“পথাৰত কাম কৰিবলৈ আহিলে আমি দুপৰীয়াৰ সাজৰ বাবে গাবিয়েয়ে ৰান্ধো,” খেতিয়ক আচিনো মিয়েছিচিয়েনো মেয়াছে কয়। কমকৈ মচলা দিয়া এই আঞ্জাখন ৰান্ধিবলৈ তেনেই কম সংখ্যক সামগ্ৰীৰ প্ৰয়োজন হয়। আটাইবোৰেই খনমাৰ থলুৱা। খেতিপথাৰত এই শাক-পাতবোৰ তেনেই সহজে উপলব্ধ।
“কেতিয়াবা আমি গালহো (লুথুৰি)ও বনাওঁ,” ৩৬ বছৰীয়া আচিনোৱে পাৰিক কয়। তেওঁ ভাতৰ সৈতে সতেজ বনৰীয়া শাক-পাত, থলুৱা মচলা আৰু জুইৰ ধোঁৱাত শুকুৱা গাহৰিৰ মাংস বা গৰুৰ মাংস সিজাই লুথুৰিৰ দৰে সুস্বাদু ব্যঞ্জনবিধৰ উল্লেখ কৰি তেওঁ কয়। “এয়াই আংগামিসকলৰ বিশেষ খাদ্য।”
শীতৰ এক আমেজভৰা পুৱা আচিনোৱে তেওঁৰ প্ৰিয় বন্ধু উটছোনো মেৰুৰ সৈতে খনমাৰ ঝুমখেতিৰ পথাৰলৈ যোৱা এটা ঠেক পথেৰে খোজ কাঢ়ি গৈ আছিল। নাগালেণ্ডত পাহাৰৰ এঢলীয়া ঠাইত ঝুমখেতি কৰা হয়। খোজ কাঢ়ি গৈ থকাৰ মাজে মাজে তেওঁলোকে শাক-পাত ছিগিছে। হাঁহি-ধেমালিৰে আগবাঢ়িছে। “আমি দুয়ো খুবেই ভাল বন্ধু,” আচিনোৱে কয়। “একেলগে থকা সময়খিনিত আমি আটাইতকৈ বেছি সুখী হওঁ।” সেয়ে দুয়োৱে ঝুমখেতিলৈ আহোতে সময় মিলাই গোট খায় আৰু কাম কৰে।
৪২ বছৰীয়া উটছোনোৱে তেওঁৰ হাতত থকা সতেজ শাক-পাতৰ মুঠিটো দেখুৱাই তেনয়িদিয়ে ভাষাত সিবোৰৰ নাম ইটোৰ পিছত সিটো কৈ যায়: গাথা (বনৰীয়া বিহলঙনি), গাগেই (মধুসোলেং), খামহু (ৱাইল্ড পেৰিলা) আৰু গাক্ৰা (Oenanthe javanica)।
“আমি গাথাখিনি ভোট জলকীয়াৰ সৈতে কুটি লৈ চাটনি বনাই গাবিয়েৰ সৈতে খাম। বাকীখিনি শাক গাবিয়েত দিয়া হ’ব। ৰৈ যোৱাখিনি পিছত ৰান্ধিবলৈ ঘৰলৈ লৈ যাম,” তেওঁ বুজাই কয়।






