“সিহঁতে আমাৰ ঘৰবোৰ ভাঙিবলৈ হাতী আনিছিল,” ভাৰতজয় ৰিয়াঙে কয়।
“কিন্তু তথাপি সিহঁতে আমাৰ ঘৰবোৰ ভাঙিব নোৱাৰিলে। তাৰপিছত সিহঁতে আমাৰ টংবোৰ (টঙিঘৰ) জ্বলাই দিলে।” ৭৫ বৰ্ষীয় ৰিয়াং আদিবাসী সম্প্ৰদায়ৰ লোকজনে মনত পেলায় কেনেকৈ বন বিষয়াসকলে অসমৰ শ্ৰীভূমি জিলা (পূৰ্বৰ কৰিমগঞ্জ)ৰ পৰা তেওঁৰ পত্নী আৰু সন্তানসহিতে তেওঁলোকক বলপূৰ্বক উচ্ছেদ কৰিছিল। সেই ঘৰবোৰ আছিল টং ঘৰ, স্থানীয় ভাষাত যাক গাইৰিং নক বুলি কোৱা হয়। সেয়া ভাৰতজয়ৰ নিজৰ ঘৰটোকে ধৰি ত্ৰিপুৰাৰ বহু জনজাতীয় সম্প্ৰদায়ৰ পৰম্পৰাগত ঘৰ।
“আমি পাহাৰীয়া মানুহে কেতিয়াও খেৰীঘৰ বা ইটাৰ ঘৰত নাথাকো। আমি টঙিঘৰে ভাল পাওঁ,” তেওঁ উত্তৰ ত্ৰিপুৰা জিলাৰ এই চুবুৰীটোৰ নিজৰ ঘৰটোলৈ দেখুৱাই কয়। বাঁহেৰে খুঁটা দি বনোৱা এই ঘৰটো মাটিৰ পৰা এক ফুট ওপৰত থকাকৈ বনোৱা হয়। পৰম্পৰাগতভাৱে তেওঁলোকে খেৰীচালৰ ঘৰত থাকে যদিও ভাৰতজয়ৰ ঘৰটোৰ চালিখন টিনৰ। ঘৰটো আছে বাগবাছাৰ পৰা অহা দীঘলীয়া আৰু শিলৰ ওখোৰা-মোখোৰা ৰাস্তাটোত। তাৰ পৰা জৈথাং গাঁৱৰ প্ৰশান্তিময় টংচেৰা চুবুৰীটোলৈ যাব পাৰি।
আপুনি এই চুবুৰীটোত সোমালে প্ৰথমে যিকেইটা ঘৰ পাব, তাৰে এটা ঘৰ ভাৰতজয়ৰ। পাহাৰে আৱৰা ঘন হাবিয়নিৰ কাষতে এই চুবুৰীটো আছে। ত্ৰিপুৰাৰ ধৰ্মনগৰ চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত থকা এই চুবুৰীটোত ৰিয়াং (ৰাইং বুলিও কয়) আদিবাসী সম্প্ৰদায়ৰ ১৫০ টা পৰিয়াল থাকে। এই জনজাতিটোক ত্ৰিপুৰাত বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি) বুলি তালিকাভুক্ত কৰা হৈছে।


















