শ্ৰীনাথ সিং খাৰৱাৰে আধৌৰাৰ ঘন অৰণ্যৰ সেই নীৰৱতাৰ কথা মনত পেলায়, যেতিয়া তেওঁ আৰু তেওঁৰ লগৰীয়াই তেন্দু পাত (Diospyros melanoxylon) সংগ্ৰহ কৰিবলৈ হাবিত সোমাইছিল। সেই নীৰৱতা ভংগ হৈছিল সমনীয়াৰ কথা-বতৰা আৰু গীতেৰে মুখৰিত হৈ পৰিছিল। শ্ৰীনাথে সেই আনন্দৰে ভৰা দিনবোৰৰ কথা মনত পেলাই কয়, “ঘৰৰ পৰা ভাত-পানী লৈ গৈছিলো। আমাৰ মাজৰ হাঁহি-ধেমালীৰে হাবিখন সজীৱ হৈ পৰিছিল।”
এয়া প্ৰায় আঢ়ৈ দশক আগৰ কথা। ৪৭ বছৰীয়া শ্ৰীনাথ সেই দূৰ অতীতৰ কথা এই প্ৰতিবেদকৰ সৈতে ভাগ-বতৰা কৰিছে। আমি আধৌৰা পাহাৰলৈ বুলি যোৱা এখন বাছত বহি আছো। বাছখন ৰাতিপুৱাই বিহাৰৰ দক্ষিণদিশত স্থিত কৈমুৰৰ ভভুৱা চহৰৰ পৰা যাত্ৰা কৰিছিলো। আমাৰ সহযাত্ৰীসকলৰ সৰহ সংখ্যকেই আদিবাসী। তেওঁলোকে কামৰ সন্ধানত বাহিৰলৈ প্ৰব্ৰজন কৰিছিল আৰু এতিয়া নিজৰ গাঁৱলৈ ঘূৰি আহিছে।
শ্ৰীনাথ নিজৰ গাঁও চানপুৰালৈ উভতি আহিছে। তেওঁ বৰ্তমান বিহাৰৰ পৰা কৰ্তন কৰি সৃষ্টি হোৱা চুবুৰীয়া ৰাজ্য ঝাৰখণ্ডৰ পটৰাতুৰ এটা চিমেন্ট কাৰখানাত কাম কৰে। ইয়াৰ পূৰ্বে তেওঁ দিল্লী আৰু মহাৰাষ্ট্ৰৰ দৰে দূৰৈৰ ৰাজ্যৰ কাৰখানাতো কাম কৰিছিল। কিন্তু এতিয়া দূৰলৈ যাবলৈ এৰিছে। শ্ৰীনাথে লগতে কয়, “দিল্লী বা মহাৰাষ্ট্ৰতকৈ পটৰাতুৰ পৰা ঘৰলৈ অহা সহজ।”
বাছখন অকোৱা-পকোৱা সৰ্পিল পথেৰে পাহাৰবোৰ বগাই গৈ থকাৰ মাজতে ধীৰে ধীৰে বেলিটো ওলাই আহিল। গোটেই পথছোৱাতে ক্ৰান্তীয় শুকান মিশ্ৰিত পৰ্ণপাতী আৰু শাল গছবোৰে নিজৰ হালধীয়া হৈ পৰা পাতবোৰ সৰি গছবোৰ লঠঙা হৈ পৰিছে। পাহাৰলৈ উঠাৰ কেইমিনিটমানৰ ভিতৰতে ম’বাইল নেটৱৰ্ক শূন্য হৈ পৰিল। কেৱল বিএছএনএল (ভাৰত সঞ্চাৰ নিগম লিমিটেড)ৰ নেটৱৰ্কহে ইয়াত চলে।


















