লক্ষ্মণ বৈঠাত খুলশালিয়েকে খবৰ দিলে যে তেওঁৰ ঘৈণীয়েকৰ অৱস্থা ভাল নহয়, সেয়ে তেওঁ ততালিকে ৰেলত উঠি ঘৰলৈ উভতি আহিল।
প্ৰব্ৰজিত শ্ৰমিক ৫০ বৰ্ষীয় লক্ষ্মণে শিল কটা ফেক্টৰি এটাত কাম কৰিবলৈ প্ৰায়ে বিহাৰৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ যায়। তেওঁৰ পত্নীৰ অসুখৰ খবৰ পাই তেওঁ ততালিকে আন-ৰিজাৰ্ভড টিকট এটা কাটি ঘৰমুৱা হ’ল। ২০০০ কিলোমিটাৰ বাট অতিক্ৰম কৰি পশ্চিম চম্পাৰণ জিলাৰ জিমৰি গাঁৱলৈ আহোতে তেওঁক দুটা দিন লাগিল।
ঘৰ আহি পাই তেওঁ একপ্ৰকাৰ সকাহ পালে, পত্নীৰ অৱস্থা ভাললৈ আহিছে। কিন্তু তেওঁ গিৰীয়েকক সাবতি ধৰি উচুপিবলৈ ধৰিলে। “মই একো বুজি পোৱা নাছিলো। মই মোৰ পত্নীক সুধিলো কিয় তাই কান্দিছে,” ঘটনাটো মনত পেলাই তেওঁ কয়।
“বাঘে আমাৰ ল’ৰাটো মাৰিলে,” চন্দাৱতী দেৱীয়ে কঁপা কঁপা মাতেৰে তেওঁক ক’লে। ৪৭ বৰ্ষীয় তেওঁ এই বাতৰি পাই থিতাতে মূৰ্চ্ছা গ’ল, সেয়ে তেওঁৰ গিৰীয়েক আহিবলগীয়া হৈছিল।






