বীণা ৰাণীৰ টোপনি নহাৰ বহুদিনেই হ’ল। ২০২৫ৰ ছেপ্টেম্বৰৰ পৰা ২৪ বছৰীয়া বীণাই ৰছীৰ বিচনাখনত ইকাটি-সিকাটি কৰিয়ে থাকে, কিন্তু টোপনি হ’লে নাহে। চকু মুদিলেই মানস পটত ভাঁহি আহে তেওঁৰ পৰিয়ালৰ খেতিমাটিখিনি বানে তচনচ কৰি পেলোৱা সেই দৃশ্য, কেনেকৈ পাঞ্জাৱৰ ফজিলকা জিলাৰ তেওঁৰ ৱল্লে শ্বাহ উত্তৰ গাঁওখনি বানৰ পানীয়ে বুৰাই পেলাইছিল।
“আগতকৈ ভাল পাইছো,” ৰাতিৰ ভাগৰ দৰৱ খাই থকাৰ মাজতে বীণাই কয়। তেওঁলোকৰ তিনিটা পকী কোঠাৰ ঘৰটো মূল গাঁওখনৰ বাহিৰৰ খেতিপথাৰৰ মাজতে আছে। শতদ্ৰুৰ জুৰি এটাৰ কাষতে। তেওঁলোকৰ ঘৰৰ পৰা জুৰিটো তেনেই শান্ত আৰু স্থিৰ যেন লাগে। কিন্তু জুৰিটো আঠ ফুট পৰ্য্যন্ত দ। তাৰে কাষতে আছে তেওঁলোকৰ চাৰি একৰ খেতিমাটি।
“তাই হাঁহিবলৈকে এৰিলে,” বীণাৰ বায়েক কৈলাশ ৰাণী (২৬)য়ে কয়। তেওঁলোকৰ পিতৃ জৰ্নেল সিং (৫২)য়ে মনত পেলায় কেনেকৈ তেওঁলোকে তাইক বহুৱাবলৈ যত্ন কৰিলেই তাই কান্দিবলৈ ধৰিছিল।
“মনটো বিভিন্ন প্ৰশ্নই জুমুৰি দি ধৰিছিল। বাৰে বাৰে মনলৈ আহিছিল শস্যখিনি নষ্ট হোৱাৰ পিছত ক’ৰপৰা পইচা পাম, বাঢ়নী পানী কেতিয়া পথাৰৰ পৰা আঁতৰিব, অহাবাৰ ঘেঁহুৰ খেতি কৰিব জানো পাৰিম আদি বিভিন্ন প্ৰশ্ন,” বীণাই কয়। কিহে তেওঁক ইমান উদ্বিগ্ন কৰি তুলিছে, প্ৰিয়জনে সুধিলে তেওঁ বুজাই ক’ব পৰা নাছিল। “এনে লাগিছিল কোনোবাই যেন মোৰ মূৰৰ ওপৰত গধুৰ কিবা এটা বস্তুৰে হেঁচি ধৰি আছে।”
গাঁওখনৰ সকলোকে বানে জুৰুলা কৰিছিল আৰু বীণাই ভাবিছিল যে তেওঁৰ মনৰ উদ্বিগ্নতাও কমিব।
কিন্তু সেই উৎকণ্ঠা-উদ্বিগ্নতা আঁতৰি নগ’ল। তেওঁ আৰু বেছি নিঃসংগ হৈ থাকিবলৈ ল’লে আৰু মনৰ উৎসাহো আৰু মৰি আহিল। পৰিয়ালে আৰু ৰৈ নাথাকিল, তেওঁক তাৰ পৰা ৫০ কিলোমিটাৰ দূৰৰ আবোহৰৰ এগৰাকী মনোৰোগ চিকিৎসকৰ ওচৰলৈ লৈ গ’ল। তাতে তেওঁ হতাশাত ভোগা বুলি ধৰা পৰিল।
তাই ক্লিনিকতো উচুপি উঠিছিল। “ডিমাগ দি নচ্চা কমজোৰ হৌ গয়ী নি (মগজুৰ স্নায়ুবোৰ দুৰ্বল হৈ গৈছে),” তেওঁ কয়।
















