“আমি ধনী মানুহ নহয়, দেখিছেই। কিন্তু আলহীৰ সেৱা-শুশ্ৰুষা কেনেকৈ কৰিব লাগে, সেয়া ভালদৰে জানো। সেয়ে আহকচোন ক্ষন্তেক,” লখপত তালুকৰ মৰি গাঁৱৰ কৰিমে কয়। দুকুৰি বয়সৰ কৰিমৰ দৰে ফকিৰানী জাটসকলৰ জীৱন প্ৰণালী এই প্ৰতিবেদকে পাৰিৰ বাবে বহুবছৰ ধৰি নথিবদ্ধকৰণ কৰি আহিছে। সাৱলা পীৰ মেলাৰ পিছত লখপতৰ পৰা বিদায় ল’বলৈ ওলোৱাত তেওঁ মোক বিদায় দিয়াৰ সময়ত এই প্ৰতিবেদকক তেওঁ ঈদ উদযাপনৰ বাবে নিমন্ত্ৰণ দিছিল। সেয়া আছিল ২০২৪ৰ মাৰ্চ মাহ আৰু এয়া ২০২৫ৰ মাৰ্চ পৰিছে। কৰিম ভাইৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আকৌ এবাৰ গুজৰাটৰ কচ্ছৰ মৰি যোৱাৰ পথত।
সাৱতি ধৰি কৰিম ভাইয়ে মোক আদৰিছে। “আপুনি অহাই আমি নথৈ আনন্দিত হৈছো,” চেনেহ আৰু আৱেগভৰা কণ্ঠেৰে তেওঁ মোক কয়। “ৰমজানৰ অন্তিম নামাজ পঢ়াৰ আগত মোৰ হাতত অলপ সময় আছে, আহক এপাক মাৰি আহো।” মৰি গাওঁখনৰ নিজস্ব এক সৌন্দৰ্য্য আছে। এখন মুক্ত ভূমি য’ত দূৰ সীমান্তত কেইশাৰীমান কেক্টাছৰ বাদে আন একোৱেই চকুত নপৰে। আবেলি হৈছে যদিও বেলি মাৰ যোৱা নাই। কচ্ছ ভূমিৰ এজাক মৃদু বতাহে আপোনাক কঁপাই তুলিব।
সৰু পুখুৰী এটাৰ এচুকত ৰৈ আমি ডুবিব ধৰা বেলিটো চাই ৰৈছো। “মই গাড়ীবোৰ বিক্ৰী কৰিলোঁ,” কৰিম ভাইয়ে লাহেকৈ কয়। “মোৰ এতিয়াও ২০০ উট আছে, সেয়া মোৰ সৰুটো ল’ৰাই চৰায়।” তেওঁ ক্ষণিক থমকি ৰৈ গল খেকাৰি আকৌ কয়, “আবেলিৰ নামাজৰ সময় হৈছে। কাইলৈ ঈদ। অভিযোগ কৰি থকাৰ কোনো অৰ্থ নাই। সকলোৱে মিলি আনন্দ-উৎসৱত ভাগ লওঁ আহক।”










