দ্ৰষ্টব্য: ভাৰতৰ গ্ৰামাঞ্চলৰ স্বাস্থ্য বিষয়ক এলানি প্ৰতিবেদনৰ এয়া প্ৰথমটো ষ্ট’ৰি
মালাজপুৰ নামে সৰু গাঁওখনত দুই কিশোৰী ছবি ধুৰ্বে (১৭) আৰু আশা কৰ্কু (১৬)ৰ মাজত এক বিশেষ বন্ধুত্ব গঢ়ি উঠিছে। দুয়োৰে পৰিয়ালে মন্দিৰৰ মেলাত ভূত-প্ৰেতৰ পৰা মুক্ত কৰিবলৈ বেজৰ ওচৰলৈ তেওঁলোকক আনোতে দুয়ো এইবছৰ মন্দিৰত হোৱা মেলাত লগালগি হৈছিল। দুই কিশোৰী আৰু তেওঁলোকৰ পৰিয়ালে ভাবে যে তেওঁলোক দুজনৰ ওপৰত ভূত লম্ভিছে।
“ঘৰৰ ভিতৰত ইফালে-সিফালে মোক কোনোবাই দলিয়ায় আৰু মই হঠাতে বেহুঁচ হৈ যাও। এনে অৱস্থা আছিল। বিষত গেঙাই থাকো আৰু হুঁচ অহাৰ পিছত একোৱে মনত নাথাকে,” ছবিয়ে বুজাই ক’বলৈ চেষ্টা কৰে। “মোৰো একেই,” মিচিক কৰে হাঁহি এটা মাৰি আশা দেৱীয়ে কয়। “হৈ যোৱাৰ পিছত মোৰো একো মনত নাথাকে।”
ইজনে সিজনৰ ফালে চাই হাঁহে। তেওঁলোক দুজনৰ বন্ধুত্ব তেনেকৈয়ে। দুয়োৱে মন্দিৰৰ ভিতৰত থকাৰ এমাহ হৈছে। সেইখিনি সময়ত দুয়ো একেবাৰে নলেগলে লগা বন্ধু হৈ পৰিছে। আৰতিৰ সময়ত দুয়ো কান্ধত হাত থৈ বহিছে, দৈৱ-পৰিক্ৰমাৰ সময়ত খুঁহুতিয়া কথা পাতিছে।
ছবিয়ে আশালৈ চাই কয়, “তাইৰ বৰ সোনকালে দেৱী...”
“_ বুজাব নোৱাৰিম কি হয়_”
“_আৰতিৰ সময়ত দেখিব_”
“_কিন্তু এতিয়া ভালেখিনি সুস্থ হৈছো_” মন্দিৰত এমাহ কটোৱাৰ পিছত যে কিবা এটা ফল পোৱা গৈছে, তাৰে ইংগিত দি আশাই কয়।
মালাজপুৰৰ ভূতৰ মেলা এক শতিকা পুৰণি বাৰ্ষিক উৎসৱ। মাঘী পূৰ্ণিমাত (জানুৱাৰী-ফেব্ৰুৱাৰী)ত এয়া আৰম্ভ হয় আৰু বসন্ত পঞ্চমী (বসন্তৰ আগমনৰ সময়ত) উৎসৱৰ সামৰণি পৰে। মেলাখন বেতুল জিলাৰ চিচোলি ব্লকত গুৰুচাহাব বাবা বা দেওজী মহাৰাজ নামে এজন সন্তৰ সমাধিক কেন্দ্ৰ কৰি হয়। সেই গুৰুজনাৰ এনে ৰহস্যময়ী শক্তি থকা বুলি বিশ্বাস কৰা হয় যি শক্তিৰে তেওঁ ভূতে লম্ভা মানুহক সুস্থ কৰিব পাৰিছিল। গাঁৱৰ মানুহে ভাবে যে মন্দিৰৰ ভিতৰত কলৰ পাতত ভূতবোৰ আবদ্ধ হৈ ৰয়। এই উৎসৱত হাজাৰ হাজাৰ মানুহৰ আগমন ঘটে আৰু মধ্যপ্ৰদেশৰ উপৰিও চুবুৰীয়া চত্তীশগড় আৰু ৰাজস্থানৰ পৰাও ভক্তৰ আগমন ঘটে।












