লাটেহৰা তোলাত ৰাস্তাৰ দুয়োকাষে প্ৰায় চৌব্বিচ ঘৰমান মানুহ আছে। তাৰে কিছুমান ঘৰ পকী, কিছুমান খেৰীচালৰ ঘৰ। ছেপ্টেম্বৰৰ দুপৰীয়াৰ কথা। বৰষুণ এইমাত্ৰ থমকিছে। আকাশ ফৰকাল হৈ আহিবলৈ ধৰিছে। ঘৰৰ বাৰান্দাতে বহি বয়োজ্যেষ্ঠ মহিলা কেইগৰাকীমানে মেল মাৰিছে।
ওলাই আহিবলৈ ধৰা কুঁজ আৰু কপালৰ দ ৰেখাই কৈ দিয়ে যে ফুলমণিৰ বয়স চাৰিকুৰিৰ কাষ পাইছে। তেওঁ লাখুটি এডালত ভৰ দি মোৰ ফালে কোনোমতে আগবাঢ়ি আহিল। দেশ স্বাধীন হোৱাৰ সময়ত তেওঁৰ বয়স আছিল তিনি বছৰ। ২১ বছৰ বয়সৰ পৰা জামুই জিলাৰ লাটেহৰা তোলাৰ এই চাওঁতাল আদিবাসী মহিলাগৰাকীৰ নাম ভোটাৰ তালিকাত সদায়ে আছিল। কিন্তু যোৱামাহত তেওঁৰ নামটো ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হ’ল। চাৰিকুৰি বছৰ বয়সৰ কাষ চপা ফুলমণিৰ এতিয়া চিন্তা হৈছে যে তেওঁ জীৱনৰ এই শেষ সময়ছোৱা কেনেকৈ পাৰ কৰিব। তেওঁৰ ভয় হৈছে যে ভোট দিব নোৱাৰিলে তেওঁৰ নামটো চৰকাৰী আঁচনিৰ পৰা কটা যাব। সিবোৰ আঁচনিৰ সুবিধা নাপালে তেওঁৰ কেনেকৈ জীয়াই থাকিব, তাকে লৈ তেওঁ শংকিত হৈ পৰিছে।
ধুবৰতাৰি গাঁৱৰ কানাৰ আদিবাসী তোলাৰ যোগ্য ভোটাৰ তালিকাৰ পৰা বিষ্ণুদেৱ হাঁচদাৰ নামো কাটি দিয়া হৈছে। একেদৰে ৰাজু কিস্কুৰ নামো কটা গৈছে। ফুলমণিৰ লগতে তেওঁৰ পৰিয়ালৰ আন পাঁচগৰাকী সদস্যৰ নামো তালিকাত নাই। তেওঁলোক আটাইৰে নাম খিৰভোজনা (পূব)ৰ উৎক্ৰমিত মধ্য বিদ্যালয়ৰ ১৪ নম্বৰ ভোটকেন্দ্ৰত আছিল। এই প্ৰতিবেদকে এই কেন্দ্ৰটোৰ প্ৰায় ৫০ শতাংশ আদিবাসীৰ নাম চেক কৰি চাইছিল। ভোটদাতাৰ পুনৰীক্ষণৰ পিছত চূড়ান্ত তালিকাত ৬৬১ জন ভোটদাতাৰ নাম আছিল।
বিহাৰত বিশেষ বিস্তৃত পুনৰীক্ষণ চমুকৈ এছ.আই.আৰ. অভিযান চলোৱা হৈছিল ২০২৫ৰ জুলাই মাহত। এই অভিযানত প্ৰায় ৬৬ লাখৰো অধিক ভোটাৰক ঘাইকৈ ‘মৃত’ বা ‘স্থানান্তৰিত’ বুলি উল্লেখ কৰি নাম কৰ্তন কৰা হৈছিল। পঢ়ক: “বিহাৰত ‘মৃত’ আদিবাসীয়ে নিজৰ কাহিনী কয়”
বিহাৰত মুঠ জনসংখ্যাৰ প্ৰায় দুই শতাংশতকৈও কম আদিবাসী লোক আছে। কিন্তু তেওঁলোকৰ নামেই ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে চলা এই ভোটাৰ পুনৰীক্ষণ অভিযানত আটাইতকৈ বেছি কাটি পেলোৱা হৈছে। আদিবাসী অধ্যূষিত অঞ্চলৰ বাসিন্দাসকলে ঘাইকৈ ক্ষুদ্ৰ বনজ সামগ্ৰীৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকে হাবিৰ পৰা দিনৰ ভাগত খৰি আদি সংগ্ৰহ কৰে আৰু আবেলি সময়ত বজাৰত সেয়া বিক্ৰী কৰি দিনে ১৫০ৰ পৰা ২০০ টকা উপাৰ্জন কৰে। এই কামৰ উপৰিও তেওঁলোকে খেতি পথাৰত নাইবা মনৰেগাৰ কাম পালে দিনহাজিৰা কৰে।
















