হাতুৰীডালেৰে ৰঘুবীৰ বিশ্বকৰ্মাই লোৰ পাটত নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আঘাত কৰি যাওতে একপ্ৰকাৰ ছন্দৰ সৃষ্টি হৈছে – খুটুক, খুটুক, খুটুক। তাৰপিছত সৰু হাতুৰি এডালেৰে কোবাওতে টুক টুক কৰা আন এক সংগীতৰ লহৰ কাণত সোমাইছে। তেওঁ বনাবলৈ লৈছে টিলিঙা – টিলিঙাটোৰ পৃষ্ঠভাগ যাতে মসৃণ হৈ পৰে, সেয়ে তেওঁ সেই সৰু হাতুৰিডালেৰে সাৱধানে কোবাইছে।
“এয়া টিলিঙা নহয়, গৰু-ম’হৰ গলৰ অলংকাৰ,” গৌৰৱ কৰি ৰঘুবীৰে কয়। “সোণাৰীয়ে যিদৰে মানুহৰ বাবে অলংকাৰ গঢ়ে, আমি গৰু-ম’হৰ বাবে তেনেকৈয়ে অলংকাৰ গঢ়ো।”
ঝাৰখণ্ডৰ পালামু জিলাৰ বাৰাওঁ গাঁৱৰ ৰামগঢ় তোলাত গৰু-ম’হৰ টিলিঙা বনোৱা ৭৬ বৰ্ষীয় এইজন অন্যতম প্ৰবীণ হস্তশিল্পী। বাৰাওঁ গাঁৱৰ এই তোলাটো টিলিঙা বনোৱা ফেক্টৰিৰ দৰে – ইয়াত প্ৰায়বোৰ মানুহেই টিলিঙা বনোৱা কাম জানে।
“হামৰা বাপ দাদা সব য়হি কৰ ৰহা থা। হম তৌ নিপঢ় আদমী হ্যে, থেপাধাৰী হ্যে, বিচৱাচ নহী কৰিয়েগা [আমাৰ পিতাই-ককাহঁতে এই কামকে কৰিছিল। মই নিৰক্ষৰ, টিপচহী মৰা মানুহ, আপুনি চাগে বিশ্বাস নকৰিব,]” পঞ্চম প্ৰজন্মৰ শিল্পীগৰাকীয়ে কয়।
শীতকালৰ জেৰেঙা লগা পুৱাৰ ভাগতো ৰঘুবীৰে নিজৰ কেঁচা ঘৰটোৰ বাহিৰত বহি কামত ব্যস্ত হৈ পৰিছে। বহিবলৈ তেওঁ মৰাপাটৰ বস্তা এটা পাৰি লৈছে। বাওঁহাতেৰে ধাতুৰ পাটখন ধৰি লৈছে আৰু সোঁহাতেৰে হাতুৰী ধৰিছে।
বহুযুগ আগৰ পৰাই গৰুৰ গলৰ টিলিঙাক অলংকাৰ হিচাপে বিবেচিত হৈ আহিছে। বিশ্বজুৰি গ্ৰামাঞ্চলৰ জনগোষ্ঠীসমূহে টিলিঙাটোক সাধাৰণ বস্তুতকৈ অধিক মান্যতা দি আহিছে। টিলিঙাৰ বিশেষ এটা ব্যৱহাৰিক দিশ আছে – কৃষকে ঘন অৰণ্যত টিলিঙাৰ শব্দ শুনি তেওঁলোকৰ গৰু-ম’হ ক’ত আছে, সেয়া নিৰ্ণয় কৰে।
প্ৰাচু্য্যময় গ্ৰামীণ জীৱনৰ চিন হিচাপে বিবেচিত এই টিলিঙাৰ চাহিদা এতিয়া মেচিনৰ আগমনে নাইকিয়া কৰি পেলাইছে। এতিয়া আৰু টিলিঙাৰ শব্দ সাধাৰণতে শুনিবলৈ পোৱাটো কঠিন।



















