“ইয়াত মই কি কৰি আছো সুধিছে? এইখিনিতে মোৰ ঘৰ,” ২০০ মিটাৰ দূৰত্বত থকা তেওঁৰ ঘৰটো আছে বুলি দেখুৱাই সুখৰাম কুমাতিয়ে কয়। নিজকে ষাঠি বছৰীয়া বুলি কোৱা সুখৰামে ৰাস্তাৰ কাষৰ এটা শিলত বহি লৈছে। তাত গছৰ ছাঁ সামান্য নপৰা নহয়। তেওঁ নহয়, তেওঁৰ কাষত থোৱা বস্তু এটালৈ চকু পৰাতহে আমাৰ মনলৈ প্ৰশ্ন আহিল।
বস্তু মানে এটা ডাঙৰ জাৰ। ২০ লিটাৰমান ধাৰণক্ষমতা হ’ব চাগে। ভিতৰত বগা বগা এবিধ তৰল পদাৰ্থ। তাৰোপৰি লগত আছে এটা বাল্টি আৰু তাৰে পানীত উপঙি আছে কেইটামান প্লাষ্টিকৰ মগ। এটা ৰঙা প্লাষ্টিকৰ গিলাচ মাটিত পৰি আছে। দুটা ভিন্ন ৰঙৰ মগো আছে। তাৰে এটাৰ ৰং গুলপীয়া যদিও প্ৰায় উৱলিছে। নীলা ৰঙৰ আনটো মগ বাল্টিটোৰ কাষত ওলমাই থোৱা আছে।
এইখন গাঁৱৰ নাম কদলি। আপুনি যদি নাৰায়নপুৰ জিলা সদৰৰ পৰা আহে, তেন্তে চত্তীশগড়ৰ বাস্তাৰৰ অভুজমদ অঞ্চলৰ দ্বিতীয়খন গাওঁ।
সুখৰামে কি কৰি আছে কৈছে যদিও কথাৰ সুৰতে গম পোৱা যায় যে তেওঁ অধৈৰ্য্য হৈছে। গোটেই মানুহকেইটাৰ ভিতৰত ময়েই চাগে কি কৰি আছে, সেয়া ভালকৈ ধৰিব পৰা নাই।
“চালফি, চালফি…” কি বস্তু ধৰিব নোৱাৰাত তেওঁ বিৰক্ত হৈ মোক কৈছে। মই আমি দুজনে লৈ থকা কেমেৰাৰ ফালে চালো, তেওঁ কি চেলফি তোলাৰ কথা কৈছে নেকি?





