চদৰীয়া ঝিনি ৰে ঝিনি, চদৰীয়া ঝিনি ৰে ঝিনি
ৰাম নাম ৰস ভিনি চদৰীয়া ঝিনি ৰে ঝিনি
আস্তা কম কা চৰ্খা বনায়া, পঞ্চ টাটা কি পুনি
নও দাস মাচ বিনান কৌ লাগে, মুৰখ মেইলি কিনি
চদৰীয়া ঝিনি ৰে ঝিনি
[কি যে লাহী-কোমল এই চাদৰখনি
ৰামৰসেৰে তিতি থকা কি যে লাহী-কোমল এই চাদৰখনি
পদুমৰ অস্ত পাঁহৰ যঁতৰত কটা সূতা
পঞ্চ তত্বৰ কেঁচা আঁহেৰে ন-দহ মাহ বৈ উলিওৱা
এই লাহী-কোমল বস্ত্ৰখনি
হে মূঢ়মতি, তই মলিয়ন কৰিলি]
নেহৰু দাসজীয়ে যেতিয়া কবীৰৰ দোহা গায়, তেওঁৰ আঙুলিবোৰ হাৰমনিয়ামত নদীৰ ঢৌৰ দৰে নিখুঁত ছন্দেৰে চলে আৰু সুৰ-কণ্ঠই সেই সময়খিনিত এক আৱেগিক মায়াজাল বই পেলায়। এই একেই আঙুলিকেইটা তাঁতশালত কেনেকৈ নিপুণতাৰে চলিছিল, সেই কথা সহজেই অনুমান কৰিব পাৰি। অৱশ্যে আজিকালি বোৱাতকৈ গান গোৱাটোৱেই তেওঁৰ বাবে অধিক সহজ আৰু স্বাভাৱিক হৈ পৰিছে। তেওঁ নিজৰ এই শিল্প ইতিমধ্যে দুই পুত্ৰক অৰ্পণ কৰিছে। কিন্তু এজন কবীৰপন্থী হিচাপে গীত আৰু তেওঁৰ বৃত্তিটোৰ মাজত থকা নিবিড় সম্পৰ্ক আমাক দেখুৱাবলৈ তেওঁ আগ্ৰহী।
“ঈশ্বৰে এই দেহটো সাজিবলৈ যিদৰে সময় লয়, ঠিক তেনেদৰেই মাতৃগৰ্ভত এটা শিশু পৰিপক্ক হৈ উঠিবলৈ ন মাহ সময় লাগে। হমাৰ কবীৰ চাহাব এ বাত কৌ ঔৰ কপাড়ে বিন্নে ৱালি বাত কৌ এক দুছৰে চে জৌড় চঞ্চাৰ কৌ চমঝা ৰহে হ্যে (কবীৰে জগতখনৰ এই সত্যটোকে শিপিনীয়ে কাপোৰ বোৱা কথাৰে ৰিজাই আমাৰ আগত দাঙি ধৰিছে)। ৭৮ বৰ্ষীয় নেহৰু দাসজীয়ে নিজকে বৈগাচকৰ আটাইতকৈ প্ৰবীণ শিপিনী বুলি চিনাকি দিয়ে।






















