বিন্ধ্য পৰ্বতৰ সিপাৰে বেলি ডুবিছে, চৰাই-চিৰিকতি অৰণ্যলৈ উভতিছে। দমা চস্তিয়াৰ যাত্ৰাৰ সময় আহি পৰিছে। সুগত গঁৱৰ এইজন খেতিয়কে পাহাৰৰ ওখোৰা-মোখোৰা বাটেৰে এটা নিজৰালৈ এক কিলোমিটাৰ বাট বগাই যাব। গোটেই ৰাতিটো তেওঁ তাতে কটাব আৰু পানীৰ পাত্ৰবোৰ পূৰাব। পুৱাৰ ভাগত তেওঁ ঘৰলৈ উভতিব। “জুৰিবোৰত ৰাতিৰ ভাগত বেছি পানী বয়,” ৰাতিহে কিয় যায়, সেই কথা বুজাই ৫০ বছৰ বয়সীয়া দমাই কয়।
এটা-দুটা নিজৰাই ৫৩৪ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল অনুযায়ী) গাঁওখনৰ চাহিদা পূৰাব নোৱাৰে। কাহিলীপুৱাৰ পৰাই সুগত গাঁৱৰ মানুহে পানীৰ পাত্ৰ আৰু গাধ লৈ পাহাৰৰ পৰা নামি নৰ্মদা নদীলৈ আহি তাত গা ধোৱে আৰু পানী লৈ যায়। আবেলি আকৌ একেটা কামৰে পুনৰাবৃত্তি হয় আৰু দিনটোত এনেকৈ গা ধোৱা, কাপোৰ-কানি, বাচন বৰ্তন ধোৱা-পখালা আৰু পানী সংগ্ৰহ কৰাৰ নামত গঢ়ে তিনিঘণ্টামান সময় যায়। ভাৰতীয় সংবিধানে পানীৰ অধিকাৰক জীৱনৰ অধিকাৰৰ অংশ হিচাপে গণ্য কৰে। সেইমৰ্মে সুগত গাঁৱত মানৱ অধিকাৰ বাৰুকৈয়ে খৰ্ব হৈছে।
নৈৰ পৰা আটাইতকৈ দূৰত থকা ঘৰটোৰ পৰা নৈলৈ ডেৰ কিলোমিটাৰ বাট। পানী আনিবলৈ তাৰ পৰা পাহাৰলৈ উঠা-নমা কৰোতে এঘণ্টাৰো বেছি সময় লাগে। সপ্তাহত প্ৰায় ১৫ কিলোমিটাৰ খোজ কঢ়া হয়। পানীভৰ্তি বাল্টি-কলহ লৈ পাহাৰলৈ উঠি যাওতে নামি অহাতকৈ দুগুণ সময় লাগে।
কাহিলীপুৱা পানীৰ দায়িত্ব দমাৰ পুতেকে লয়। আঠজনীয়া পৰিয়ালটোৰ বাবে তেওঁ গাধৰ পিঠিত তুলি সেই মূল্যবান পানী লৈ আহে। গাধবোৰ এতিয়া এই কামৰ সৈতে অভ্যস্ত। পানীৰ বোজা পিঠিত তুলি দিয়াৰ পিছত নিজে নিজে আহি ঘৰ পায়।
নৰ্মদা আৰু নৰ্মদা নৈৰ উপনৈ হঠিনীৰ পাৰৰ এইখন গাঁৱৰ বাসিন্দাৰ লগতে ঝণ্ডানা গাঁৱত বাস কৰা আন ভিলাল জনজাতীয় লোকৰ বাবে পানীৰ সমস্যা নাছিল। পানী উভনৈদী আছিল।
নৰ্মদাৰ ওপৰত নিৰ্মিত চৰ্দাৰ সৰোবৰ বান্ধৰ ফলত গাঁওবোৰ জলমগ্ন হৈ পৰাৰ পিছত সকলো সলনি হৈ গ’ল। গেটবোৰ ২০১৪ত বন্ধ কৰি দিয়া হয়, ফলত সুগত আৰু ঝণ্ডানা গাঁৱকে ধৰি মধ্য প্ৰদেশৰ প্ৰায় ২০০ খন গাঁও জলমগ্ন হৈ পৰে। নদীখনে সেই অঞ্চলৰ খেতিপথাৰবোৰ বুৰাই পেলায়। দমা আৰু তেওঁৰ পৰিয়ালটোৰ দৰে যিসকল তাৰ পৰা ওলাই নগ’ল, তেওঁলোকে বিন্ধ্য পৰ্বতত উঠি যাবলগীয়া হ’ল। তাত পানী নাই, বিদ্যুতৰ সুবিধা আৰু যাতায়াতৰ ভাল পথ নাই।




























