বহুতেই প্ৰথমে গৰু-ম’হ কিনে, তাৰপিছতহে পশুখাদ্যৰ কথা চিন্তা কৰে। কিন্তু জছৱিন্দৰ কৌৰ আৰু তেওঁৰ গিৰীয়েক জগছীৰ সিঙে অন্যধৰণে এই দিশত আগবাঢ়িছে।
তেওঁলোকে আগতীয়াকৈ এটা কুপ বনাইছে যিটোত থোৱা কুটা খেৰখিনি খাবলৈ ম’হটো এতিয়াও তেওঁলোকে কিনা নাই। তেওঁলোকে এনে কৰাৰ কাৰণ আছে। কিয়নো তুৰি (ঘেঁহুৰ নৰা কুটি লৈ প্ৰস্তুত কৰা পশুখাদ্য)ৰ দাম এইবছৰ ৭৫ শতাংশ হ্ৰাস পাইছে। ২০২৪ত এক কুইণ্টল তুৰি বিক্ৰী হৈছিল ৮০০ৰ পৰা ১,০০০ টকাত। এইবছৰ সেই দাম কুইণ্টলত কমি ২০০ৰ পৰা ২৫০ টকা হৈছে।
সেয়ে দম্পতিহালে ভাবিলে যে আগতীয়াকৈ তুৰি কিনি সংগ্ৰুৰ জিলাৰ চংগালিৱালা গাঁৱৰ নিজ ঘৰত জমা কৰি থোৱাই ভাল হ’ব।
পৰিয়ালটোত ভালকৈ খুৱাবলগীয়া সদস্য এজনো আছে। তেওঁলোকৰ ২৭ বছৰ বয়সীয়া সন্তান যাৰ কাবাদী ক্ষেত্রখনত চেম্পিয়ন হোৱাৰ সম্ভাৱনাক লৈ তেওঁলোক খুবেই আশাবাদী। এগিলাচ ম’হৰ গাখীৰ নিতৌ যোগাৰ কৰিব পাৰিলে ভাল। “সুষম আহাৰ খাবলৈ পোৱাটো, বিশেষকৈ গাঁৱত কাবাদী খেলা আমাৰ সন্তানটোৰ কাৰণে ভাল,“ ৫০ বছৰ বয়সীয়া জছৱিন্দৰে কয়। দম্পতিহালৰ দুজনী ছোৱালী আছে। এজনীৰ বিয়া হৈছে আৰু আন এঠাইত থাকে। আনগৰাকীৰ নাম গগন (২৫)। তেওঁ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে আৰু কেইবছৰমান আগতে মাকৰ অসুখ হোৱাৰ পিছৰে পৰা ঘৰখন চম্ভালি আছে।
পৰিয়ালটোৱে কুপ এটা বনোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত তেওঁলোকে কুপ বনোৱা জগছীৰ - গুৰমেইল সিঙৰ কাষ চাপে। ষাঠি বছৰ বয়সীয়া গুৰমেইলে কয় যে তেওঁ যোৱা দুকুৰি বছৰত ২,০০০ৰো অধিক কুপ বনাইছে। তেওঁ কয়, “ঘেঁহু চপোৱাৰ পিছৰ দুটা মাহত তেওঁ দিনে দুটাকৈ কুপ বনাইছিল।”
কুপ হৈছে মন্দিৰৰ আকৃতিৰ কুটা নৰাৰ দম, যি খেৰ গৰু-ম’হক খুৱাবলৈ ব্যৱহাৰ কৰা হয়। এটা সময়ত পাঞ্জাৱৰ গ্ৰামাঞ্চলত প্ৰায় ঘৰে ঘৰে পূঁজি আছিল। কিন্তু এতিয়া দুই-এটাহে দেখিব। দিল্লীৰ পৰা পাঞ্জাৱৰ চংগালিৱালালৈ আহোতে পাৰিৰ এই প্ৰতিবেদকে কেইটামানহে কুপ দেখিছিল।



















