নিজৰ এক একৰ আঙুৰৰ বাগিচাখনত এবাৰ সোমোৱাৰ পিছত তেওঁক আৰু কোনেও হাতত ধৰি বাট দেখুৱাব নালাগে। গোটেই বাগিচাখন তেওঁৰ নখদৰ্পণত। তেওঁৰ বন্ধু সন্তোষ হিংমিৰে তেওঁৰ কাষৰ পৰা আঁতৰি দিয়ে। এতিয়া তেওঁ চকুৰে দেখাতকৈ অনুমানৰ ভিত্তিতহে আগবাঢ়িব। ৩১ বছৰীয়া মালোজী দৃষ্টিগতভাৱে বাধাগ্ৰস্ত, কিন্তু তেওঁৰ নিজৰ খেতিখন তেওঁ স্পৰ্শৰে চিনে।
“এই ঠানিডাল দেখিছে?” আঙুৰৰ লতা এডাল বগোৱা লোৰ খুঁটাটোলৈ দেখুৱাই তেওঁ সোধে।
“কোনডাল?” আমি অলপ অনিশ্চয়তাৰে সুধিলো, বিস্মিতও হৈছো।
কথাটোত হাঁহি এটা মাৰি মালোজীয়ে আগলৈ সামান্য হাউলি সৰু পোখা এটা হাতেৰে আলফুলকৈ ধৰিছে, তাৰ পাঁচটা পাত একেবাৰে আগফালে মেৰ খাই আছে। হাতখন লাহেকৈ ফুৰাই তেওঁ মৃদুকৈ কৈছে, “ইয়াৰ কন্দ নোলাব। শিপাবোৰ বেয়া হৈ গৈছে। কেবামাহ ভালকৈ ৰ’দ পোৱা নাই।”
সেই সৰু লতাডালেই তেওঁৰ গোটেই বাগানখনৰ অৱস্থাটো বুজাই দিয়ে। তেওঁ পিতৃ-মাতৃ ধনাজী আৰু পুষ্পাবাইৰ পৰা পোৱা পাঁচ একৰ জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিৰ এক একৰত তেওঁৰ এই আঙুৰৰ খেতিখন আছে। এইবছৰ আঙুৰ নাপাম। খেতিৰ কুঁহিয়াৰৰ পোখা আৰু আন আন ফলৰ গছবোৰ মৰি যাব ধৰিছে। পৰিয়ালটোৱে হিচাপ কৰা মতে তেওঁলোকৰ দহ লাখ টকা লোকচান হ’ব। তেওঁলোক আৰ্থিকভাৱে এটা দশক পিছপৰি যাব।
বাগানখনৰ এই বিধ্বংসী অৱস্থা হৈছে ২০২৫ৰ বাৰিষাৰ দিনত হোৱা অতিবৃষ্টি। তাত বৰষুণ এৰিবই খোজা নাছিল। কেৱল জামগাঁৱতে নহয়। গোটেই সোলাপুৰ জিলাত। চুবুৰীয়া বীড় বা ধাৰাশিৱ জিলা সকলোতে। ২০২৫ৰ নৱেম্বৰৰ আৰম্ভণিৰ ভাগত ছয়াবিন আৰু আঙুৰৰ খেতি নষ্ট হৈ গৈছিল। খৰাং প্ৰৱণ এলেকাটোত সাধাৰণতে বছৰটোৰ এইটো সময়ত শুকাই থকা সৰু সৰু জান-জুৰিবোৰ ওফন্দি পৰিছিল।
২০২৫ৰ মে’ৰ মাজভাগৰ পৰা অক্টোবৰৰ শেষভাগলৈকে পশ্চিম মহাৰাষ্ট্ৰ আৰু মাৰাঠৱাড়া অঞ্চলত দীৰ্ঘদিনীয়া নিৰন্তৰ বৃষ্টিপাত হৈছিল। ১৯ৰ পৰা ২৫ অক্টোবৰৰ কালছোৱাত পৰিস্থিতি নাটকীয়ভাৱে সলনি হৈ গৈছিল যেতিয়া ডাৱৰ-বিস্ফোৰণ আৰু হঠাতে অহা বানপানীয়ে পথাৰৰ শস্য, বাগিচা, মাটি উটুৱাই লৈ গৈছিল। পশুধনৰো ক্ষতি হৈছিল, কোনো কোনো ঠাইত মানুহেও প্ৰাণ হেৰুৱাইছিল। সোলাপুৰ জিলাত চৰকাৰী তথ্য অনুসৰি ৪৭ হাজাৰ হেক্টৰ খেতিমাটিৰ শস্য সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল।













