নতুনকৈ চপোৱা চেৰিফলবোৰ হালধীয়া তিৰ্পাল এখনত দম কৰি থোৱা আছে। দুই ভাই আব্দুল চালাম খান আৰু নাছৰুল্লাহ খান (দুয়োৰে বয়স ষাঠিৰ ওচৰা-উচৰি)য়ে ভৰি কোঁচাই বহি লৈ দীৰ্ঘদিনীয়া অভ্যাসেৰে খৰকৈ ফলবোৰৰ গুণগত মান চাই ভাগ ভাগ কৰিছে। এইবাৰ চেৰি বিক্ৰী কৰাটো খুবেই টান হ’ব আৰু সেই চিন্তাই তেওঁলোকৰ মুখবোৰ ভাগৰুৱা আৰু কঠিন কৰি তুলিছে।
তেওঁলোকৰ সৰু বাগিচাখন এক একৰৰ কোনোমতে চাৰিভাগৰ এভাগ হ’ব। কেন্দ্ৰীয় কাশ্মীৰৰ গান্দৰবল জিলাৰ চোৰাফ ৰাৱ গাঁৱত বাগিচাখন আছে।
“বছৰটো বৰ কঠিন আছিল,” জুন মাহৰ ৰ’দে চিকমিকাই থকা পুৱা এটাত আব্দুল চালামে কয়। “আমি ৪০ বছৰ ধৰি এই কাম কৰি আহিছো, কেতিয়াও এনে চিজন দেখা নাই। ইফালে প্ৰতিকূল বতৰ আনফালে তেনেই কম পৰ্য্যটক। আমাৰ অৱস্থা খুবেই বেয়া হৈ পৰিছে,” ৬৫ বছৰ বয়সীয়া আব্দুলে কয়।
এইবছৰৰ আৰম্ভণিৰ ভাগত পাস্তুন সম্প্ৰদায়ৰ খান ভাতৃদ্বয়ে চোৰাফ ৰাৱৰ বিভিন্ন স্থানত থকা দুই একৰ মাটি চেৰি খেতিৰ বাবে লীজত লৈছিল। গাঁওখন শ্ৰীনগৰৰ উত্তৰাঞ্চলৰ পৰা ৪৯ কিলোমিটাৰ দূৰত্বত আছে, তেওঁলোকৰ গোটলি বাগৰ ঘৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰত।
পৰিয়ালৰ সদস্য আৰু হাজিৰা কৰা মানুহ লগাই তেওঁলোকে খেতি চপালে, কিন্তু মাহৰ পিছত মাহধৰি কৰা পৰিশ্ৰমৰ শেষত ক্ৰেতা পাবলৈ নাইকিয়া এক পৰিস্থিতি আহি পৰিল।














