মহিলাই পাচি লৈ গৈ থকা, হাতত কুঠাৰ লৈ থকা পুৰুষ, হাল বাই থকা খেতিয়ক, গৌঢ় মাৰিয়াৰ ছন্দত নাচি থকা ডেকা-গাভৰু – মুঠতে গোণ্ড আদিবাসী সমাজখনক গঢ়বেংগলৰ এই কেঁচা ঘৰটোতে কাঠত ফুটাই তোলা হয়। বাঁহ বেৰ দিয়া এই ঘৰটো আছে নাৰায়ণপুৰ জিলাৰ ঘন চিৰসেউজ অৰণ্যাঞ্চলত। অলপতে কাটি থোৱা কাঠৰ টুকুৰাবোৰৰ পৰা উষ্ম, মাটিৰ লেখীয়া সজীৱ গন্ধ আহি নাকত লাগিছে। টুকুৰা কিছুমানত ইতিমধ্যে খোদাই কৰা হৈছে, আনবোৰ বাকী আছে। প্ৰতিটো টুকুৰাই যেন কাহিনী এটা কৈ আছে, কিছুমানে ক’বলৈ ৰৈ আছে। কাঠ কটা, মিহি কৰা সা-সঁজুলি, কাঠ আৰু তেওঁৰ তাত শিকিবলৈ অহা প্ৰশিক্ষাৰ্থীয়ে আগুৰি থকা জ্যেষ্ঠ শিল্পী পাণ্ডি ৰামেও তেওঁৰ কাহিনী কোৱাৰ বাবে ৰৈ আছে।
তপিনা পাৰি বহি হাউলি কাঠৰ সৰু টুকুৰা এটা কাটি আছে। চেফটি গ্লাচ পিন্ধি পাণ্ডি ৰামে চানি পৰা চকুৰে শিল্পকৰ্ম এটাক অন্তিম ৰূপ দিয়াৰ কামত লাগি আছে। তেওঁ মাজে-সময়ে তেওঁৰ বিশেষ সঁজুলিবোৰ যেনে চেনি, ত্ৰিকোণ, ৰেগি, পাতাচি, হাথোৰি আদি স্থানীয় নামেৰে কৈ গৈছে। তেওঁ হাতেৰে খোদাই কৰি থকাৰ সময়ত মাজে-সময়ে শিক্ষাৰ্থীসকলক তেওঁৰ মাতৃভাষা গোণ্ডিত বুজাই গৈছে আৰু সাৱধান হ’বলৈ কৈছে। হাতুৰিৰ প্ৰতিটো কোবতে বটালি কাঠত সোমাই গৈছে আৰু মুৰিয়া গোণ্ড আদিবাসী সম্প্ৰদায়ৰ তেওঁৰ প্ৰজন্মটোৰ অৰণ্যৰ সৈতে থকা সম্পৰ্ক তাত ফুটি উঠাৰ দিশে আগবাঢ়িছে।
এতিয়া তেওঁ এনে কামত লাগি থকাটো তেওঁৰ নিজৰ বাবে কষ্টকৰ, কিন্তু আঁতৰি থকাটো আৰু বেছি কষ্টকৰ। “তেওঁ কাঠ এটুকুৰা চুব পালেই হ’ল, কাঠ টুকুৰা কেনে, কোনখিনিত কাম কৰিব লাগিব, আটাইখিনি কৈ দিব পাৰে,” তেওঁৰ পুত্ৰ তথা এগৰাকী শিল্পী বলদেৱে কয়। “এই শিল্প মোৰ বাবে নিজৰ উশাহ যিমান জৰুৰী, সিমানেই জৰুৰী,” পাণ্ডি ৰামে কয়। “এই কাম এৰিব লাগিলে মই জীয়াইও নাথাকিম চাগে।” কাঠ কটা, মিহি কৰা, ভাস্কৰ্য্য খোদাই কৰা কামত চাৰি-পাঁচজন লোক ব্যস্ত হৈ থকাৰ মাজতে তেওঁ বাৰাণ্ডাতে বহি কথাখিনি কয়।
“আগতে এইটো কাম কেৱল গাঁৱৰ বস্তু বুলি ভাবিছিলোঁ। কিন্তু চহৰৰ মানুহে যেতিয়া মোৰ এই কাম শলাগিবলৈ ধৰিলে, মই ভাবিলো যে এয়া দেখোন মোৰ জীৱিকা হ'ব পাৰে। দেউতাৰ পৰা পোৱা দক্ষতাক লাহে লাহে নিখুঁত কৰি এই কামকে মোৰ জীৱন হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত তেনেকৈয়ে লৈ পেলালো,” পাণ্ডি ৰামে কয়। তেওঁৰ ৩৫ বছৰীয়া অনুশীলন তেওঁৰ সম্প্ৰদায়ৰ প্ৰাচুৰ্য্যময় ঐতিহ্য আৰু কাঠত খোদাই কৰা যুগ যুগ ধৰি চলি অহা পৰম্পৰাগত কলাক জীয়াই ৰখাৰ বাবে উৎসৰ্গিত। কাঠ আৰু তাৰ পৰা তৈয়াৰী ঘৰুৱা আৰু শোভাবৰ্ধক দুয়োধৰণৰ সামগ্ৰীয়েই মানুহৰ ঘৰ, অনুষ্ঠান-প্ৰতিষ্ঠান, উৎসৱ-পাৰ্বনকে ধৰি সম্প্ৰদায়টোৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে, কিন্তু জীৱিকা অৱলম্বনৰ উপায় নহয়।


























