লোনাডে চৰকাৰী বিদ্যালয়ৰ অন্তিমটো পিৰিয়ড শেষ হৈছে যদিও খেলপথাৰখন খিলখিল হাঁহিৰে এতিয়াও সজীৱ হৈ আছে৷ খেলত যথেষ্ট দৌৰা-দৌৰি কৰাৰ পিছত প্ৰাৰ্থনা পাৰ্টেটি আৰু তাইৰ লগৰীয়াকেইজনী ভাগৰত ফোঁপাই উঠিছে আৰু সামান্য বিশ্ৰাম লৈছে৷ কিন্তু সিহঁতৰ কথা-বতৰাবোৰ এতিয়াও শেষ হোৱা নাই আৰু সেই কথা-বতৰাৰ মাধ্যম হৈছে হিন্দী ভাষা৷
লোনাডে এখন গণ্ড সম্প্ৰদায়ৰ গাঁও হোৱা স্বত্বেও প্ৰাৰ্থনা আৰু তাইৰ বান্ধৱীসকলে হিন্দী ভাষাত কথা পাতে৷ মধ্য প্ৰদেশৰ চিন্দৱাৰা জিলাৰ এই গাঁৱত গণ্ড সম্প্ৰদায়ৰ বাহিৰৰ ব্যক্তিয়েও আনকি গণ্ডি ভাষাত কথা পাতে, কিন্তু প্ৰাৰ্থনা গণ্ড আদিবাসী সম্প্ৰদায়ৰ ছোৱালী হোৱা স্বত্বেও মাজে-সময়েহে নিজৰ মাতৃভাষা ব্যৱহাৰ কৰে৷ ‘‘থোৰা থোৰা বোলনা আতা হে [অলপ অলপ ক’ব পাৰোঁ]’’, অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীজনীয়ে এইদৰে কয়৷
তাইৰ আন বন্ধুবোৰ?
‘‘মই হিন্দীত কথা কওঁ৷ মই গণ্ডী ভাষা নাজানো’’, মানৱী পাৰ্টেটিয়ে এইদৰে কয়৷ ‘‘মইও কেৱল হিন্দীতহে কথা পাতো’’, সমস্বৰে পাৰুল দাহেৰিয়াও কৈ উঠে৷
‘‘সিহঁত আটাইকেইজনীয়ে হিন্দীত কথা পাতে’’, প্ৰাৰ্থনাই তাইৰ লগৰীয়া কেইজনীলৈ আঙুলিয়াই কয়৷ ‘‘সেয়ে মইও হিন্দীত কথা পাতো৷ ইয়াৰে আটায়ে গণ্ডী নাজানে৷’’ যদিওবা তাই গণ্ডী ক’বলৈ নাজানে, ঘৰত কিন্তু পৰিয়ালৰ লোকে এই ভাষাত কথা-বতৰা পতা তাই শুনে৷ তাইৰ আন এগৰাকী বান্ধৱী অমিতা আহাকেয়ে কয়,‘‘মোৰ দেউতাই ঘৰত গণ্ডী ভাষা কয়৷’’
মধ্য প্ৰদেশৰ মুঠ জনজাতি সম্প্ৰদায়ৰ এক তৃতীয়াংশতকৈও অধিক হ’ল এই গণ্ডী সম্প্ৰদায়ৰ লোকসকল৷ ২০১৩ৰ ভাৰতৰ অনুসূচীত জনজাতিৰ পৰিসাংখ্যিক প্ৰফাইল অনুসৰি গণ্ডী সম্প্ৰদায়ৰ অধিবাসীৰ সংখ্যা ৫০,৯৩,১২৪ জন হোৱা স্বত্বেও মাত্ৰ অল্পসংখ্যক লোকেহে গণ্ডী ভাষা ব্যৱহাৰ কৰে৷ ইউনেস্ক’য়ে গণ্ডী ভাষাক দ্ৰাৱিড়ীয়ান পৰিয়ালত অন্তৰ্ভুক্ত কৰি বিপন্ন ভাষাৰ তালিকাত তালিকাৱদ্ধ কৰিছে৷
















