পুৰ্ণিয়া জিলাৰ মাকৈপ্ৰধান অঞ্চলটোৰ মাজেৰে যোৱা মূল পকী পথটোৰ দুয়োকাষ বছৰটোৰ এইখিনি সময়ত সোণালী হৈ থাকে। মাকৈৰ খেতি চপোৱা হ’ল আৰু খেতিয়কে ৰাস্তাৰ দুয়োকাষে হালধীয়া মাকৈৰ শাহবোৰ শুকাবলৈ মেলি দিছে। চন্দৱা-ৰূপচপুৰ আদিবাসী তোলাৰ কাষত আমি চাওতাল পুৰুষ আৰু মহিলাক দানাবোৰৰ সেমেকা অংশবোৰ শুকাবলৈ কাঠেৰে বনোৱা চটা সামগ্ৰী এবিধেৰে লুটিয়াই দিয়া চাইছো। আদিবাসীসকলে যাৰ খেতিপথাৰত ৰায়তী ব্যৱস্থাত অতযুগে খেতি কৰি আহিছে, তেওঁলোকৰে কোনোবা প্ৰহৰীে নিশ্চয়কৈ চকু দি আছে। তেওঁলোক আহি দুৱাৰডলিত শস্যৰ ভাগ বিচাৰি উপস্থিত হ’বই। ৰাজ্যখনত ভূ-সংস্কাৰ কৰা হৈছে যদিও তেওঁলোকে এতিয়াও নিজৰ শস্যৰ ভাগ জমিদাৰক দিবলগীয়া হয়।
মূল পথটোৰ পৰা কিছুদূৰত গাঁৱৰ কাষত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰো দৃষ্টি সেই মাটিতে নিবদ্ধ। পাঁচটা দশক পুৰণি গণহত্যাৰ স্মৃতিত স্থাপন কৰা স্মৃতিসৌধৰ পৰা তেওঁলোকে চাই আছে। গেট লগোৱা পথাৰ এখনত মাৰ্বকৰ ফলকত ১৪ জন লোকৰ নাম লিখা আছে যাক ১৯৭১ৰ ২২ নৱেম্বৰত তেওঁলোকৰ জমিদাৰে নিষ্ঠুৰভাৱে হত্যা কৰিছিল।
“গোটেই গাঁওখন সমাধিস্থল হৈ পৰিছিল। প্ৰতিঘৰ মানুহৰ পৰা আৰ্তনাদ আৰু ধোঁৱা ভাঁহি আহিছিল। মানুহক সান্তনা দিয়াৰ ভাষা নাইকিয়া হৈ গৈছিল। সিহঁতে (জমিদাৰৰ নিজা সেনা) ৪৫ টা ঘৰৰ জ্বলাই ছাৰখাৰ কৰিছিল।” কৈশোৰ কালত দেখা সেই গণহত্যাৰ কথা শিৱনাৰায়ণৰ স্মৃতিৰ পৰা মচ খোৱা নাই। এতিয়াও বিহাৰৰ তেওঁৰ অঞ্চলটোৰ পৰা তেনে কথাবোৰ বেছি এটা সলনি হোৱা নাই।
তেতিয়াও “মাটিৰ কাৰণেই সংগ্ৰাম চলিছিল,” এতিয়া ৭০ বছৰ বয়সীয়া শিৱনাৰায়ণ মুৰ্মুৱে কয়। তেওঁ গণহত্যাত নিজৰ দুজনকৈ আত্মীয় হেৰুৱাইছিল। “সুৰ্যাস্ত হোৱা নাছিল।” আমি ২০২৫ৰ জুলাইত কথা পাতোতে তেওঁ অন্য এখন জগতৰ কথা ক’বলৈ ধৰে। “সিহঁত একেবাৰে সুসজ্জিত হৈ আহিছিল। হাতত আছিল বন্দুক, লাঠী, দা-কুঠাৰ। এফালৰ পৰা আমাৰ ঘৰবোৰ জ্বলাই গৈছিল। ঘৰৰ ভিতৰত যদি কোনোবা আছিল, তাকো ভিতৰতে জীয়াই জীয়াই জ্বলাই দিছিল,” তেওঁ কয়।
কিন্তু শিৱনাৰায়ানৰ জীৱনৰ মানসিক আঘাত সিমানতে শেষ হোৱা নাছিল। সেই ঘাঁ আকৌ সতেজ হৈ পৰিছিল যেতিয়া গণহত্যাৰ সাত বছৰ পিছত তেওঁৰ পিতৃ লখন লাল হেমব্ৰমক হত্যা কৰা হৈছিল। তেওঁৰ বয়স আছিল মুঠে ১০ বছৰ। “তেওঁ শিক্ষিত লোক আছিল। চাওতাল আদিবাসীৰ মাটিৰ মালিকীস্বত্বৰ বাবে আদালতত যুঁজ দিছিল। এবাৰ তেওঁ জমিদাৰৰ ফালৰ মানুহক আগবঢ়াই দিবলৈ গৈ কোনোদিন ঘূৰি নাহিল। তিনিদিন পিছত তেওঁৰ মৃতদেহ পোৱা গ’ল। তেওঁৰ গল ৰেপি হত্যা কৰি ঘৰৰ পৰা চাৰি কিলোমিটাৰমান দূৰত পেলাই থোৱা হৈছিল।” সেই অপৰাধৰ বাবে কাৰো শাস্তি নহ’ল।
যেতিয়া পুৰ্ণিয়াৰ গণহত্যাৰ এটা দশক পিছত নিম্ন আদালত এখনে গোচৰটোত অভিযুক্ত ২৫ৰ পৰা ৩০ জন জমিদাৰক ২০ বছৰৰ কাৰাবাস বিহে, তেতিয়া শিৱনাৰায়ণে প্ৰথমবাৰৰ বাবে ভাবিছিল যে সময় চাগে সলনি হৈছে।
কিন্তু সেয়া কাহিনীৰ আধাভাগহে আছিল।















