“হাবিলৈ যাওতে যদি আপুনি লগত ঘূংঘু লৈ যায়, আপোনাৰ ওপৰত কেতিয়াও বজ্ৰপাত নপৰে,” ঝাৰখণ্ডৰ গুমলা জিলাৰ কুজাম গাওঁ নিবাসী সুখানী অসুৰে কয়। ঘূংঘু হৈছে অঞ্চলটোৰ সহজলভ্য মালু গছ (মেৰমেৰী লতা, ইংৰাজীত Phanera vahlii) পাতেৰে তৈয়াৰী এক ধৰণৰ ছাতি।
ঘূংঘু গোটেই বছৰটোতে প্ৰয়োজন হয়। গ্ৰীষ্মকালত ই লু (এবিধ গৰম বতাহ)ৰ পৰা ৰক্ষা কৰে। আকৌ শীতকালি হাড়কঁপোৱা বতাহৰ পৰা। বাৰিষা বৰষুণৰ পৰা ৰক্ষা কৰে। আটাইতকৈ ডাঙৰ কথাটো হৈছে ঘূংঘু পিন্ধাৰ পিছত দুয়োখন হাতেই মুকলি হৈ থাকে।
সুখানীয়ে ঘূংঘু বনাবলৈ শিকিছিল শৈশৱতে, মাকৰ পৰা। “আগতে আমি আটায়ে হাবিৰ পৰা মালু গছৰ পাত সংগ্ৰহ কৰি আনি ঘূংঘু বনাইছিলো,” ৫৬ বছৰ বয়সীয়া মহিলাগৰাকীয়ে কয়। “কিন্তু এতিয়া খুব কমেইহে এয়া ব্যৱহাৰ কৰে আৰু মুষ্টিমেয় কেইগৰাকীমানে বনায়।”
সুখানী অসুৰ সম্প্ৰদায়ৰ মহিলা। এই সম্প্ৰদায়টো ৰাজ্যখনত বিশেষভাৱে দুৰ্বল জনজাতীয় গোট চমুকৈ পিভিটিজি হিচাপে তালিকাভুক্ত। তেওঁলোকৰ পৰিয়ালে নিজা ১০ একৰ মাটিত ঘাইকৈ ধান, মাকৈ আৰু গুণ্ডলী নামে বাজৰাজাতীয় শস্যৰ খেতি কৰে।
সুখানীৰ তিনিটা কোঠালীৰ কেঁচা ঘৰটোৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত আৰম্ভ হৈছে বিষুণপুৰ বনাঞ্চল। সুখানীৰ লগতে পৰিয়ালটোৰ আন ১২ গৰাকী সদস্য সেই ঘৰটোত থাকে। কুজাম গাঁৱৰ বাসিন্দাসকলে খৰি, ফল-মূল আদি সংগ্ৰহৰ পৰা আৰম্ভ কৰি গৰু চৰোৱা আৰু আন বিভিন্ন দিশত হাবিখনৰ ওপৰত নিৰ্ভৰশীল। সুখানীয়ে কয়, “হামৰা ৰৌজী ৰৌটি সব য়হী হ্যে (আমাৰ পেটৰ ভাতমুঠি এই হাবিখন)।”
























