हम सब कटुए हैं
हम सब कटुए हैं, आमात्य!
अपने कटे हुए सर
कटी हुई बाहें
कटे हुए पैर
और क्षत विक्षत आत्माएं लेकर
हम भटक रहें हैं
हम कातर कबंध…
हम सब कटुए हैं, राजन!
हम उस मां के कटे हुए सर हैं
जिसे पातकी पितृत्व की मदिरा से चूर
पाखंडी परशु ने धड़ से अलग कर दिया था
हम अधूरे धड़ से
मां के कटे हुए शीश के कल्ले
माटी में बोते हैं…
हम सब कटुए हैं, राजपुरूष!
हम उस तापस कुमार के भूलुंठित शीश हैं
जिसे खोखली मर्यादा की म्यान से निकाली गई
और जाति दर्प से विष बुझाई तलवार ने
काट दिया था...
जिसे किसी ने नहीं सुना
और जो अट्टहास गूंजता है हमारी संस्कृति कंदराओं में
हम उस कटे हुए शीश के अट्टहास हैं...
हम सब कटुए हैं, राजदंडाधिकारियो!
हम युगों युगों से
उस युवती की रक्त स्रावित नाक हैं
जिसे पुरुष के अहम ने
जिसे राज पुरुष दंभ ने काट दिया था
हमारी नककटी सभ्यता उस युवती के रक्त में
स्नान कर रही है और डुबकी मार
अपना ईश्वर खोज रही है
हम सब कटुए हैं, चक्रवर्ती!
हम उस योद्धा का कटा हुआ अंगूठा हैं
जिसे एक कपटी गुरुता ने काट लिया था
और फिर लगातार कटते रहे अंगूठे
कटते रहे सर
कटती रहीं बांहे
कटती रही उंगलियां
देखो आक्षितिज बिखरे हैं कटे हुए अंगूठे|
देखो उन कटे हुए अंगूठों के निशान ले रही है मंत्रिपरिषद
देखो उन कटे हुए अंगूठों की माला पहन रहे हैं महामात्य
हम सब कटुए हैं, अभिजात्यों!
हम सब कटुए हैं और बहुमत में हैं
हम खड़े हैं इतिहास के राजपथों पर
अपनी कटी हुई पहचान हथेलियों पर सजाए
आप इस देश को छोड़ें सम्राट
अपने नवनीत वदन और संपूर्ण कलेवर के साथ
ये देश हमारा है
ये आर्यावर्त कटुओं का है
আমি সকলো বিচ্ছিন্ন ক্ষত-বিক্ষত অংগ
আমি সকলোৱেই অংগচ্ছেদ হোৱা কটুৱে।
আমি সকলো ভগ্ন, বিচ্ছিন্ন সত্তা, হে অমাত্য।
ইতিহাসে ইতিহাসে আমাৰ কটা মূৰ, বাহু, ভৰি
আৰু আমাৰ টুকুৰা-টুকুৰ হোৱা আত্মা লৈ ঘূৰি ফুৰিছো,
‘মূৰহীন শৰীৰ লৈ আমি খোজ দিছো, অগ্ৰসৰ হৈছো শাৰী শাৰী...’
আমি ক্ষত-বিক্ষত মাংসপিণ্ড, মোৰ প্ৰভু৷
আমি পৰশুৱে কাটি পেলোৱা
মাতৃৰ সেই মুণ্ডৰ পৰা মুকুলিত বীজ
যি পৰশুৰামে গলাধকৰণ কৰিছিল
দুৰাচাৰ পিতৃত্বৰ ধাৰণা।
আমি এতিয়া সেই মাতৃৰ দৰেই
মূণ্ডহীন শৰীৰ লৈ
ভ্ৰমি ফুৰিছো অমাত্য।
আমি হৈছো বাগৰি ফুৰা কৃচ্ছ্ৰবতী তপস্বীৰ সেই মূণ্ড
মৰ্য্যাদাৰ ফোপোলা আৰু বিষাক্ত বৰ্ণ-অহংকাৰৰ
সেই শাণিত অস্ত্ৰেৰে
যাক কাটি পেলোৱা হ’ল
কোনেও নুশুনা আমি আমাৰ সংস্কৃতিৰ গুহাৰ
ভিতৰতে গুঞ্জৰি থকা প্ৰতিধ্বনি
আমি সেই কায়াহীন মুণ্ডৰ হাঁহি…
আমি টুকুৰা-টুকুৰ হোৱা সেই মাংসপিণ্ড,
প্ৰভু ইশ্বৰ, দেশৰ শাসক!
যুগে যুগে আমি সেই নাৰীৰ নাকৰ পৰা নিগৰা তেজ
পুৰুষত্বৰ গৌৰৱ আৰু ৰাজসিক অহংকাৰে যাক ছেদ কৰিছিল
আমাৰ খলনায়ক সভ্যতা
সেই তেজতে এতিয়া সাতুৰিছে
ইশ্বৰৰ অন্বেষণ কৰিছে।
আমি টুকুৰা-টুকুৰ হোৱা মাংসপিণ্ড - কটুৱে আমি হে সম্ৰাট!
আমি সেই যোদ্ধাৰ কটা যোৱা আঙুলি
প্ৰৱঞ্চক মহানতাই কাটি পেলোৱা সেই প্ৰতিভা
আমাৰ হাত-ভৰি কটা গৈছে - ওলমি আছে
তেনে হাজাৰ হাজাৰ আঙুলি মই দেখিছো দিগন্তত
শাৰী শাৰীকৈ ওলমাই থোৱা
হে মহামাত্য, তুমি সেই আঙুলিৰ মালা পিন্ধিছা
হে অভিজাত, আমিয়েই সেই কটা আঙুলি,
আমিয়েই সেই মাংসপিণ্ড - আমি কটুৱে।
আমি ভগা-ছিগা হাত-ভৰি
আমি সংখ্যাগৰিষ্ঠ
ক্ষত-বিক্ষত পৰিচয়েৰে সজোৱা আমাৰ হাতৰ তলুৱাৰ চাপ
ইতিহাসৰ পাতে পাতে পাবা
তোমাৰ এই সুঠাম দেহ আৰু মুখাৱয়ৱ লৈ
তুমি এই দেশখনক অকলে থাকিবলৈ দিয়া
এইখন আমাৰ দেশ
আৰ্য্যৱৰ্তৰ দেশ
আমাৰ দৰে কটুৱেৰ দেশ।