বিয়াৰ পিছত ৰীণা পাৰ্তেতীয়ে প্ৰথমবাৰৰ বাবে লোনাদেই গাঁৱত থকা তেওঁৰ স্বামীগৃহত ঘৰত ভৰি দি আচৰিত হৈ পৰিছিল।
‘‘পৰিয়ালৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰেও আমাৰ মাতৃভাষা (গণ্ডী) সাৱলীলভাৱে ক’ব পাৰিছিল,” তেওঁ মনত পেলায়৷ আনহাতে, ৩৪ বছৰীয়া আদিবাসী খেতিয়ক ৰীণাই নিজৰ গণ্ড সম্প্ৰদায়ৰ ভাষাটো প্ৰায় বুজিয়েই নাপাইছিল, কিয়নো তেওঁৰ নিজৰ গাঁৱত (ময়া) কোনেও গণ্ডী ভাষাত কথা নকৈছিল৷
লোনাদেইৰ প্ৰায় ৮০ শতাংশ লোক গণ্ড সম্প্ৰদায়ৰ৷ ৰীণাই কয়, ‘‘আনকি গণ্ড সম্প্ৰদায়ৰ নোহোৱা লোকসকলেও ইয়াত গণ্ডী ভাষা সলসলীয়াকৈ ক'ব পাৰে৷’’
ৰীণাৰ ভতিজা-ভতিজীহঁতে কেতিয়াবা তেওঁক জোকাইছিল, ‘‘মামী কো গণ্ডী বোলতে নেহী আতি, চাচী কো গণ্ডী বোলতে নেহী আতি’’ (মামীয়ে গণ্ডী ক’ব নাজানে, খুৰীয়ে গণ্ডী ক’ব নাজানে)! পুৰণি কথাবোৰ সোঁৱৰণ কৰি তেওঁ খিলখিলাই হাঁহে, “আৰম্ভণিতে মোৰ খোকোজা লাগিছিল যদিও লাহে লাহে মই সিহঁতৰ লগত নিজৰ মাতৃভাষাতে কথা পাতিবলৈ আৰম্ভ কৰিছিলো৷’’
গণ্ডী এক দ্ৰাবিড়ীয় ভাষা যিটো এসময়ত কেৱল মধ্যপ্ৰদেশতে নহয়, বৰঞ্চ মধ্য ভাৰতৰ বিভিন্ন প্ৰান্তত বহুলভাৱে প্ৰচলিত আছিল৷ আজি এই ভাষাটোক ইউনেস্ক’ৰ দ্বাৰা ‘সম্ভাব্য বিলুপ্তপ্ৰায়’ ভাষাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে৷ যদিও গণ্ড সম্প্ৰদায়টো ৰাজ্যখনৰ অন্যতম বৃহৎ আদিবাসী সম্প্ৰদায়, তথাপিও তেওঁলোকৰ ভাষাটো বৰ্তমানে অস্তিত্বৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷
















