱনটোৰ দৰে)৷
সুৰেন্দ্ৰনগৰৰ পটোলাক ‘ঝালাৱাড়ি’ পটোলা বুলি জনা যায়৷ পটনত নিৰ্মিত পটোলাতকৈ ই সস্তা৷ একক ইকাত পটোলাৰ বাবে প্ৰসিদ্ধ জালৱাড়ৰ বনকৰ (শিপিনী)সকলে এতিয়া দ্বৈত ইকাতো নিৰ্মাণ কৰা আৰম্ভ কৰিছে৷ “একক ইকাত কৰিলে ডিজাইনটো কেৱল কাপোৰৰ পথালিফালৰ সূতাত থাকে। ডাবল ইকাতত আকৌ দীঘে-বাণিয়ে দুয়োফালে ডিজাইন থাকে,” দুই ধৰণৰ পটোলাৰ পাৰ্থক্য দৰ্শাই ৰেখা বেনে এইদৰে কয়।
এই ডিজাইনটো যথেষ্ট জটিল৷ ৰেখা বেনে পুনৰাই সমগ্ৰ প্ৰক্ৰিয়াটো বুজাবলৈ চেষ্টা কৰে৷ ‘‘এটা একক ইকাত পটোলাত ৩৫০০ দীঘ সূতা থাকে আৰু ১৩৭৫০ বাণি সূতা থাকে৷ আনহাতে দ্বৈত ইকাতত ২২২০ দীঘ সূতা থাকে আৰু ৯৮৭০ বাণি সূতা থাকে’’, মাকোত বাণি সূতাৰ সৈতে ববিনটো ভৰাই তেওঁ এইদৰে কয়৷



























