এই গাছ , এই ঘৰ , এই মাটিৰ যে মায়া , সেই মায়া লিয়ে আমৰা কুথায় যাব ? আমৰা কুথাও যাব না (এই গছ, এই ঘৰ, এই মাটিৰ যি মোহ, সেই মোহ লৈ আমি ক’লৈ যাম)?’’

খং আৰু দুখত একপ্ৰকাৰ জৰ্জৰিত হৈ পৰিছে আপনকুঁড়ি হেমব্রম। "এই গোটেইখিনি মোৰ," পথাৰখনৰ ইটো মূৰৰ পৰা আনটো মূৰলৈ চাই এইদৰে ক’লে চাওতাল মহিলাগৰাকীয়ে। ''মোৰ নিজা মাটি আছে,’’ আন এটুকুৰা মাটিলৈ আঙুলিয়াই দেখুৱাই আকৌ ক’লে ৪০ বৰ্ষীয় আপনকুঁড়িয়ে। আদিবাসী মহিলাগৰাকীয়ে নিজৰ ৫-৬ বিঘা মাটিত ধানখেতি কৰি আহিছে।

''ইমান বছৰে মই যিমানখিনি কৰিলো সেই আটাইবোৰ চৰকাৰে দিব পাৰিবনে?’’ পশ্চিমবংগৰ বীৰভূম জিলাৰ দেওচা-পাঁচামি ৰাজ্যিক কয়লা খনি প্ৰকল্পই হেমব্ৰমৰ হৰিশিঙা গাঁওখনৰ লগতে ১০খন গাঁও একপ্ৰকাৰ গ্ৰাস কৰি পেলাইছে।

''এই সকলোবোৰ এৰি আমি যাম ক’লৈ? আমি ক’লৈকো নাযাও,’’ ক্ষোভেৰে কৈছিল আপনকুঁড়িয়ে। খনি বিৰোধী আন্দোলনত প্ৰধান ভূমিকা লোৱাসকলৰ মাজৰ অন্যতম আপনকুঁড়ি। আৰক্ষী আৰু শাসকীয় দলৰ ভেৰোণীয়া বাহিনীৰ বিৰুদ্ধে তেওঁৰ দৰে আন মহিলাসকলে সভা, প্ৰতিবাদী সমদল আদিৰো আয়োজন কৰি আহিছে। কেতিয়াবা কেতিয়াবা তেওঁলোকে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি হাতত হেতা, ঝাড়ু, নলীয়া কটাৰী আদিও তুলি লৈছে।

শীতৰ দুপৰীয়াৰ ৰ’দে হৰিণশিঙা গাঁওখন উজলাই তুলিছিল। আপনকুঁড়িয়ে গাঁওখনলৈ সোমোৱা বাটটোৰ প্ৰথমতেই থকা চুবুৰীয়া লবছাৰ ঘৰৰ চোতালত থিয় হৈ কথাবোৰ কৈ গৈছিল।

''মাটি লাগে যদি চৰকাৰে আমাক মাৰি পেলাব লাগিব,’’ আগদিনা ৰাতিয়েই ৰান্ধি থোৱা ভাত আৰু তৰকাৰীৰে দুপৰীয়াৰ সাজ খাই থকাৰ মাজতে মাত লগাইছিল লাবছা হেমব্ৰমে। ৪০ বছৰীয়া লবছাই শিলৰ কুঁৱেৰী এটাত কাম কৰে। এনে শিলৰ কুঁৱেৰীৰ দিন হাজিৰা ২০০ৰ পৰা ৫০০ টকাৰ ভিতৰত।

Women at work in the fields. Most of the families in these villages own agricultural land where they primarily cultivate paddy. It was harvest time when the artist visited Deocha
PHOTO • Labani Jangi

খেতি-বাতিত ব্যস্ত মহিলাসকল। ইয়াৰ গাঁৱৰ অধিকাংশ পৰিয়ালৰেই খেতিৰ মাটি আছে। মূলত তেঁওলোকে ধানখেতি কৰে। শিল্পীয়ে যেতিয়া দেওচালৈ গৈছিল তেতিয়া আছিল ধান কটাৰ সময়

