মৰুভূমিৰ একেবাৰে সীমান্তত থকা গাওঁখনক গুজৰাটী ভাষাত ৰন বুলি কয়। মোৰ সন্মুখত আছে এজন মানুহ। কেঁৰাচকুৱা, পকা চুলি, ভৰিৰ ছালবোৰ ফাটিছে, টান হৈ পৰিছে, গাল আৰু ওঠৰ ৰং একেই। গাত নিমখ লাগি আছে। মানুহে দেখিলেই চিনিব পাৰে, তেওঁ এগৰাকী আগাৰিয়া, লোণডোবাত কাম কৰা শ্ৰমিক।
খাৰাঘোড়া মৰুভূমিত বালি নাই, আছে কেৱল নিমখীয়া মাটি। বাৰিষা পানীৰে ঠাইখন ভৰি পৰে। তাৰপিছত থাকি যায় কেৱল নিমখীয়া মাটি। তেতিয়া ইটো দিনৰ সৈতে আগন্তুক দিনটোৰ পাৰাস্তম্ভ বঢ়োৱাক লৈ প্ৰতিযোগিতাহে চলে। গোটেই মৰুভূমিখন শুকান মাটিৰে ভৰি পৰে। দুৰ-দুৰণিলৈ আপুনি গছ এডাল নেদেখিব। অ’ত-তত দুই এডাল গুল্মজাতীয় উদ্ভিত চকুত পৰিব। ইমানখিনি বৰ্ণনা শুনিয়ে চাগে আপোনাৰ অনাগ্ৰহ জন্মিছে। ভাবকচোন তেনে এটা পৰিৱেশত কাম কৰাৰ কথা! যিমান খোজ কাঢ়িলেও আপুনি কোনো এটা স্থানত উপস্থিত হোৱা যেন অনুভৱ নকৰিব, সকলো ঠাই একেই যেন লাগিব। তেনে এটা পৰিৱেশত জীৱনটো চোঁচৰাই লৈ গৈ থকাৰ বাদে আন কোনো উপায় নাই।
“এই বাট মোৰ অচিনাকি নহয়
তথাপি মই এই মৰুভূমিত হেৰাই যাও।
পূৰ্বপুৰুষৰ বাট মই বুলিছো
তথাপি মই হেৰাইছো আৰু হেৰাইছো”
লোণডোবাত কাম কৰাৰ শ্ৰমিকৰ পৰম্পৰাগত জীৱনৰ দুৰ্দশাৰ কথা বৰ্ণাই ৰনৰ ৬৫ বৰ্ষীয় কবি ডি কে বানিয়াই কৈছে, “এই অঞ্চলৰ প্ৰায় ৯৯ শতাংশ আগাৰিয়া শ্ৰমিক ডি-নটিফাইড জনগোষ্ঠীৰ – চুম্ভলিয়া কোলি।” চুম্ভলিয়া শব্দটি স্থান-নিৰ্দেশক। তেওঁলোক আহিছে আহমেদাবাদ জিলাৰ মহকুমা বিৰামগামৰ উত্তৰ-পূব অংশৰ চুম্ভাল অঞ্চলৰ পৰা। গুজৰাটীত চুম্ভালি শব্দৰ অৰ্থ ৪৪ - ইয়াৰ দ্বাৰা অঞ্চলটোৰ ৪৪ খন গাঁও বুজোৱা হয়। এই জনগোষ্ঠীৰ লোকসকলে দুৰ্দশা আৰু হতাশাত জীৱন নিয়ায়ইছে; প্ৰতিখন ঘৰৰে কাহিনী কেৱল সংগ্ৰামৰ। কিছুমান কাহিনী হৃদয় বিদাৰক। সংঘাতেৰে ভৰা জীৱন জীয়াই থকাসকলে এনে জীৱনক সহজভাৱেই গ্ৰহণ কৰিছে, আনৰ চকুত কাচিৎহে সেয়া ধৰাত পৰে।































