শিক্ষক হিচাপে তাৰিক আহমেদৰ অভিজ্ঞতা দহ বছৰ, তেওঁ প্ৰাথমিক বিদ্যালয়ৰ ল’ৰা-ছোৱালীক প্ৰাথমিক শিক্ষাদানৰ দায়িত্বত আছিল। কেন্দ্রীয় সমগ্র শিক্ষা আঁচনিৰ অধীনত ২০০৯-২০১৯ লৈ শৈক্ষিক স্বেচ্ছাসেৱক হিচাপে তেওঁ কাম কৰিছিল। লাডাখত ভেড়া-ছাগলী চৰাবলৈ অনা প্ৰব্ৰজনকাৰী বকৰৱাল পৰিয়ালৰ ল’ৰা-ছোৱালীক পাঠদান কৰাৰ বাবে ওখ পাৰ্বত্য অঞ্চল দ্ৰাছত এই ৩৭ বছৰীয়া যুৱকজনক নিয়োগ কৰা হৈছিল।
কিন্তু ২০১৯ত ৰাজ্যখন জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে দুটা ভাগত বিভক্ত হৈ পৰাত তেওঁ চাকৰি হেৰুৱায়। জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ কালাকোট অঞ্চলৰ বাসিন্দা আহমেদৰ জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাহিৰৰ ল’ৰা-ছোৱালীক পঢ়োৱাৰ যোগ্যতা নাই।
যাযাবৰী সম্প্ৰদায়ৰ সন্তানক পাহৰি যোৱাৰ বাবে কৰ্তৃপক্ষক দোষাৰোপ কৰা তাৰিকে কয়, “দুটা পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল নিৰ্মাণ কৰাৰ পিছৰে পৰা আমাৰ ল’ৰা-ছোৱালীৰ শিক্ষা ব্যৱস্থাটোত আউল লাগি গৈছে।”
“কাৰ্গিল জিলাৰ জিৰ’ পইণ্টৰ পৰা দ্ৰাছলৈকে সমগ্ৰ অঞ্চলটোত আমাৰ বাবে কোনো ভ্ৰাম্যমাণ বিদ্যালয়, কোনো ঋতুভিত্তিক শিক্ষক নাই। আমাৰ ল’ৰা-ছোৱালীয়ে দিনৰ দিনটো খাদ্য বিচাৰি অনাই-বনাই ঘূৰি ফুৰে নাইবা স্থানীয় লোকক খাদ্যৰ বাবে আমনি কৰে,” কালাকোটৰ বাথেৰা গাঁৱৰ গাওঁবুঢ়া ছামিম আহমেদ বজৰনে কয়।
বকৰৱালৰ সম্প্ৰদায়ে অভিযোগৰ সুৰত কয় যে জম্মু-কাশ্মীৰৰ ভিতৰত প্ৰব্ৰজনকাৰীৰ বাবে হাজাৰ হাজাৰ অস্থায়ী বিদ্যালয় আছে, কিন্তু তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে মে’ৰ পৰা অক্টোবৰৰ সময়চোৱাত ছমাহৰ বাবে লাডাখলৈ প্ৰব্ৰজন কৰিলে এই বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত হয়। আনুষ্ঠানিক শিক্ষাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ছিন্ন হৈ পৰাত তেওঁলোক সমনীয়াবোৰৰ লগত ফেৰ মাৰিব নোৱাৰা হয়, শৈক্ষিকভাৱে ভালেখিনি পিছ পৰি যায়। অনুসূচিত জনজাতি সম্পৰ্কত ২০১৩ চনত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে বকৰৱাল সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ ৩২ শতাংশ, যিটো ৰাজ্যৰ সকলো জনজাতিৰ ভিতৰত সৰ্বনিম্ন।









