ফোনটো বাজি উঠাৰ লগে লগে ২০ বছৰীয়া কিৰিটে ডেক্সটপটোৰ সন্মুখত আহি বহে। হেডফোন লগাই লৈ ডায়েৰি বহীটো খুলি কলম-কাগজ লৈ তেওঁ সাজু হয়।
“নমস্কাৰ, শিৱাৰ হেল্পলাইন,” তেওঁ শান্ত আৰু গহীন মাতেৰে কয়।
ফোনৰ সিপাৰে আছে আদ-বয়সীয়া এগৰাকী মহিলা কৃষক পাৰ্বতী। ঘৰ মহাৰাষ্ট্ৰৰ নন্দেড় জিলাত।
“আপোনাক মই কিদৰে সহায় কৰিব পাৰো?” মাৰাঠী ভাষাতে কিৰিটে সোধে। পুণেৰ এখন কলেজৰ মনোবিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত কিৰিটৰ ঘৰ পাৰভানিৰ এখন গাঁৱত।
পাৰ্বতীয়ে সংকোচ কৰিছে, তেওঁৰ মাতটো কঁপিছে।
“বৰষুণে আমাৰ সকলো শস্য নষ্ট কৰি পেলালে,” তেওঁ কোনোমতে সাহস গোটাই ক’বলৈ লৈছে। “ছ’য়াবিন, দাইল... ছাগলী আটাইবোৰ গ’ল। এতিয়া একো কামো নাই।” পৰিয়ালটোৰ সুস্থিৰ আয়ৰ আটাকেইটা উৎস - খেতি, পশুধন, ঋতুভিত্তিক মজদুৰী আটাইবোৰ বৰষুণে কাঢ়ি নিলে। ঋণবোৰ অপৰিশোধিত হৈ ৰ’ল, পৰিয়ালটো নিৰাশাত মজ্জিত হ’ল। পাৰ্বতীয়ে সুধিছে যে অহা ৰবি শস্যৰ বাবে মগুমাহৰ বীজ তেওঁ দিব পাৰিব নেকি।
“বীজখিনি পালে অন্ততঃ গ্ৰীষ্মৰ দিনকেইটা আমি চলিব পাৰিম,” তেওঁ মৃদুকৈ যুক্তিও দিছে।

























