বাগদুৱাৰ প্ৰাথমিক বিদ্যালয়ৰ পুৰণি স্কুলঘৰটোৰ সন্মুখত থিয় হৈ তেওঁ সেই স্কুলীয়া দিনবোৰ মনত পেলায়। পঢ়া-শুনাত তেওঁ কেতিয়াও মন বহাব নোৱাৰিলে। গাঁৱৰ আনবোৰ ল’ৰাৰ দৰে কেৱল মধ্যাহ্ন ভোজনৰ বাবেই তেওঁ বাপতেইল গাঁৱৰ পৰা ডেৰ কিলোমিটাৰ দূৰৰ এই স্কুলখনলৈ আহিছিল।
“স্কুলত কাৰ লগত যে মোৰ কাজিয়া লগা নাছিল। একোকে শিকিব পৰা নাছিলো। সদায় ছাৰহঁতৰ বেতৰ কোব খাইছিলো। তেনেকৈ পঞ্চমমানতে পঢ়া এৰিলো। সেই সময়ত বম্বে (মুম্বাই)লৈ যোৱাৰ বৰ মন আছিল,” ২৪ বছৰীয়া নবীন ঠাকুৰে কয়। এতিয়া তেওঁ সপোনৰ চহৰখনৰ পৰা তপন ব্লকৰ নিজ গাঁৱলৈ পৰিয়ালৰ বিয়া এখন খাবলৈ আহিছে। মুম্বাইত মজদুৰ হিচাপে কাম কৰা নবীনৰ ১১ বছৰ হ’ল।
“তেতিয়াৰ দিনত খৰিয়াপাৰাৰ প্ৰায়ভাগ শিশুৰে মাক-দেউতাক আছিল কৃষিশ্ৰমিক আৰু দিনহাজিৰা কৰা লোক। সেয়ে ল’ৰা-ছোৱালীবোৰে প্ৰাথমিক বিদ্যালয়মানতে পঢ়া এৰি কামৰ সন্ধান কৰিছিল,” তেওঁ কয়। “কিন্তু কাম পাবলৈ নাছিল। সিহঁত আঠ কি নবছৰীয়া শিশুৱে হওঁক বা পঞ্চাশ বছৰীয়া লোক, জীৱিকাৰ সন্ধানত সকলোৱে ওলাই যাবলগীয়া হৈছিল। আমাৰনো আৰু কি উপায় আছিল?” নিজকে নিজে প্ৰশ্ন কৰাৰ দৰে নবীনে কয়।
