হৰিণশিঙা গাঁওখনৰ মুঠ জনসংখ্যাৰ অধিকাংশই হৈছে আদিবাসী। গাঁওখনত ওড়িশাৰ পৰা বহু বছৰ পূৰ্বে আহি থিতাপি লোৱা কিছু দলিত হিন্দু আৰু উচ্চবৰ্ণৰ শ্ৰমিকো আছে।

দৈত্যকাৰ দেওচা-পাঁচামি-দেৱানগঞ্জ-হৰিণশিঙা কয়লা ব্লকৰ ওপৰতে আছে আপনকুঁড়ি, লবছাহঁতৰ মাটিখিনি। জিলা প্ৰশাসনৰ মতে শীঘ্ৰেই খনন আৰম্ভ হ’বলগীয়া পশ্চিমবংগ শক্তি উন্নয়ন নিগমৰ অধীনস্থ ১২.৩১ বৰ্গ কিলোমিটাৰ ( ৩৪০০ একৰ ) ক্ষেত্ৰ আগুৰি থকা এই কয়লা খনি এছিয়াৰ ভিতৰতে বৃহত্তম আৰু বিশ্বৰ ভিতৰতে দ্বিতীয় মুকলি কয়লা খনি।

এই খনি প্ৰকল্পটোৰ কৰাল গ্ৰাসত পৰিব বীৰভূম জিলাৰ মহম্মদ বজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাটগাচা, মকদমনগৰ, বাহাদুৰগঞ্জ, হৰিণশিঙা, চান্দা, শালুকা, দেৱানগঞ্জ, আলিনগৰ, কাবিলনগৰ আৰু নিশ্চিন্তপুৰ অঞ্চলৰ ভূমি।

ইয়াৰ মহিলাসকলো দেওচা-পাঁচামিৰ খনি বিৰোধী আন্দোলনৰ অংশ হৈ পৰিছে। ''আমি [গাঁওবোৰ] এইবাৰ একত্ৰিত হৈছো। বাহিৰা মানুহৰ হাতলৈ এই মাটি যাবলৈ নিদিও। আমি বুকু পাতি দি হ’লেও আমাৰ মাটি সুৰক্ষিত কৰি ৰাখিমেই,’’ লবছাই কয়।

এই খনি প্ৰকল্পই পশ্চিমবংগক অহা ১০০ বছৰৰ বাবে উন্নয়নৰ পোহৰেৰে পোহৰাই তুলিব বুলি চৰকাৰী পক্ষই দাবী কৰি অহাৰ সময়তে আপনকুঁড়ি-লবছাহঁতৰ দৰে হাজাৰ হাজাৰ গাঁওবাসীৰ ভেটি-মাটি উছন যোৱাৰ উপক্ৰম হৈ পৰিছে।

এই উন্নয়নৰ 'পোহৰ’ৰ চৌপাশে যেন নিমজ্জিত হৈ পৰিছে অন্ধকাৰ। এই আন্ধাৰ হয়তো কয়লাৰ দৰেই হৈ পৰিছে। পৰিৱেশৰ ওপৰতো পৰিব এই প্ৰকল্পৰ বিৰূপ প্ৰভাৱ।

Women leading the protest movement against the Deocha-Pachami coal mine
PHOTO • Labani Jangi

দেওচা-পাঁচামিৰ কয়লা-খনি বিৰোধী আন্দোলনত অগ্ৰণী ভূমিকা লৈছে মহিলাসকলে

২০২১ চনৰ ডিচেম্বৰত পশ্চিমবংগৰ পৰিৱেশকৰ্মীসহ আন বহু বিশিষ্ট লোকে এই কয়লাখনিৰ বিৰুদ্ধে এক বিবৃতি দিছিল। উক্ত বিবৃতিত উল্লেখ কৰা হৈছে, ''মুকলি কয়লা খনিত লাখ লাখ বছৰ ধৰি সৃষ্টি হোৱা মাটিৰ স্তৰ (টপ ছয়েল) চিৰদিনৰ বাবে নাইকিয়া হৈ বৰ্জ্য পাহাৰত পৰিণত হয়। কেৱল মাত্ৰ ধ্বংসই নহয়, ইয়াৰ ফলত স্থলজ আৰু জলজ পৰিস্থিতি তন্ত্ৰৰো ব্যাপক ক্ষতি হয়। বৰষুণৰ সময়ত সেই মাটিৰ স্তুপ বৈ গৈ ওচৰৰ নদ-নদীৰ গভীৰত পৰাত অনাকাংক্ষিত বানপানীৰো সৃষ্টি কৰে। […] এই মাটিৰ স্তুপৰ ফলত ভূগৰ্ভৰ জলপ্ৰবাহত ব্যাঘাত জন্মাৰ পলত সেই অঞ্চলৰ লগতে এক বিস্তীৰ্ণ অঞ্চলৰ কৃষি-বনজ উৎপাদন আৰু নদী-পৰিৱেশগত ভাৰসাম্য বিনষ্ট কৰিব পাৰে।’’

