‘কচোন ক তোৰ মাছৰ দাম’ – পাৰম্পৰিকভাৱে বিয়াত গোৱা এই গীতৰ ধাৰাৰ পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খাই পৰা আৰু প্ৰাসংগিকতা বৰ্তাই ৰখাৰ যি গীতি-পৰম্পৰা, তাৰ এক উৎকৃষ্ট উদাহৰণ। মুন্দ্ৰা তালুকৰ জুমা ৱাঘেৰ, যি নিজে এগৰাকী মাছমৰীয়া, তেওঁ এই গীত গাইছে। গীতটি আনন্দৰ পৰ্বত গোৱা হয়। কিন্তু বৰ্তমান সময়ত সম্প্ৰদায়টোৱে যিদৰে নিজৰ জীৱন-জীৱিকাৰ বাবে যুঁজিবলগীয়া হৈছে, তেনে এক পৰিস্থিতিত এই গীতে নকৈ এক সামাজিক আৰু ৰাজনৈতিক তাৎপৰ্য্য ব্যক্ত কৰিছে।
মুছলিম সম্প্ৰদায়ৰ ৱাঘেৰসকল মৎস্যজীৱি। কচ্ছৰ সৈতে তেওঁলোকৰ সম্পৰ্ক বহু পুৰণি। মাছৰ যেতিয়া উজান উঠে, মাছমৰীয়া সম্প্ৰদায়ৰ পুৰুষ-মহিলা আৰু শিশু সকলোৱে গাঁৱৰ পৰা ওলাই গৈ মুন্দ্ৰা চহৰৰ কাষত থিতাপি লয় আৰু সাগৰত মাছ মাৰিবলৈ তাত অস্থায়ী ঘৰ সাজি ৮ৰ পৰা ৯ মাহ সময় থাকে। পুৰুষে দিনটোৰ বাবে মাছ মাৰি আনে আৰু মহিলাই সেই মাছ ভাগ কৰে, শুকাই লৈ সেই মাছ বিক্ৰী কৰে।
কিন্তু ২০০০ চনৰ পৰা কথাবোৰ সলনি হ’বলৈ ধৰিলে যেতিয়া চৰকাৰে উপকূলীয় অঞ্চলত উদ্যোগীকৰণ আৰু ব্যক্তিগতকৰণত উত্সাহ যোগোৱাত লাগিল। পৰিৱৰ্তন আহিল, তৈল শোধনাগাৰ, চিমেণ্ট আৰু সাৰৰ প্ৰকল্প, লোণডোবাকে ধৰি কেইটামান প্ৰকল্প, বক্সাইট আৰু চূণশিল খনি, নৌবহৰ আদিয়ে সম্প্ৰদায়টোৰ চৌপাশৰ পৰিৱেশ ক্ষতিগ্ৰস্ত কৰিলে।
নিৰ্মাণখণ্ডৰ আগ্ৰাসন আৰু প্ৰদূষণৰ ফলত তেওঁলোকৰ মাছ মৰা ঠাইবোৰ সংকুচিত হৈ আহিবলৈ ধৰিলে। তাৰোপৰি উপকূলীয় পৰিস্থিতিতন্ত্ৰ আৰু জোৱাৰৰ প্ৰাকৃতিক প্ৰৱাহে ছন্দ হেৰুৱালে। মাছ মৰা ঠাই কমি অহাত তেওঁলোকে আগতকৈ কম মাছ পোৱা হ’ল আৰু আগৰ দৰে বিবিধ মাছ জালত নুঠা হ’ল। তাৰোপৰি তেওঁলোকে নিজৰ জীৱন বিপন্ন কৰি সাগৰৰ আৰু অধিক গভীৰতালৈ যাবলগীয়া হ’ল। তাৰোপৰি হেৰাই গ’ল পগড়িয়া শৈলীৰে মাছ ধৰাৰ দৰে পাৰম্পৰিক জ্ঞানৰ অনুশীলন।
বিশ্ববেংকৰ ব্যক্তিগত বিনিয়োগ সংস্থা ইণ্টাৰনেচনেল ফাইনেঞ্চ ক’ৰ্পৰেচন (আইএফচি)য়ে বৃহৎ কয়লা প্ৰকল্প এটালৈ অনুদান আগবঢ়াই মাছমৰীয়াসকলৰ জীৱিকা বিধ্বস্ত কৰাৰ বাবে সংস্থাটোৰ বিৰুদ্ধে প্ৰায় এটা দশক পূৰ্বে এই অঞ্চলৰ মাছমৰীয়াসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংযুক্ত ন্যায়ালয়ত গোচৰ তৰিছিল। অঞ্চলটোত ঘটা ‘উন্নয়ন’ৰ যি প্ৰকৃতি, সি তাত বসবাস কৰা এই সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী (এছ.ই.বি.চি.)ৰ অন্তৰ্গত এই কচ্ছভূমিৰ নিবাসী সম্প্ৰদায়টোক বিপন্ন কৰি তুলিছে। দুটা দশকৰো অধিক সময় যি সংকটৰ তেওঁলোক সন্মুখীন হৈ আহিছে, তাক ই গুৰুতৰ কৰি তুলিছে।



