“ইয়াত আপুনি পেডি (ধানখেতি) নাপাব, আন্দামানখন খান্দিলে আপুনি পেডহে পাব!” লগত বহি থকা আন চাৰিগৰাকী মহিলাক বিবুদ্ধিত পেলাই সীমাই ৰগৰ কৰি কয়।
ৱানদুৰ গাঁৱৰ প্ৰায় প্ৰতিঘৰৰে এচুকত ৰেড স্পটটো নিৰ্ধাৰিত কৰিবলৈ ইংৰাজীৰ এক্স আখৰটো লিখা থকাৰ প্ৰয়োজন নাই। পৰিয়ালৰ প্ৰতিগৰাকী মহিলাই সেই স্থান মানচিত্ৰ নোহোৱাকৈ বিচাৰি উলিয়াব পাৰে, সেই ঠাই মানে চেনিটেৰি পেড পুতি থোৱা ঠাই। অৱশ্যে সকলোৱে জানিলেও সেই ঠাইটুকুৰা দেখুৱাই দিবলৈ মণ্ডল ছোৱালীবোৰে ইতস্বতঃবোধ কৰিছে, লাজো কৰিছে।
“আমি এমাহৰ বাবে পেডবোৰ জমা কৰোঁ,” সীমাই কৈ যায, “তাৰপিছত মাটিত গাঁত খান্দি সেয়া পুতি থওঁ। প্ৰত্যেকেই নিজৰ ঘৰৰ চৌহদৰ চুক এটাত পেডবোৰ পুতি থয়। আমাৰ ঘৰৰ কাষতে ঠাই এটুকুৰা আছে, কিন্তু ঠাইখন বোকাৰে ভৰি পৰিছে কাৰণে পেডবোৰ সংগ্ৰহ কৰি ঘৰৰ এচুকত থওঁ, তাৰপিছত সেয়া পুতি থওঁ। কেতিয়াবা আমি সেয়া একেটা গাঁততে পোতো, কেতিয়াবা আকৌ নতুনকৈ গাঁত খান্দিবলগীয়া হয়,” তেওঁ কয়।
দক্ষিণ আন্দামান জিলাৰ পশ্চিম অংশটোত অৱস্থিত গাওঁখনৰ পকী ঘৰ এটাৰ বাহিৰত বহি থকা পাঁচগৰাকী মহিলাই মাহেকীয়া ঋতুচক্ৰ আৰু পেড আদি নিষ্পত্তি কেনেকৈ কৰা যায়, সেইবিষয়ে কথা পাতি আছে। “কোনেনো এইবিষয়ে আলোচনা কৰিব বিচাৰে? এইবোৰ কথা আমি কেতিয়াও পতা নাই।” মণ্ডল পৰিয়ালৰ ৭২ বৰ্ষীয় মুৰব্বী উৰ্মিলাই আমাৰ কথাৰ মাজতে মাত দিয়ে। তেঁওৰ পৰিয়ালটোও বেংগলী পৰিয়ালৰ – বিভিন্ন সম্প্ৰদায়ৰ তেনে লোক আহি এই কেন্দ্ৰীয়শাসিত দ্বীপপুঞ্জটোত ভালেকেইটা প্ৰজন্ম ধৰি অধিবাসী হৈছেহি।
“আমাক মাহেকীয়াৰ কথা কোনোৱে কোৱা নাছিল,” তেওঁ কয়। “বাংলা ভাষাত তেওঁলোকে মাসিক বুলি কয়। যেতিয়া হয়, তেতিয়াহে গম পাওঁ। মই মোৰ বাইদেউৰ পৰা জানিছিলো। আমি সেইকেইদিন স্কুললৈ যওৱা নাছিলো আৰু সেইকেইটা দিনত মন্দিৰলৈকো যোৱা নাছিলো। ঘৰত আনকি পাকঘৰতো সোমোৱা নাছিলো। সেয়াই নিয়ম আছিল। আমি সেই নিয়মবোৰ কেতিয়াও উলংঘা কৰা নাছিলো আৰু তেনে কৰিলে কি হ’ব পাৰে, সেয়াও জনা নাছিলো,” তেওঁ কয়।
মণ্ডলৰ ঘৰত তিনিটা প্ৰজন্মৰ মহিলা গোট খাইছে। তাতে আছে সপ্ততিপৰ বৃদ্ধা উৰ্মিলা, তেওঁৰ বোৱাৰী সীমা মণ্ডল (৪১), সীমাৰ জীয়ৰী বাণী (১৭) আৰু শিখা (২১)। লগত আছে তেওঁলোকৰ সম্পৰ্কীয় শিৱানী মণ্ডল (৩৩)। প্ৰত্যেকৰে সামাজিক বাধা-নিষেধৰ মাজেদি জীৱন যাপন কৰাৰ নিজস্ব সুকীয়া অভিজ্ঞতা আছে।