লাঠি-ঝাড়ুৰ উপৰিও ধামছা আৰু মাদলেৰেও প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদী মহিলাসকলে। ধামছা-মাদল কেৱল যে বাদ্যযন্ত্ৰ তেনে নহয়, এয়া আদিবাসী লোকসকলৰ সংগ্ৰামী জীৱনৰো অবিচ্ছেদ্য অংগস্বৰূপ। জীৱন আৰু সংগ্ৰামৰ প্ৰতীক এই ধামছা-মাদলৰ তালে তালে প্ৰতিধ্বনিত হৈছে তেওঁলোকৰ শ্ল’গান — “আবুয়া দিসম, আবুয়া ৰাজ [আমাৰ দেশ, আমাৰ ৰাজত্ব]”।

এই অঞ্চলটোৰ মহিলাসকলৰ লগতে আন সংগ্ৰামী লোকসকলৰ দুখ-দুৰ্দশাৰ বিষয়ে জানিবলৈ মই উপস্থিত হৈছিল দেওচা-পাঁচামি অঞ্চলত। ইলাষ্ট্ৰেশ্যনৰ জৰিয়তে তেওঁলোকৰ সেই প্ৰতিবাদৰ কথা লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছো। তেওঁলোকৰ মুখেৰে শুনিছিলো চৰকাৰৰ হাজাৰ প্ৰতিশ্ৰুতিৰ কথা — সকলোৰে বাবে ঘৰ, পুনৰ্বাসন কল’নিত পকী পথ, খোৱা পানী, বিদ্যুৎ সংযোগ, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়, পৰিবহণ ব্যৱস্থা আদি।

স্বাধীনতাৰ ইমান বছৰৰ পিছতো যিবোৰ মৌলিক অধিকাৰ হোৱা উচিত আছিল, সেইবোৰেই আজি এনেদৰে দৰদামৰ হাতিয়াৰ হৈ পৰাতো পৰিহাসৰ বাদে আন একোৱেই নহয়।

মাটি নিদিয়াৰ কথাত অটল গাঁওবাসীৰ বহুতেই বীৰভূম ভূমি-জীৱন-জীৱিকা-প্ৰকৃতি ৰক্ষা মহাসভাৰ সৈতে জড়িত হৈ পৰিছে। ভূমি অধিগ্ৰহণ বিৰোধী লোকসকলৰ এই আন্দোলনক সমৰ্থন জনাবলৈ নগৰাঞ্চলৰ পৰাও বহু লোক আহিছে, লগতে মানৱাধিকাৰ সংগঠন, জয় কিষাণ আন্দোলন, একুশেৰ ডাক আৰু চিপিআইএমএলৰ দৰে দল-সংগঠনো আছে।

হৰিণশিঙা গাঁৱৰ সুশীলা ৰাউতে তেওঁৰ ফটা ত্ৰিপালৰে নিৰ্মাণ কৰা অস্থায়ী শৌচাগাৰটোলৈ দেখুৱাই হাঁহি হাঁহি কৈছিল, ''এইটোৰ ফটোখন তুলি চৰকাৰক দেখালেই হ’ল।’’

Sushila Raut and her husband are Odiya migrants, working at the stone crusher. Their makeshift house doesn't have a toilet
PHOTO • Labani Jangi

ক্ৰাছাৰ-শ্ৰমিক সুশীলা ৰাউত আৰু তেওঁৰ স্বামী দুয়ো ওড়িশাৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিত। তেওঁলোকৰ অস্থায়ী জুপুৰীত শৌচাগাৰ বুলিবলৈ একোৱেই নাই

