কুকুৰাৰ ডিঙিটো দাঁতেৰে কামুৰি চিঙি পেলাই চুডলই কালী বা শ্মশান দেৱীৰ প্ৰতি উত্সৰ্গা কৰাৰ পিছত তেওঁ দাঁতেৰে তৰাপ্পু (ছাগলীৰ হাওঁফাওঁ)টো দাঁতেৰে কামুৰি ছন্দোময় গতিত আগবাঢ়িছে, তেওঁৰ বাওঁহাতত এখন কাঁচি। দেৱী পুত্ৰু পুনকাবানট্টু আম্মান মন্দিৰৰ পৰা ক’লা শাড়ী পিন্ধা ইশ্বৰ্য়াই পাম্বাই আৰু পাৰাই ঢোলৰ ছন্দে ছন্দে ব্যস্ত ৰাস্তা এটাত আগবাঢ়ি গৈ আছে তিৰুবল্লম চহৰৰ পুনই নদীলৈ। প্ৰায় শুকাই তৰাং হৈ পৰা নদীখন পায় মানে তিৰুনংগইগৰাকী ঢলি পৰিল। তেওঁৰ বাবে এয়া কেৱল নৃত্য পৰিৱেশন নহয়, যদিওবা এই ৩৭ বৰ্ষীয় ইশ্বৰ্য়াই নিজাকৈ এটা নাট্যগোষ্ঠী চলায়। মঞ্চস্থ হ’বলগীয়া নাটখনলৈ তেতিয়াও কেবাঘণ্টা আছে, একেবাৰে দিনটোৰ শেষত নাটখন পৰিৱেশন কৰা হ’ব।
তামিলনাডুৰ ভেল্ল’ৰ জিলাৰ এইখন গাঁৱত দলিত সম্প্ৰদায়ৰ লোকে তামিলসকলৰ মাচি (মাৰ্চ) মাহত অমাৱস্যাৰ দিনা বাৰ্ষিক মায়ানা কল্লাই উত্সৱ (শ্মশান উত্সৱ)ত এই তিৰুনংগই মহিলাগৰাকীয়ে ভাগ লৈছে। ইশ্বৰ্য়া চক্কিলিয়াৰ সম্প্ৰদায়ৰ, ৰাজ্যখনত অনুসূচিত জাতি হিচাপে তালিকাবদ্ধ। যোৱা দুটা দশক ধৰি তেওঁ মন্দিৰৰ এই উত্সৱত ভাগ লৈ আহিছে।
“এই উন্মাদনাত মই নচা নাছিলো,” তেওঁ কয়। “মোৰ একো মনত নাছিলো, মোৰ গাত আম্মা লম্ভিছিল।” আম্মা মানে কালীৰ ৰূপ, তেওঁলোকৰ সম্প্ৰদায়ে উপাসনা কৰা দেৱী। নীতি-নিয়মখিনি শেষ হোৱাৰ পিছত চুড়ান্ত পৰিৱেশন ৰাতি ১০ বজাত হ’ব।
ৰাতিৰ কাহিনী অলপ বেলেগ। ৰাস্তাৰ মাজত থকা দহ বাই বাৰ ফুট ওখ মঞ্চখনত উঠোতে ইশ্বৰ্য়াই তেওঁৰ গাত বল ঘুৰাই পোৱা যেন লাগিছে। বেনাৰখন ক’ত লগাব লাগিব, ৫০০ ৱাটৰ লাইটকেইটা ক’ত বহুৱালে ভাল হ’ব সেই আটাইবোৰ পৰামৰ্শ তেওঁ উত্সৱৰ আয়োজকসকলক দিছে। “দুটা মঞ্চৰ ফালে মুখ কৰি লগাওক, অলপ চুকীয়চুকিকৈ লগাওক,” তেওঁ নিৰ্দেশ দিছে। তেৱেই মঞ্চ পৰিচালক, কষ্টিউম ডিজাইনাৰ, লাইট ডিজাইনাৰ, পৰিচালক, নাট্যকাৰ আৰু নাট্যগোষ্ঠীটোৰ মুৰব্বী। অশোক নাটক মণ্ডৰম নামে নাট্যগোষ্ঠীটোৰ ইশ্বৰ্য়াই হৈছে সেনানায়ক। মঞ্চত থকা কাপোৰৰ বেনাৰত নাট্যগোষ্ঠীটোৰ নাম ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে।



