“এইখিনি ঠাইতে এনেকৈ তুষাৰপাত হৈছিল যে মই পোত যাব ধৰিছিলো। মৰিম বুলিয়েই ধৰি লৈছিলো।”
চাৰাপে টাংলাং লা মাউণ্টেইন গিৰিপথত সাগৰপৃষ্ঠৰ পৰা ১৭,৪৮০ ফুট উচ্চতাত হোৱা প্ৰচুৰ তুষাৰপাতৰ দিনটো মনত পেলায়। “আনবোৰ শ্ৰমিকে মোক বচাবলৈ লৱৰি আহিল,” তেওঁ কয়। ভাগ্য ভাল যে সেনাৰ হস্পিতালখন কাষতে আছিল, তালৈকে তেওঁক ততাতয়াকৈ লৈ যোৱা হ’ল।
চাৰাপৰ দৰে লাডাখৰ সুউচ্চ পৰ্বতৰ পথৰ কাম কৰা শ্ৰমিকে তেনে ধৰণৰ অনিশ্চিত বতৰ আৰু তাৰ পিছে পিছে অহা বিপদাশংকা লৈয়ে কাম কৰি আহিছে। উষ্ণতা প্ৰায়ে হিমাংক পাৰ হয়। কিন্তু যোৱা দুটা দশকত আৰু বেছি শীত পৰিছে। “জলবায়ু পৰিৱৰ্তনৰ শেহতীয়াকৈ অধিক তুষাৰপাত হোৱাৰ ফলত বিপদাংশকা বাঢ়ি গৈছে,” লেহ জিলাৰ গিয়া গাঁৱৰ এগৰাকী বাসিন্দা চাৰাপে কয়।
অঞ্চলটোৰ দ্বিতীয় সৰ্বোচ্চ গিৰিপথ তাংলাং লা পুনৰাই খুলিবলৈ চাৰাপ আৰু তেওঁৰ লগৰ শ্ৰমিকৰ গোটে কাম কৰিবই লাগিব। অক্টোবৰৰ পৰা মে’ মাহলৈ তাত অতিপাত শীত পৰে আৰু বতৰ অতিশয় প্ৰতিকূল হৈ পৰে। টাংলাং লা খোলা মানে লেহৰ পৰা মানালিলৈ ৪২৮ কিলোমিটাৰ দীঘল ৰাজপথটো খোল খোৱা আৰু ট্ৰেফিক সুষম গতিত চলা। এই বাটত চাৰিটা গিৰিপথ আছে আৰু তাৰে আটাইতকৈ ডাঙৰ গিৰিপথটো হৈছে টাংলাং লা। ইয়াৰ পৰা নয়নভিৰাম দৃশ্য দেখিবলৈ পোৱা যায় যদিও শীতৰ প্ৰকোপ ইমানেই বেছি আৰু বতাহ ইমানেই বলে যে তাত ১০ৰ পৰা ১৫ মিনিটতকৈ অধিক সময় থিয় হৈ থাকিব নোৱাৰি।


