খোজকাঢ়ি গ’লে ইয়াৰ পৰা প্ৰায় এঘণ্টা লগা দেৱানগঞ্জ গাঁৱত আমি লগ পাইছিলো অষ্টম শ্ৰেণীত পঢ়ি থকা হুছনাহাৰাক। ''ইমানদিনে আমাৰ কথা চৰকাৰে ভবাই নাছিল। এতিয়া আমাৰ ঘৰৰ তলত কয়লা আছে বুলি কৈছে। এই ঘৰ এৰি আমি যামেই বা ক’লৈ?’’ দেওচা গৌৰাংগিনী হাইস্কুলৰ ছাত্ৰীগৰাকীৰ প্ৰশ্ন।

বিদ্যালয়লৈ অহা-যোৱা কৰোতেই হুছনাহাৰাৰ তিনিঘণ্টা সময় পাৰ হয়। ছাত্ৰীগৰাকীয়ে জনোৱামতে হাইস্কুল বাদেই গাঁওখনত এখন এল.পি. স্কুলো আজিলৈ চৰকাৰে স্থাপন কৰা নাই। ''অকলে অকলে ইমান দূৰ স্কুললৈ যাওতে মোৰ বৰ ভয় লাগে, কিন্তু মই পঢ়া আধাতে এৰি দিব নোৱাৰো,’’ ছাত্ৰীগৰাকীয়ে কয়। লকডাউনৰ সময়ত তাইৰ বহু বন্ধু-বান্ধৱীয়েই স্কুললৈ যাবলৈ এৰি দিছিল। ''আজিকালি আমাৰ অঞ্চলটো বাহিৰা মানুহেৰে আৰু ৰাস্তাবোৰ আৰক্ষীৰে ভৰি পৰিছে, সেয়ে ঘৰৰ মানুহে বহুতকৈ ভয় খাইছে আৰু ময়ো স্কুললৈ যাব পৰা নাই।’’

হুছনাহাৰাৰ আইতাক লালবানু বিবিয়ে ঢেঁকীত পিঠাগুৰি খুন্দিছিল, লগত আছিল হুছনাহাৰাৰ মাক মীনা বিবি, আন্তুমা বিবি আৰু চুবুৰীয়া আন কেবাগৰাকী মহিলা। শীতকালত এইদৰেই পিঠাগুৰি প্ৰস্তুত কৰি সেয়া বিক্ৰী কৰে গাঁৱৰ মহিলাবোৰে। ''আমাৰ দেৱানগঞ্জত ভাল ৰাস্তা, ভাল স্কুল, ভাল হাস্পতাল একোৱেই নাই। কাৰোবাৰ অসুখ হ’লে আমি দেওচালৈ যাবলগীয়া হয়। মাক হ’বলৈ ওলোৱা তিৰোতাবোৰৰ এই ৰাস্তাত কিমান কষ্ট হয় ভগৱানেহে জানে। এতিয়া চৰকাৰে উন্নয়নৰ কথা কৈছে। কিন্তু কিহৰ উন্নয়ন?’’ আন্তুমা বিবিৰ প্ৰশ্ন।

আন্তুমা বিবিয়ে আৰু কয় যে দেৱানগঞ্জৰ পৰা দেওচা হাস্পতাললৈ যাবলৈ এঘণ্টা লাগে। একেবাৰে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বুলিবলৈ আছে পাঁচামি। নহ’লে মহম্মদ বজাৰত থকা চৰকাৰী হাস্পতাললৈ যাবলগীয়া হয়। সেইখন হাস্পতাললৈ যাবলৈকো এঘণ্টা লাগে। যদিহে অসুখ বেছিকৈ হয় তেন্তে ছিউড়িৰ হাস্পতাললৈ যাবলগীয়া হয়।

Sushila Raut and her husband are Odiya migrants, working at the stone crusher. Their makeshift house doesn't have a toilet
PHOTO • Labani Jangi

দেৱানগঞ্জৰ স্কুলীয়া ছাত্ৰী হুছনহাৰাই প্ৰতিদিনে তিনিঘণ্টা চাইকেল চলাই বিদ্যালয়লৈ অহা-যোৱা কৰে। আৰক্ষী আৰু বহিৰাগত লোকসকল ৰাস্তাত ঘূৰা-ঘূৰি কৰি ফুৰিছে, তালৈ পৰোৱা নকৰি স্কুললৈ যায় অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী

