গজানন্দ চহৰীয়াই জীৱনত প্ৰথমবাৰৰ বাবে শুনিছিল যে তেওঁ নিজে এগৰাকী মাটিৰ মালিক, যেতিয়া কেইজনমান মানুহে তেওঁৰ খেৰীঘৰটোত উপস্থিত হৈ তেওঁক মাটিখিনি বিক্ৰী কৰিবলৈ কৈছিল। “তেওঁলোকে ক’লে যে মাটি মোৰ নামত আছে। মই প্ৰায় দুই কিলোমিটাৰ দূৰত থকা মোৰ ঘৰটোলৈ গৈ চালো। সেয়া হাবিৰে ভৰি আছিল। কেতিয়াও তাত একো খেতি কৰা হোৱা নাছিল। আমিও কৰা নাছিলো, আন কোনোৱেও কৰা নাছিল,” কালোনি গাঁৱৰ আদিবাসী চুবুৰী মুন্দেয়াৰৰ বাসিন্দাগৰাকীয়ে কয়।
৩৫ বছৰ বয়সীয়া চহৰীয়া আদিবাসী লোকজনে তেওঁৰ নতুন সম্পত্তিৰ কথাটো বিশ্বাস কৰিব পৰা নাছিল, আনফালে মনত পইচা পোৱাৰ আশাও জাগি উঠিছিল। তেওঁ দিনে ২০০ টকা হাজিৰাত মাহটোৰ কোনোমতে চাৰিৰ পৰা পাঁচদিন দিনহাজিৰাৰ কাম পায়। কামৰ বাবে তেওঁ প্ৰব্ৰজনো কৰে। গজানন্দৰ ১৫ জনীয়া পৰিয়ালটোৱে চাহবাদৰ হাবিৰ পৰা নন-টিম্বাৰ ফৰেষ্ট প্ৰডিউচ চমুকৈ এনটিএফপি সংগ্ৰহ কৰি চলি থাকে। “আমি মহুৱা, তেন্দু পাত, খৰি, আচাৰ, আমলা আদি সংগ্ৰহ কৰো,” তেওঁ এবিধ এবিধকৈ নামবোৰ কৈ গ’ল। “এনেকৈ আমি চলি থাকো।” এইবোৰ বিক্ৰী কৰি তেওঁলোকে মাহত এক-দুই হাজাৰ টকা পায়।
তেওঁলোকে নিৰ্ভৰ কৰা অৰণ্যখন হৈছে ৰাজস্থানৰ পূৰ্বাঞ্চলত ১৭৯ বৰ্গকিলোমিটাৰ বিয়পি থকা চাহবাদ টালেতি অৰণ্য। বিৰল উদ্ভিদ, গছ-গছনি আৰু বন্যপ্ৰাণীৰে এই অৰণ্যখন ভৰি আছে। ২০২২ত বন বিভাগে অৰণ্যখনৰ পৰিস্থিতিতন্ত্ৰগত তাৎপৰ্য্য আঙুলিয়াই দি তাক সংৰক্ষিত বনাঞ্চল বুলি চিহ্নিত কৰিছিল। কাৰায়া [Sterculia urens] নামে উদ্ভিদবিধ কেৱল চাহবাদৰ দৰেই কেইখনমান অৰণ্যত পোৱা যায়। তাৰোপৰি অৰণ্যখনত শ শ ঔষধি উদ্ভিদ আছে।
এই অৰণ্যখনত প্ৰথম অনুসূচীৰ অন্তৰ্গত জীৱ-জন্তু আৰু চৰাই-চিৰিকতি আছে। সেয়া বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ অধীনত চিকাৰৰ পৰা সুৰক্ষিত। এই তালিকাত আছে বংগীয় আৰু সোণালী শিয়াল, ভাৰতীয় শিয়াল, নাহৰফুটুকী (Panthera Pardus), ভাৰতীয় ধূসৰ নেউল, পটীয়া হায়েনা (Hyaena hyaena), বেজ্জাৰ (জহামালৰ নিচিনা এবিধ নিশাচৰ জন্তু), চিভেট কেট (জহামালজাতীয় মাংসভোজী হিংস্ৰ জন্তু), স্লথ ভালুক, ৰঙা মূৰীয়া শগুণ, ভাৰতীয় ম’ৰা চৰাই চৰাই ইত্যাদি।
কুনো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অৰণ্যখনলৈ এঘণ্টাৰো কম বাট। কুনোক মধ্যপ্ৰদেশৰ গান্ধী সাগৰত থকা চিতাৰ দ্বিতীয়খন ঘৰৰ সৈতে সংযোগ কৰিবলৈ লোৱা প্ৰস্তাৱিত ক’ৰিডৰৰ ই ভিতৰত পৰে। এটাৰ পিছত আনটো চিতাৰ মৃত্যু ঘটাৰ ফলত চৰকাৰে আশা কৰিছে যে এই ক’ৰিডৰ বহুৱালে চিতাৰ বাবে পৰিস্থিতি কিছু অনুকূল হ’ব।
গোটেই জুন মাহটোত নেৰানেপেৰা বৰষুণ। বনাঞ্চলৰ বুকুৰে বৈ যোৱা সৰু সৰু নিজৰাবোৰ গৈ তলত ডাঙৰ নৈবোৰত মিলিছে। আটাইবোৰ জুৰি গৈ কুণ্ডাহ খো জলপ্ৰপাতৰ ফালে বৈ গৈছে। তাৰ পৰা ১০০ ফুট তললৈ বোকা-পানী হৰহৰাই নামি গভীৰ উপত্যকাত পৰিছেগৈ। তলত সৰ্পিল গতিৰে আগবঢ়া কুনো নদীখন। বৰষুণ দি থকা সত্বেও মানুহে অৰণ্যৰ উপজ সামগ্ৰী বিচাৰি ঘূৰি ফুৰিছে।



















