“মই পুলিচ অফিছাৰ হ’ব পাৰিলোহেঁতেন, যদিহে দেউতেওঁ মোক পঢ়িবলৈ দিলেহেঁতেন,” তেলেতীয়া লেতেৰা বাচন-বৰ্তন আৰু চাবোনৰ ফেন ভৰি থকা চিংকটোলৈ ঘূৰি যোৱাৰ আগতে তেওঁ হেঁপেহুৱা সুৰ এটাৰে কয়। ৰাতিপুৱা ৯ বাজিছে আৰু তেওঁ গেট লগোৱা কমিউনিটিটোৰ ইটোৰ পৰা সিটো এপাৰ্টমেণ্টলৈ যাবলৈ খৰখেদা আৰম্ভ কৰিব। ঘৰুৱা শ্ৰমিক হিচাপে কাম কৰা কলনীটোত জনাজাত অনিতা দিদিৰ ঘৰলৈ উভতি অহাৰ যাত্ৰা আৰম্ভ কৰাৰ আগতে এতিয়াও আৰু পাঁচখন ঘৰৰ কাম শেষ কৰিবলগীয়া আছে। তেওঁ কাম কৰা উচ্চমানৰ উপকণ্ঠ অঞ্চল উত্তৰ-পশ্চিম হায়দৰাবাদৰ নাল্লাগণ্ডলাৰ পৰা গাতে লাগি থকা সাংগাৰেড্ডী জিলাৰ পটানচেৰুত থকা ঘৰলৈ উভতি আহিবলৈ ১০ কিলোমিটাৰ বাট বাব লাগিব।
ইতিমধ্যে চাৰিটা সন্তানৰ মাতৃ ২৫ বছৰীয়া অনিতা ৰাথোড় তেলাংগনাৰ অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত লম্বাডি সম্প্ৰদায়ৰ। প্ৰব্ৰজিত শ্ৰমিকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ পাঁচখনৰ ভিতৰত স্থান লাভ কৰা হায়দৰাবাদৰ গেটযুক্ত কমিউনিটিবোৰৰ ভিতৰত নিয়োজিত বহু প্ৰব্ৰজিত শ্ৰমিকৰ ভিতৰত তেওঁ অন্যতম। দীঘলীয়া সময় কাম কৰাৰ বাবে তেওঁ জল্লাগিড্ডা তাণ্ডাত থকা যৌথ পৰিয়ালটো, মাইনেলিত থকা তেওঁৰ পিতৃ-মাতৃৰ সৈতে সন্তানক এৰি থৈ যোৱাৰ প্ৰয়োজন হয়। তাৰ লগতে তেওঁৰ এৰি দিবলগীয়া হৈছে নিজৰ সপোনবোৰ।
প্ৰতিদিনে পুৱা প্ৰায় ৪ বজাতে ৰন্ধা-বঢ়া আৰু কাপোৰ ধোৱা, ঘৰ চাফা কৰ কামেৰে তেওঁৰ দিনটো আৰম্ভ হয়। পুৱা ৫.৩০ বজাত তেওঁ বাছত উঠি ওচৰৰ ৰাংগা ৰেড্ডী জিলাৰ লিংগমপল্লীলৈ যায়। আৰু তাৰ পৰা ৫০ টকাত অটো লৈ ৬ বজাত নল্লাগণ্ডলা পায়গৈ। ২০২৩ চনত প্ৰৱৰ্তন কৰা তেলাংগনা চৰকাৰৰ মহা লক্ষ্মী আঁচনিখনে ৰাজ্যিক পৰিবহণ বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাত্ৰাৰ সুবিধা প্ৰদান কৰে, সেয়ে অনিতাই কৰ্মস্থলীলৈ অহা-যোৱাৰ নামত খৰচ হোৱা কিছু অংশ ৰাহি কৰাত সহায় কৰে।














