মনোৰ ফাটা (জংছন)ত পুৱাৰ ভাগত প্ৰচণ্ড শীত পৰিছে। স্তিমিত হৈ পৰা জুইৰ কাষত কৃষকসকল বহি আছে। ৰাতি হাড় কঁপোৱা জাৰ পৰিছিল। পুৱাৰ ভাগত, লক্ষ্মী দত্ত ববাই কোৱাৰ দৰে, “যেন বৰষুণহে পৰিছিল, তেনেকৈ নিয়ৰ পৰিছিল।”
সেই প্ৰচণ্ড শীতৰ মাজতো ৪৬ বছৰীয়া আদিবাসী কৃষকজনৰ পিছে মনৰ মাজত মাটি, পানী আৰু আটাইতকৈ জৰুৰী হৈ পৰা নিশ্চিত নিয়োগ নোপোৱাৰ ফলত সৃষ্টি হোৱা সমস্যাৰ জুইকুৰা পিছে দাউদাউকৈ জ্বলি আছিল। তেনে বহু সমস্যা যেনে মাটিৰ পট্টা, সহজলভ্য পানীৰ সুবিধা আৰু আটাইতকৈ প্ৰয়োজনীয় হাজিৰা কাম আদি নানা সমস্যাৰ সমাধানৰ দাবীত তেওঁৰ দৰে হাজাৰ হাজাৰ লোকে মনত ক্ষোভ লৈ পালঘৰ জিলাৰ সমাহৰ্তাৰ কাৰ্য্যালয়লৈ প্ৰতিবাদী মিচিল উলিয়াইছিল। মৰ্য্যাদাপূৰ্ণ জীৱন এটাৰ দাবীত তেওঁলোক তেনেকৈ জানুৱাৰীৰ প্ৰচণ্ড শীতকো নেওচি ৰাজপথত আগবাঢ়ি গৈছিল।
“গোটেই বছৰটোৰ কথা বাদ দিয়ক, আমি ৰোজগাৰ হামি (নিশ্চিত নিয়োগ) যোজনাৰ অধীনত এটা দিনৰো কাম নাপাও,” মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি চমুকৈ মনৰেগা প্ৰসংগত ক্ষোভ ব্যক্ত কৰি লক্ষ্মীয়ে কয়। কেন্দ্ৰ চৰকাৰে শেহতীয়াকৈ গাঁথনিগত সালসলনি কৰি মনৰেগাক বিকশিত ভাৰত - জি ৰাম জি আইন চমুকৈ ভিবি-জি ৰাম জিলৈ নাম দিছে। এই গাঁথনিগত পৰিৱৰ্তনৰ যোগেদি কামৰ আইনী গেৰাণ্টি দিয়াৰ ক্ষেত্রত বাজেট আবণ্টনৰ সিংহভাগ দায়িত্ব ৰাজ্য চৰকাৰৰ ওপৰত জাপি দিয়া হৈছে।
চিপিআই (এম) আৰু সৰ্বভাৰতীয় কিষাণ সভাৰ মহাৰাষ্ট্ৰ গোটৰ দ্বাৰা আয়োজিত এই ৰেলিত ভাগ লোৱা হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকৰ মূল দাবীসমূহৰত ভিতৰত আছিল ন্যূনতম ৬০০ টকা মজুৰিত ২০০ দিনৰ নিশ্চিত কাম। ১৯ জানুৱাৰীত আৰম্ভ হোৱা এই প্ৰতিবাদ ২১ জানুৱাৰীৰ দিনা সামৰা হয় যেতিয়া জিলা সমাহৰ্তাই প্ৰতিটো দাবীৰ ক্ষেত্রত কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।












