অনুবাদক: ধ্ৰুৱজ্যোতি ধনন্তৰি


Sonbhadra, Uttar Pradesh
|MON, JUN 16, 2025
বন অধিকাৰ হাচিলৰ সংগ্ৰাম
Author
Text Editor
Translator

Sweta Daga
উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ মাঝৌলি গাঁৱত ভূমি আৰু বন অধিকাৰৰ যুঁজখনত আদিবাসী সমাজৰ লোকসকলক সংগঠিত কৰি তোলা কামত নিয়োজিত হোৱা সুকালো গণ্ডই কয়, “জীৱনত প্ৰথমবাৰৰ বাবে নিজকে শক্তিশালী যেন অনুভৱ হৈছিল।”
অল ইণ্ডিয়া ইউনিয়ন অৱ ফৰেষ্ট ৱৰ্কিং পিপলৰ সদস্য সুকালো গণ্ড সংগঠনটোৰ সক্ৰিয় কৰ্মী হিচাপে প্ৰয়োজনীয় ফোন কৰা, মেলে-মিটিঙে যোৱা আৰু ৰেলীত ভাগ লোৱা, আদালতলৈ তাঁতবাতি কাঢ়া (পঢ়ক: ‘সিদিনা জেইল যাবলগীয়া হ’ব, জানিছিলো...’) সুকালোৰ দিনটো আৰম্ভ হয় পুৱা ৫ বজাতে। প্ৰতিদিনে পূবে ধলফাট নৌদিওতেই তেওঁ শোৱাপাটী এৰে আৰু গৰু-ছাগলীক দানা দিয়ে, ৰন্ধা-বঢ়া আৰু সৰা-মচাৰ কামেৰে দিনটোৰ প্ৰস্তুতি চলায়।
ছবিত তেওঁক দেখা গৈছে ভেণ্ডি কাটি থকা। কাষতে থোৱা আছে তেওঁৰ ফোনটো, কিয়নো সংগঠনৰ সদস্য এজনৰ কল আহিব। চুবুৰীয়াৰ এটি শিশুৱে কেমেৰাৰ ফালে চাই ৰৈছে।
(এই প্ৰতিবেদকে সুকালোক ২০১৮ৰ ৮ জুনত পুনৰ আটক কৰি জেইললৈ প্ৰেৰণ কৰাৰ আগেয়ে লগ পাইছিল।)
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/at-the-cutting-edge-of-forest-rights-struggles-as

