“হাৰিয়ানা, পাঞ্জাব হু লেগে জয়ছালমেৰ তক ছাৰো দেশ মাৰো পাগা হু নেপেড়ু হে (হাৰিয়ানা, পাঞ্জাৱৰ পৰা জয়ছালমেৰলৈকে সমগ্ৰ দেশ আমি খোজ কাঢ়িয়েই ঘূৰি শেষ কৰিছোঁ),” ভাদৰ ভোপাই এইদৰে কয়৷ উত্তৰ-পশ্চিম ৰাজস্থানৰ এই ৬৫ বছৰীয়া বৃদ্ধগৰাকী নিজৰ ঘৰৰ ওচৰৰে এজোপা গছৰ তলত বহি আছে৷ তেওঁ লগতে কয়, “আমি নোযোৱা কোনো ঠায়েই বাকী নাই৷”
গুজৰাট আৰু ৰাজস্থানত বাস কৰা যাযাবৰী ভোপা সম্প্ৰদায়ৰ এগৰাকী সদস্য হিচাপে ভাদৰে তেওঁৰ জীৱনৰ অধিকাংশ সময় দেশখনৰ বিভিন্ন প্ৰান্ত ভ্ৰমি বাঁহ আৰু নাৰিকলৰ খোলাৰে নিৰ্মিত বাদ্যযন্ত্ৰ ৰাৱণহাত্থা বজায়েই কটালে। তেওঁ পাৰিক এইদৰে কয়, “আমি এখন ঠাইৰ পৰা আন এখন ঠাই ভ্ৰমি ফুৰিছিলোঁ, তাতে আছিলোঁ, গান-বাজনা পৰিৱেশন কৰিছিলোঁ আৰু তাৰ পিছত আকৌ আন এখন ঠাইলৈ আগবাঢ়ি গৈছিলোঁ৷”
অৱশেষত, ১১ বছৰ পূৰ্বে ভাদৰ আৰু তেওঁৰ পাঁচোজন সন্তানে চুৰু জিলাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়৷ সম্প্ৰতি ধীৰৱাস বাৰাৰ বাসিন্দা ভাদৰে কয়, “মই সেই জীৱনৰ (যাযাবৰী জীৱন)ৰ পৰা ভাগৰি পৰিছিলোঁ, সেয়েহে এখন গাঁৱত স্থায়ীভাৱে থিতাপি ল’লোঁ৷” তেওঁ এই গাঁওখনকে বসবাসৰ বাবে বাচি লৈছিল কাৰণ তেওঁ ইয়াৰ মাজেৰে আগেয়ে বহুবাৰ অহা-যোৱা কৰিছিল আৰু ইয়াৰ মানুহবোৰো চিনাকি হৈ পৰিছিল৷ মোৰ ককাদেউতাই ভোপা পৰিয়ালবোৰক ভ্ৰমণকাৰী সংগীতশিল্পী হিচাপে আমাৰ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা দেখাৰ কথা মনত পেলায়৷
পৰিয়ালটোৱে নিজকে নায়ক সম্প্ৰদায় (অনুসূচীত জাতি হিচাপে তালিকাভুক্ত)ৰ সৈতে জড়িত বুলি গণ্য কৰে যদিও ৰাজস্থানত ভোপাসকলক অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি) হিচাপে গণ্য কৰা হয়৷ ইফালে নায়কসকলেও তেওঁলোকক নিজৰ সম্প্ৰদায়ৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ ইতঃস্ততবোধ কৰে৷
প্ৰথম অৱস্থাত ধীৰৱাস বাৰাত মাটি কিনাটো বৰ ব্যয়বহুল আছিল৷ সেয়ে তেওঁলোকে প্ৰথম দুবছৰ গাঁওখনৰ একেবাৰে দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰিছিল৷ ভাদৰ ভোপাৰ পুত্ৰ ভঁৱৰ লালে কয়, “পিছত আমি গাঁও পঞ্চায়তৰ মুৰব্বীৰ ওচৰ চাপিলোঁ আৰু তেওঁ আমাক এই প্ৰায় এবিঘা আৰু তিনি বিছৱা (প্ৰায় ০.৭৫ একৰ) মাটিখিনিত থকাৰ সুবিধা কৰি দিলে৷”
ধীৰৱাস বাৰা গাঁৱৰ মূল বাছ আস্থানৰ পৰা দক্ষিণ দিশে পথাৰলৈ যোৱা কেঁচা ৰাস্তাটোৰে খোজ কাঢ়ি গৈ থাকিলে দুখন শ্মশান পাৰ হ’ব লগা হয়৷ প্ৰথমখন স্বামী সম্প্ৰদায়ে (অন্যান্য পিছপৰা শ্ৰেণী হিচাপে শ্ৰেণীভুক্ত) ব্যৱহাৰ কৰে আৰু তাৰ কিছু নিলগত থকা আনখন অনুসূচীত জাতিৰ লোকসকলে ব্যৱহাৰ কৰে৷ ৰাস্তাটোৱে শ্মশান ঘাট দুখনক আনটো পাৰে থকা দলিত মহল্লা (চুবুৰী)ৰ পৰা পৃথক কৰি ৰাখিছে৷ আৰু ইয়াৰ সিপাৰে আছে হড্ডৱাৰ - য’ত মৃত গৰু-ম’হবোৰ পেলোৱা হয়৷
এই হড্ডৱাৰৰে এটা অংশত অস্থায়ীভাৱে সাজি লোৱা ঘৰসমূহত ভাদৰ ভোপাৰ প্ৰায় ৫০ জনীয়া যৌথ পৰিয়ালটোৱে বাস কৰে৷ তেওঁলোকে এতিয়া এক স্থায়ী জীৱন অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছে যিটো তেওঁলোকৰ পূৰ্বৰ জীৱনধাৰাতকৈ সম্পূৰ্ণ পৃথক৷