Tanzila Bibi is annoyed by the presence of nosy outsiders and says, 'We have only one thing to say, we will not give up our land'
PHOTO • Labani Jangi

বাহিৰা মানুহৰ আগমনৰ ফলত বিৰক্ত হৈ পৰিছে তানজিলা বিবি, তেওঁৰ কথাত, 'আমাৰ এক কথা, আমি নিজৰ মাটি এৰি নিদিও’

এইসকল মহিলাৰ সকলোৰেই স্বামীসকলে শিলৰ কুঁৱেৰীত কাম কৰে আৰু দিনে ৫০০-৬০০ টকা হাজিৰা লাভ কৰে। এই উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল প্ৰতিটো পৰিয়াল। চৰকাৰী সূত্ৰৰ তথ্য অনুযায়ী খনি প্ৰকল্পৰ অঞ্চলটোত ভূমিৰ বিপৰীতে ক্ষতিপূৰণ দিবলগীয়া প্ৰায় ৩০০০ শিলৰ কুঁৱেৰীত কৰ্মৰত শ্ৰমিক আছে।

গাঁৱৰ পৰা স্থানান্তৰিত হ’বলগীয়া হ’লে শিল ভাঙি জীৱন নিৰ্বাহ কৰা ৰাস্তাও নাইকিয়া হৈ পৰিব বুলি শংকিত হৈ পৰিছে স্থানীয় মহিলাসকল। চৰকাৰে চাকৰি প্ৰদানৰ আশ্বাস দিছে যদিও তাক লৈ তেওঁলোক আশ্বস্ত হ’ব পৰা নাই। তেওঁলোকৰ মন্তব্য, ''এই গাঁৱত পঢ়া-শুনা কৰা কিমান ল’ৰা-ছোৱালী এনেই বহি আছে, আৰু কৈছে আমাক চাকৰি দিব, চৰকাৰৰ কথাক আমি বিশ্বাসেই কৰো বা কেনেকৈ?’’

৫২ বছৰীয়া তানজিলা বিবিয়ে ছাগলীৰ পৰা ৰক্ষা পাবলৈ হাতত লাঠি লৈ গাঁৱৰ ৰাস্তাত ধান শুকাই আছিল। আমাক দেখি হাতত লাঠি লৈয়েই আগবাঢ়ি আহিছিল। ''তহঁতে শুনিবি এটা আৰু লিখিবি এটা, কি দৰকাৰত আমাৰ সৈতে এনেকৈ খেলা কৰিবলৈ আহনো তহঁত? আমাৰ ভেটি মাটি আমি এৰি নিদিও, এয়াই আমাৰ শেষ কথা। আমাৰ গাঁৱলৈ পুলিচ আহি আহি আমাৰ জীৱন নৰক কৰি পেলাইছে। এতিয়া আহিব লৈছে সাংবাদিকমখা,’’ তাৰপিছত ডিঙিৰ শিৰ ফুলাই আৰু অলপ উচ্চ স্বৰেৰে কৈ উঠিছিল, ''আমাৰ এটাই কথা, নিজৰ মাটি এৰি নিদিও।’’

২০২১ৰ পৰা ২০২২ চন পৰ্যন্ত তাত যিসকল মহিলাক আমি লগ পাইছিলো, তেওঁলোকৰ বহুতেই চামিল হৈছিল ভূমি অধিকাৰৰ সংগ্ৰামত। ক্ৰমশঃ আন্দোলন স্থবিৰ হৈ পৰিছে, কিন্তু সেই প্ৰতিবাদী কণ্ঠ আজিও হেৰাই যোৱা নাই। এই মহিলাসকলে অন্যায়ৰ বিৰুদ্ধে, শোষণৰ বিৰুদ্ধে, মাটি-পানী আৰু হাবি ৰক্ষাৰ বাবে প্ৰতিবাৰেই গৰজি উঠিছে আৰু গৰজি উঠিব।

There is solidarity among the women who are spearheading the protests
PHOTO • Labani Jangi

সংগ্ৰামৰ নেতৃত্ব দিয়া মহিলাসকলে দাঙি ধৰিছে অপৰিসীম সংহতিৰ নিদৰ্শন

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari