গ্ৰামীণ হাৰিয়ানাত আলোচনাত বহা স্থানত হোকা নাই মানে সেই মেল আধৰুৱা। “হুকাহ কে সহাৰে পঞ্চায়ত চলতি ৰেয়া কৰতি (হোকাৰ বলতহে পঞ্চায়ত চলিছিল),” গাঁৱৰ মেলে-মিটিঙে হোকা এটাই সদায়ে স্থান পোৱাৰ দিনবোৰ মনত পেলাই ৰোহতাচে কয়।
“চাহ-পানী গোটেই দিনটো নিটিকে, কিন্তু হোকা বৰ কামৰ বস্তু - এবাৰ ধঁপাত ভৰাই জ্বলাই ল’লে সি এটা বেলা চলিব। পাঁচৰ পৰা দহজনে একেলগে বহি কেবাঘণ্টালৈ ধঁপাত হুপি থাকিব পাৰে। সময় কেতিয়া বাগৰে ক’বই নোৱাৰে,” ৰোহতাচে (কেৱল নামটোহে তেওঁ ব্যৱহাৰ কৰে) যোগ দিয়ে।
চল্লিশ বৰ্ষীয় কাৰিকৰগৰাকীয়ে কওতে মিচিকীয়াই হাঁহি এটা মাৰে, “এতিয়া প্ৰতিখন ঘৰৰেই নিজা চৌপাল (গাঁৱৰ সামূহিক স্থান) আছে আৰু ঘৰে ঘৰে নিজা হোকা আছে।” কামৰ পৰা সামান্য বিৰতিৰ সময়ত তেওঁ এহোপা মাৰি লৈ পাৰিৰ সৈতে কথা পাতিছে - এই অভ্যাস তেওঁ ১২ বছৰ আগৰে, যেতিয়া এই কাম তেওঁ হাতত লৈছিল, তেতিয়াৰে।
হোকাৰ আৰম্ভণি মোগল সাম্ৰাজ্যৰ দিনতে ১৬শ শতিকাত হৈছিল বুলি কোৱা হয়। কিছুমানৰ মতে মোগল সাম্ৰাজ্যৰ তৃতীয়জন সম্ৰাট আকবৰে প্ৰথম হোকা ব্যৱহাৰ কৰিছিল। আন ঐতিহাসিক তথ্য মতে হোকাৰ মুলতঃ কেন্দ্ৰীয় আৰু পশ্চিম এছিয়াৰ পৰা অহা বুলি কোৱা হয়।
সি যি কি নহওক, হাৰিয়ানাৰ মানুহৰ বাবে হোকা মানেই আনন্দৰ পৰম্পৰা, “ই আমাৰ সংস্কৃতিৰ এক অংশ। ডাঙৰ কিবা সিদ্ধান্ত ল’বলগীয়া থাকিলে হোকা হুপি থকাৰ মাজতে লোৱা হয়,” ধৰমবীৰে কয়।




















